ETV Bharat / entertainment

Pankaj Tripathi: ৩৪০ দিন অভিনয় কৰিব নোৱাৰি- পংকজ ত্ৰিপাঠী

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:55 PM IST

বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা পংকজ ত্ৰিপাঠীক শেহতীয়াকৈ ফুক্ৰে ৩ ছবিখনত দেখা পোৱা গৈছিল । এই ছবিখনত পংকজ ত্ৰিপাঠীৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে । ছবিখনে বক্স অফিচতো ভাল ব্যৱসায় কৰিছে। ইয়াৰ মাজতে শেহতীয়াকৈ অভিনেতাগৰাকীয়ে কয় তেওঁ একাধিক ছবিত অভিনয় কৰি ভাগৰি পৰিছে ৷

In a recent interview actor Pankaj Tripathi says he is tired to do so may films
একাধিক ছবিত অভিনয় কৰি ভাগৰি পৰিছে পংকজ ত্ৰিপাঠী

চিটাৰা ডেস্ক, 2 অক্টোবৰ: পংকজ ত্ৰিপাঠীক বলীউডৰ শ্ৰেষ্ঠ অভিনেতাৰ ভিতৰত গণ্য কৰা হয় । বহু ছবি আৰু ৱেব ছিৰিজত উৎকৃষ্ট অভিনয়ৰ জৰিয়তে দশৰ্কৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে । বৰ্তমান তেওঁ শেহতীয়াকৈ মুক্তি পোৱা ছবি Fukrey 3 ৰ বাবে চৰ্চাত আছে । ইফালে এটা সাক্ষাৎকাৰত তেওঁ কয় যে এতিয়া তেওঁ ভাগৰি পৰিছে, সেয়েহে এতিয়া তেওঁ কম ছবিৰ বাবে চুক্তি কৰে ।

পংকজ ত্ৰিপাঠীয়ে কয়, ‘মই এতিয়া ভাগৰি পৰিছো ৷ সেয়েহে, কম ছবি কৰিবলৈ আৰম্ভ কৰিছো । বহু সময়ত মোৰ লগত এনেকুৱা হয় যে এই শ্বটটো কেতিয়া দিছিলো, কি হৈছিল আৰু কোনখন ছবিৰ বাবে দিছিলো সেয়া মোৰ মনত নাথাকে ৷ যিটো একেবাৰে ঠিক নহয় । ৩৪০ দিন অভিনয় কৰিব নোৱাৰি, কিন্তু মই তাকেই কৰি আছিলো ।"

এই সময়ছোৱাত পংকজ ত্ৰিপাঠীয়ে নিজৰ ছবিৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে তেওঁ যিবোৰ ছবিত কাম কৰিছে সেই ছবিবোৰৰ কাহিনী তেওঁ ভাল পাইছিল আৰু সেয়েহে তেওঁ সেই ছবিবোৰত কাম কৰিছিল । ইয়াৰ সমান্তৰালকৈ পংকজ ত্ৰিপাঠীৰ বিশ্বাস যে যেতিয়া আপুনি ভোকত থাকে তেতিয়া আপুনি বেছিকৈ খায় । তেওঁৰ লগতো একেই কথা হৈছিল । তেওঁ কয়, “মোৰ লগতো একেধৰণৰ ঘটনা ঘটিছিল । যেনে, মোৰ হাতত বহুত কাম আহিছিল আৰু মই বেছিকৈ খাই গৈছিলো ৷”

উল্লেখ্য যে, এতিয়া পংকজ ত্ৰিপাঠীক দেখা যাব ‘ম্যে অটল হু’ ছবিখনত । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনী । ছবিখন পৰিচালনা কৰিছে ৰবি জাধৱে । এই ছবিখনৰ পৰা পংকজৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰ মুকলি কৰা হৈছে ।

শেহতীয়াকৈ পংকজ ত্ৰিপাঠীক মিমি ছবিখনৰ বাবে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদানত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে । বৰ্তমান তেওঁ নিজৰ ছবি OMG 2 ৰ সফলতা উপভোগ কৰি থকাৰ বিপৰীতে তেওঁৰ Fukrey 3 ছবিয়েও ছবিগৃহত ভাল উপাৰ্জন অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Mika Singh on Jacquelines pic: হলিউডৰ অভিনেতাৰ সৈতে জেকলিনৰ ফটো; মিকা সিঙে ক’লে - সুকেশতকৈ ভাল এইজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.