ETV Bharat / entertainment

হঠাৎ কি হৈছিল নিখিতা গান্ধীৰ সংগীতানুষ্ঠানত ? চাৰিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু, আহত প্ৰায় 60 গৰাকী - নিখিতা গান্ধী

Nikhita Gandhi Concert: কোচিত গায়িকা নিখিতা গান্ধীৰ সংগীতানুষ্ঠানত ভয়াৱহ ঘটনা ৷ মৃত্যু চাৰিগৰাকী শিক্ষাৰ্থীৰ আৰু আহত বহু লোক ৷ ঘটনাৰ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Heartbroken and devastated: Nikhita Gandhi reacts as 4 students die in stampede at Kerala University fest ahead of her concert
কোচিত গায়িকা নিকিতা গান্ধীৰ সংগীতানুষ্ঠানত ভয়াৱহ ঘটনা
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 12:20 PM IST

চিটাৰা ডেস্ক, 26 নৱেম্বৰ : কোচিত ‘টাইগাৰ ৩’ৰ গায়িকা নিখিতা গান্ধীৰ সংগীতানুষ্ঠানত এক ভয়াৱহ ঘটনা সংঘটিত হয় ৷ নিখিতা গান্ধীৰ সংগীতানুষ্ঠানত প্ৰাণ হেৰুৱাইছে চাৰিগৰাকী শিক্ষাৰ্থীয়ে । ইফালে চাৰিগৰাকী শিক্ষাৰ্থীৰ মৃত্যুক কেন্দ্ৰ কৰি সম্পূৰ্ণৰূপে ভাঙি পৰিছে নিকিতা গান্ধী । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কণ্ঠশিল্পীগৰাকীয়ে দুখ প্ৰকাশ কৰিবলৈ তেওঁৰ তাত কোনো শব্দ নাই বুলি উল্লেখ কৰে ।

আচলতে, শনিবাৰে (২৫ নৱেম্বৰ, ২০২৩) কেৰালাৰ কোচিত থকা কোচিন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ কিন্তু হঠাতে এই অনুষ্ঠানত হুলস্থুলৰ সৃষ্টি হয় । এই অনুষ্ঠানত কণ্ঠশিল্পী নিখিতা গান্ধীয়ে সংগীত পৰিৱেশন কৰাৰ কথা আছিল । কিন্তু সংগীত পৰিৱেশনৰ আগতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ এই পৰিস্থিতি লাহে লাহে ইমানেই বেয়াৰ ফালে ঢাল খালে যে চাৰিগৰাকী শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাৰ লগতে ৬০ গৰাকীতকৈ অধিক লোক আহত হ’ব লগা হয় ।

এই ঘটনাত মৰ্মাহত নিখিতা গান্ধী

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নিখিতা গান্ধীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । ইনষ্টাগ্ৰাম ষ্ট’ৰীত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, "আজি সন্ধিয়া কোচিত যি ঘটিল তাৰ বাবে মই মৰ্মাহত হৈছো । মই মঞ্চত সংগীত কৰিবলৈ যোৱাৰ আগতেই এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় । গভীৰভাৱে মই দুখী অনুভৱ কৰিছো । ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো’’ ।

কোচিন বিশ্ববিদ্যালয়ত কিয় এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল ?

দৰাচলতে কোচিন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাৰ মূল কাৰণ আছিল বৰষুণ ৷ বৰষুণৰ কাৰণেই দৌৰা-দৌৰি লাগে অনুষ্ঠানটোত উপস্থিত থকা দৰ্শকৰ মাজত ৷ বৰষুণ দিয়াৰ লগে লগে মানুহবোৰ দৌৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে এনে ভয়াৱহ ঘটনা সংঘটিত হয় ।

পূৰ্বে কোৱা হৈছিল যে নিখিতা গান্ধীৰ কনচাৰ্ট চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছিল, যদিও পিচত বিষয়াসকলে কয় যে এই ঘটনা নিখিতা গান্ধীৰ কনচাৰ্টৰ পূৰ্বেই সংঘটিত হৈছিল । দুগৰাকী ছাত্ৰ আৰু দুগৰাকী ছাত্ৰী এই ঘটনাত মৃত্যু হৈছিল । জানিব পৰা মতে, এই ঘটনাত ৬০ গৰাকীতকৈও অধিক লোক আহত হৈছে, ইয়াৰে কিছু লোকৰ অৱস্থা অতি সংকটজনক ।

নিখিতা গান্ধী কোন ?

যদি আপোনাৰ সংগীতৰ প্ৰতি মোহ আছে তেন্তে আপুনি নিশ্চয় নিখিতা গান্ধীৰ বিষয়ে ভালদৰে জানিব । নিখিতাই বহু ভাষাৰ গীতত কণ্ঠদান কৰিছে । শেহতীয়াকৈ ৩২ বছৰীয়া নিখিতাই ‘টাইগাৰ ৩’ৰ ‘লেকে প্ৰভু কা নাম’ গীতত নিজৰ কণ্ঠ নিগৰাইছিল ।

ইয়াৰ উপৰিও ‘ৰাবতা’, ‘উল্লু কা পাঠা’, ‘আও কভি হাভেলী পে’ আৰু ‘পোষ্টাৰ লগা দো’ আদি জনপ্ৰিয় গীত কণ্ঠ নিগৰাইছে নিখিতাই । ইয়াৰ উপৰিও নিকিতাই ‘এনিমেল’, ‘কেদাৰনাথ’, ‘লুকা চুপ্প্পী’ আদি ছবিতো নিজৰ কণ্ঠ নিগৰাইছে ।

লগতে পঢ়ক: গিপ্পি গ্ৰেৱালৰ বাসগৃহত গুলীচালনা, ছলমানৰ বাবেই লৰেন্স বিষ্ণইৰ লক্ষ্যত পাঞ্জাৱী গায়ক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.