ETV Bharat / entertainment

Hrithik Roshan gf: হাতত হাত থৈ কৰণৰ জন্মদিনৰ পাৰ্টীলৈ সোমাই গ’ল হৃত্বিক-শ্বাবা

author img

By

Published : May 26, 2022, 12:45 PM IST

কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীত উপস্থিত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিলে বলীউড তাৰকা হৃত্বিক ৰোশন আৰু শ্বাবা আজাদে (Hrithik Roshan gf Saba Azad) ৷ হাতত হাত থৈ দুয়ো সোমাই গ’ল পাৰ্টীলৈ ৷ হৃত্বিকৰ প্ৰাক্তন পত্নী চুজেনো উপস্থিত আছিল পাৰ্টীত ৷

karan johar birthday bash
হাতত হাত থৈ কৰণৰ জন্মদিনৰ পাৰ্টীলৈ সোমাই গ’ল হৃত্বিক-শ্বাবা

চিটাৰা ডেস্ক, 26 মে’ : বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে তেওঁৰ ৫০ তম জন্মদিন ২৫ মে’ত উদযাপন কৰে ৷ বলীউডৰ তাৰকাসকলৰ বাবে এটা বিশাল পাৰ্টীৰ আয়োজন কৰিছিল কৰণে । বি-টাউনৰ বহু তাৰকাই এই পাৰ্টীত অংশ লয় । কেটৰিণাই বিকী কৌশলৰ সৈতে এই পাৰ্টীলৈ যোৱাৰ পৰিৱৰ্তে ছলমান খানক অকলেই দেখা গ’ল সকলোৰে মাজত ।

কৰণ জোহৰৰ এই বাৰ্থডে’ পাৰ্টীত বহুতো প্ৰাক্তন বলীউড প্ৰেমিক যুগল একেখন ছাদৰ তলত লগ হৈছিল । কিন্তু বেছিকৈ লাইমলাইট পালে হৃত্বিক ৰোশন আৰু শ্বাবা আজাদে (Saba azad Hrithik Roshan) । জন্মদিনত একেলগে উপস্থিত হোৱাৰ লগে লগে সকলোৰে দৃষ্টি নিৱদ্ধ হৈছিল হৃত্বিক ৰোশন আৰু শ্বাবাৰ ওপৰত (Hrithik Roshan Saba Azad video) ।

কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীত হাতত হাত থৈ সোমাই যোৱা হৃত্বিকৰ ষ্টাইলে শ্বাবা আজাদৰ সৈতে তেওঁৰ সম্পৰ্ক অফিচিয়েল কৰা যেন লাগিছে । এই বছৰৰ আৰম্ভণিতে, হৃত্বিক আৰু শ্বাবাক এখন ৰেষ্টুৰেণ্টৰ বাহিৰত নৈশ ভোজনত দেখা গৈছিল । তেতিয়াৰ পৰাই হৃত্বিক আৰু শ্বাবাৰ সম্পৰ্ককলৈ বলীউড আৰু অনুৰাগীসকলৰ মাজত যথেষ্ট আলোচনা হৈছে ।

শ্বাবাক হৃত্বিকৰ ঘৰত কেইবাবাৰো দেখা গৈছে ৷ কেতিয়াবা দুপৰীয়াৰ আহাৰত নতুবা কেতিয়াবা ৰাতিৰ আহাৰত শ্বাবাই হৃত্বিকৰ পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাইছে । এতিয়া অনুৰাগীসকলে অপেক্ষা কৰি আছে যে হৃত্বিক ৰোশনে কেতিয়া তেওঁৰ নতুন সম্পৰ্কৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিব ।

উল্লেখযোগ্য কথাটো হ’ল হৃত্বিক ৰোশনৰ প্ৰাক্তন পত্নী চুজেন খান তেওঁৰ বৰ্তমানৰ প্ৰেমিক আৰ্ছলান গোনিৰ সৈতে কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীলৈ গৈছিল । হৃত্বিক-শ্বাবা আৰু চুজেন-আৰ্ছলান আকৌ এবাৰ লগ হ’ল একেখন ছাদৰ তলত । ইয়াৰ আগতে, প্ৰেমিকযুগলক গোৱাত অভিনেত্ৰী পূজা বেদীৰ সৈতে পাৰ্টী কৰা দেখা গৈছিল ।

লগতে পঢ়ক: Prithviraj special screening: গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে পৃথ্বীৰাজৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.