চিটাৰা ডেস্ক, 31 মাৰ্চ: আপুনি আপোনাৰ প্ৰিয় ছবিৰ ডাইলগ ৰাজহুৱা স্থানত কৈ পাইছে নেকি ? যদি পাইছে তেতিয়াহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ কিয়নো শেহতীয়াকৈ ছবিৰ ডাইলগে বিপদ মাতি আনিছে এজন যুৱকৰ বাবে ৷ আপুনি হয়তো ভাবিছে ছবিৰ ডাইলগে কেনেকৈ এজন লোকৰ বাবে বিপদ মাতিব পাৰে ৷ নহয় জানো ? কিন্তু তেনে এক ঘটনাই সংঘটিত হৈছে বাংগালুৰুত (Pro Pakistan chant case) ৷
শেহতীয়াকৈ, পশ্চিমবংগৰ পৰা বাংগালুৰুত অহা এজন যুৱকক পাকিস্তানী সমৰ্থক শ্লোগান দিয়াৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে ৷ কিন্তু পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে যুৱকজনে শ্বাহিদ কাপুৰ আৰু বিজয় ছেঠুপতিৰ অভিনীত ফাৰ্জী ৱেব ছিৰিজৰ সংলাপ হে আওৰাই আছিল । মাইকো লেআউট থানাৰ সীমাৰ অন্তৰ্গত বিটিএম লেআউটত সংঘটিত হৈছে এই ঘটনা (Farzi dialogue mistaken for pro Pak slogan) ।
এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, স্থানীয় ৰাইজে আৰক্ষীক ফোন কৰি এজন যুৱকে পাকিস্তান সমৰ্থক শ্লোগান দি থকা বুলি অভিযোগ দাখিল কৰে ৷ এই তথ্য লাভ কৰাৰ পিচতে মাইকো লেআউট আৰক্ষীৰ এটা দলে পলম নকৰাকৈ সেই স্থানত উপস্থিত হয় আৰু লগে লগে অভিযুক্ত যুৱকজনক জিম্মাত লৈ আৰম্ভ কৰে জেৰা । কিন্তু যুৱকজনক সোধা-পোছাৰ অন্ততহে ওলাই পৰে উৰহীৰ ওৰ (Bengaluru youth booked for Farzi dialogue) ৷
আচলতে কাহিনীটো আছিল বেলেগ ৷ যুৱকজনে পাকিস্তানৰ বাবে শ্লোগান দিয়া নাছিল বৰঞ্চ ই কেৱল ৱেব ছিৰিজৰ এটা সংলাপহে আছিল । ২৯ মাৰ্চৰ পুৱা বিটিএম লেআউটত বহি থকা এজন যুৱকে হেডফোন লগাই মোবাইলত ৱেব চিৰিজ চাই থকা অৱস্থাত সংঘটিত হয় এই ঘটনা । ৱেব চিৰিজ চাই থকা অৱস্থাতে যুৱকজনৰ মুখৰ পৰা পাকিস্তান শব্দটো ওলাই পৰিছিল । তাৰ পিচতেই লাগে কেনা ৷ যুৱকৰ মুখৰ পৰা এই কথা শুনি স্থানীয় ৰাইজে আৰক্ষীক ফোন কৰি পাকিস্তানৰ সপক্ষে শ্লোগান দি থকা বুলি জনায় । হোটেল মেনেজমেণ্টত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি বাংগালুৰুত কৰ্মৰত হৈ আছিল যুৱকজন।
উল্লেখ্য যে, সদ্য মুক্তি পোৱা বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰ আৰু তামিল অভিনেতা বিজয় ছেঠুপতিৰ অভিনীত হিন্দী ভাষাৰ ৱেব ছিৰিজ ফাৰ্জী চাই আছিল যুৱকজনে । সেয়া ৱেব ছিৰিজৰ পৰা এটা সংলাপ কৈ আছিল যুৱকজনে । আৰক্ষীয়ে জনোৱা মতে যুৱকজনে পাকিস্তান সমৰ্থক শ্লোগান চিঞৰিছিল বুলি কৰা দাবী সত্যসত্যতাৰ পৰা বহু দূৰত । অৱশ্যে গোচৰটোক গুৰুত্বসহকাৰে লৈ মাইকো লেআউট আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ বন্ধুসকলকো জেৰা কৰে ।