ETV Bharat / entertainment

Gadar 2 Teaser Release: এইবাৰ হেণ্ডপাম্প এৰি ছানী দেউলে তুলি ল’লে চকা, আহি গ’ল গদৰ 2 ৰ টিজাৰ - গদৰ ২

Gadar 2 ৰ ঘোষণাৰ পিচৰে পৰা অনুৰাগীসকলে এই ছবিখনৰ টিজাৰ আৰু ট্ৰেইলাৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল (Sunny Deol Gadar 2 teaser) ৷ অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল, কিয়নো আহি গ’ল ছবিখনৰ টিজাৰ ৷

Gadar 2 teaser leaves fans wanting more of Sunny Deol aka Tara Singh
গদৰ 2 ৰ টিজাৰ
author img

By

Published : Jun 12, 2023, 1:07 PM IST

চিটাৰা ডেস্ক, 12 জুন: ২২ বছৰৰ পাচত আকৌ এবাৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ছানি দেউলৰ শক্তিশালী একচন ছবিগৃহত চাবলৈ । ২০০১ চনত মুক্তি পোৱা ‘গদৰ এক প্ৰেম কথা’ৰ পিচত তাৰা সিঙৰ চৰিত্ৰত পুনৰবাৰ দৰ্শকৰ মাজলৈ ঘূৰি আহিছে ছানী দেওল, যিয়ে পুনৰবাৰ পৰিয়ালৰ স্বাৰ্থত যুঁজি থকা দেখা যাব (Gadar 2 Teaser Release)।

শেহতীয়াকৈ গদৰ-এক প্ৰেম কথা ছবিখন পুনৰ ছবিগৃহত মুক্তি পোৱাৰ পিচত এতিয়া নিৰ্মাতাই দৰ্শকৰ উত্তেজনা দুগুণ বৃদ্ধি কৰি 'গদৰ ২'ৰ টিজাৰ মুকলি কৰিছে (Sunny Deol Gadar 2 teaser) ৷ টিজাৰত পুনৰ একচনেৰে অনুৰাগীক আপ্লুত কৰা দেখা গৈছে ছানি দেওলক ।

  • " class="align-text-top noRightClick twitterSection" data="">

এইবাৰ হেণ্ড পাম্প নহয় ছানী দেউলে উঠাইছে চকা

অনিল শৰ্মাৰ পৰিচালনাত নিৰ্মিত ‘গদৰ ২’ৰ সৰু টিজাৰটো একচনেৰে ভৰপূৰ আছিল (Gadar 2 Teaser Release Sanny Deol) ৷ টিজাৰটোৰ আৰম্ভণিতে এটা ভইচ অভাৰ, য’ত মহিলাগৰাকীয়ে ১৯৭১ চনৰ যুগটো বৰ্ণনা কৰি কয় দামাদ হে ৱ পাকিস্তান কা’, নাৰিকল, টিকা লগাওক । নহ’লে এইবাৰ যৌতুকত লাহোৰলৈ লৈ যাব ।’

ইয়াৰ পিচত পাকিস্তানত ‘ক্ৰাছ ইণ্ডিয়া’ শ্ল’গানৰ মাজতে লাহোৰত ছানী দেউলৰ শক্তিশালী প্ৰৱেশ । গদৰ-এক প্ৰেম কথাত হেণ্ডপাম্প উভালি পেলোৱা তাৰা সিঙক গদৰ 2 টিজাৰত তেওঁক চকা উভালি শত্ৰুৰ মুখামুখি হোৱা দেখা গৈছে (Ameesha Patel Gadar 2 teaser) । ‘ঘৰ আজা পৰদেশী’ গীতটিৰ শেষৰ কেইছেকেণ্ডত টিজাৰত তাৰা সিং ওৰফে ছানী দেওলৰ আৱেগিক মুহূৰ্ত দেখা যায় ।

অৱশ্যে বক্স অফিচত যুঁজিব লাগিব গদৰ ২ ছবিখনে ৷ কিয়নো সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰা এনিমেল আৰু অক্ষয় কুমাৰ অভিনীত অ’এমজি ২ ছবি দুখন গদৰ ২ মুক্তিৰ সময়ত ছবিগৃহত মুক্তি পাব । ১১ আগষ্টত ছবিগৃহত মুক্তি পাব গদৰ ২।

লগতে পঢ়ক: Bigg Boss OTT 2 Anthem: মুক্তি লাভ কৰিলে বিগ বছ অটিটি 2 ৰ এন্থেম গীত, এইবাৰ কোন হ’ব প্ৰকৃত বছ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.