ETV Bharat / entertainment

Ashish Vidyarthi: প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাত আশীষ বিদ্যাৰ্থীৰ পুত্ৰ অৰ্থৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল, ক’লে আশীষে - আশীষ বিদ্যাৰ্থী

দ্বিতীয় বিবাহৰ পিচতে লাইমলাইটলৈ আহিছে আশীষ বিদ্যাৰ্থী । এতিয়া তেওঁ দ্বিতীয় বিবাহ সন্দৰ্ভত পুত্ৰ অৰ্থৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

How did Ashish Vidyarthis son Arth react to his divorce from Rajoshi Barua
পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হোৱাত আশীষ বিদ্যাৰ্থীৰ পুত্ৰৰ প্ৰতিক্ৰিয়া কি আছিল
author img

By

Published : Jun 5, 2023, 12:13 PM IST

চিটাৰা ডেস্ক, 5 জুন: শেহতীয়াকৈ আশীষ বিদ্যাৰ্থীৰ দ্বিতীয় বিবাহ সন্দৰ্ভত বহু চৰ্চা চলিছে (Ashish Vidyarthi) । ৬০ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে ব্যৱসায়ী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আশীষ । এই বয়সত দ্বিতীয় বিবাহ কৰাৰ বাবে অভিনেতাগৰাকীক একাংশ লোকে টাৰ্গেট কৰি থকাৰ বিপৰীতে আনফালে কিছু লোকে তেওঁৰ সমৰ্থনত থিয় দিছে । এতিয়া এই সকলোবোৰৰ মাজতে আশীষে প্ৰকাশ কৰিছে যে এই সকলোবোৰ কথাই তেওঁৰ পুত্ৰৰ ওপৰত কি প্ৰভাৱ পেলাইছিল আৰু তেওঁৰ পুত্ৰই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল (Ashish vidyarthi first wife) ।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত আশীষ বিদ্যাৰ্থীয়ে নিজৰ জীৱনৰ কথা কওঁতে কৈছিল, সেই সময়ত তেওঁৰ ভিতৰত বহুত গিল্ট আছিল । পুত্ৰক এনে জীৱন দিব বিচৰা নাছিল ।আশীষ আৰু পূৰ্বৰ পত্নীয়ে গম পাইছিল যে একেলগে থাকিলে দুয়োৰে বাবে সকলো অসাৰ হৈ পৰিব । কেৱল এয়াই নহয়, তেওঁলোকৰ মাজৰ পৰিৱৰ্তনে তেওঁলোকৰ পুত্ৰকো প্ৰভাৱিত কৰিব আৰু দুয়োগৰাকীয়ে তেওঁলোকৰ বাবে বিষৰ টোপালৰ দৰে হ’ব (Ashish Vidyarthis son Arth react) ।

কেনে আছিল পুত্ৰ অৰ্থৰ প্ৰতিক্ৰিয়া

এই বিষয়ে কওঁতে আশীষ বিদ্যাৰ্থীয়ে কয় যে যেতিয়া তেওঁৰ পুত্ৰই তেওঁৰ পিতৃ-মাতৃৰ এই পদক্ষেপৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁ সুখী হৈছিল যে ইগৰাকীয়ে সিগৰাকীক অশান্তি দিয়াৰ পৰিৱৰ্তে তেওঁৰ পিতৃ-মাতৃয়ে সমস্যাটো সমাধানৰ বাবে পদক্ষেপ লৈছিল (Ashish Vidyarthi news) ৷

উল্লেখ্য যে, আশীষ বিদ্যাৰ্থীয়ে কলকাতাত ব্যক্তিগত অনুষ্ঠানত ফেশ্বন ডিজাইনাৰ ৰূপালী বৰুৱাক বিয়া কৰাইছিল । ইয়াৰ পিচত তেওঁৰ ছবিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে (Ashish vidyarthi net worth)। নিজৰ বিবাহৰ কথা কওঁতে অভিনেতাগৰাকীয়ে কৈছিল, ‘মোৰ জীৱনৰ এই পৰ্যায়ত ৰূপালীক বিয়া কৰাটো এক অসাধাৰণ অনুভৱ । পুৱা আমাৰ আদালতত বিবাহ সম্পন্ন হৈছিল, তাৰ পিচত সন্ধিয়া গেট-টুগেদাৰ হৈছিল।

লগতে পঢ়ক: Ashish Vidyarthi first wife: আশীষ বিদ্যাৰ্থীৰ দ্বিতীয় বিবাহ সন্দৰ্ভত কি ক’লে প্ৰাক্তন পত্নীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.