ETV Bharat / entertainment

Fukrey 3 Trailer: মুকলি হ’ল Fukrey 3 ৰ ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:11 AM IST

পুলকিত সম্ৰাট, ৰিচা চাড্ডা, বৰুণ শৰ্মা আৰু পংকজ ত্ৰিপাঠীৰ ছবি ফুক্ৰে ৩ৰ ট্ৰেইলাৰ আজি মুকলি হ’ল । ২৮ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব Fukrey 3।

Fukrey 3 trailer
Fukrey 3 ৰ ট্ৰেইলাৰ

চিটাৰা জেস্ক, 5 ছেপ্টেম্বৰ: Fukrey 3 ছবিখনক লৈ বহুদিনৰে পৰা চৰ্চা চলিছিল ৷ Fukrey ৰ প্ৰথম আৰু দ্বিতীয় খণ্ড সফল হোৱাৰ পিচতে নিৰ্মাতাই ঘোষণা কৰিছিল ছবিখনৰ তৃতীয় খণ্ড ৷ যিহেতু এতিয়া বলীউডত ট্ৰেণ্ড চলিছে ছিকুৱেল নিৰ্মাণৰ ৷ সেই মতেই ছবিখনৰ নিৰ্মাতাই এই ছবিখন ঘোষণা কৰাৰ পিচতে উৎফুল্লিত হৈ পৰিছে অনুৰাগী ৷

আজি নিৰ্মাতাই মুকলি কৰিছে Fukrey 3 ৰ ট্ৰেইলাৰ । বহু সময় ধৰি অনুৰাগীসকলে ছবিখনৰ ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছিল । ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে নিৰ্মাতাসকলে ছবিখনৰ প্ৰতিটো চৰিত্ৰৰ এটাকৈ পোষ্টাৰ শ্বেয়াৰ কৰিছিল । সকলো পোষ্টাৰ আছিল অতি ধেমেলীয়া আৰু অনন্য। ইয়াৰ লগতে নিৰ্মাতাসকলে কৈছিল যে আজি অৰ্থাৎ ৫ ছেপ্টেম্বৰত মুক্তি পাব Fukrey 3 ৰ ট্ৰেইলাৰ । তেওঁলোকৰ প্ৰতিশ্ৰুতি অনুসৰি মুকলি কৰিছে ট্ৰেইলাৰটো । ছবিখনৰ মুক্তিৰ তাৰিখ সন্দৰ্ভতো যথেষ্ট সময় ধৰি চৰ্চা চলি আছিল । ছবিখনৰ মুক্তিৰ তাৰিখত নিৰ্মাতাসকলে অহৰহ সালসলনি কৰি আছিল । কিন্তু অৱশেষত এতিয়া Fukrey 3 ৰ চূড়ান্ত মুক্তিৰ তাৰিখো প্ৰকাশ পাইছে । এই ছবিখন অহা ২৮ ছেপ্টেম্বৰত চিনেমা হলত মুক্তি পাবলৈ গৈ আছে ।

কেনেকুৱা Fukrey 3 ৰ ট্ৰেইলাৰ ?

মুক্তি পোৱা এই ট্ৰেইলাৰটোত ভোলী পঞ্জাবন, চুচা, লালি, হানি ভাই, পণ্ডিত জী সকলোকে শক্তিশালী দেখা গৈছে। ট্ৰেইলাৰটো অৱশ্যে কমেডীৰে ভৰপূৰ । ট্ৰেইলাৰৰ আৰম্ভণিতে পুলকিত সম্ৰাট আৰু বৰুণ শৰ্মাক স্কুলত দেখা গৈছে । তেওঁলোকৰ স্কুলৰ শিক্ষকে তেওঁলোকক কৈছে যে স্কুলত ফেইল হ’লে দুয়োজনে Hattrick লগাব লাগিব ।

ছবিখনৰ ট্ৰেইলাৰত যদি কোনোবাই আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছে তেন্তে সেয়া হ’ল চুচা আৰু পংকজ ত্ৰিপাঠী । দুয়োকে একেলগে এখন ছবি দেখি অনুৰাগীও উৎফুল্লিত হৈ পৰিছে ৷ অৱশ্যে প্ৰায় ভাগেই পুৰণি তাৰকা কাষ্টক দেখা যাব Fukrey 3 ত। চুচা আৰু পণ্ডিত জীৰ চৰিত্ৰটোও অনুৰাগীৰ প্ৰিয় । উল্লেখ্য়, ২০১৩ চনত মুক্তি পোৱা Fukrey প্ৰথম খণ্ড দৰ্শকে বহুত ভাল পাইছিল ।

লগতে পঢ়ক: Fukrey 3 Trailer: আকৌ এবাৰ আহি আছে Fukrey 3, কেতিয়া মুকলি হ’ব ট্ৰেইলাৰ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.