চিটাৰা ডেস্ক, 13 আগষ্ট : ৰাজু শ্ৰীবাস্তৱৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা এক বিবৃতিত পৰিয়ালৰ লোকে কয় যে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ । বুধবাৰে হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৫৮ বছৰীয়া ষ্টেণ্ড আপ কমেডিয়ানজন ৷ সেইদিনাই তেওঁৰ এঞ্জিঅ’প্লাষ্টিও (angioplasty) কৰা হৈছিল ।
ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালে দিয়া বিবৃতিটোত লিখা হৈছে- "মৰমৰ অনুৰাগীসকল, ৰাজু শ্ৰীবাস্তৱ জীৰ অৱস্থা বৰ্তমানে সুস্থিৰ । আমি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো । চিকিৎসক সকলে তেওঁৰ চিকিৎসা কৰি আছে আৰু যৎপৰোনাস্তি চেষ্টা কৰি আছে । সকলো শুভাকাংক্ষীলৈ তেওঁলোকৰ অবিৰত মৰম আৰু সহায়ৰ বাবে ধন্যবাদ । অনুগ্ৰহ কৰি প্ৰচাৰ হোৱা যিকোনো ধৰণৰ উৰাবাতৰি/ভুৱা বাতৰি আওকাণ কৰি চলক । অনুগ্ৰহ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰক" ৷
- " class="align-text-top noRightClick twitterSection" data="
">
জিমত ৱৰ্কআউট কৰাৰ সময়ত বুকুত বিষ অনুভৱ কৰি ঢলি পৰা ৰাজু শ্ৰীবাস্তৱক যোৱা ১০ আগষ্টত এইমছ দিল্লীত ভৰ্তি কৰোৱা হৈছিল । পিছত এঞ্জিঅ’প্লাষ্টি কৰা হয় তেওঁৰ । বুধবাৰে পুৱা ৱৰ্কআউট কৰি থকা অৱস্থাতে হৃদযন্ত্ৰ বন্ধ হৈ পৰে ৰাজুৰ । খবৰ অনুসৰি ট্ৰেডমিলত দৌৰি থকাৰ সময়ত হৃদ ৰোগত আক্ৰান্ত হৈছিল ৷ বৰ্তমানে তেওঁ সুস্থ হৈ উঠিছে আৰু এতিয়া কেইদিনমানৰ বাবে তেওঁক পৰ্যবেক্ষণত ৰখা হ’ব ।
লগতে পঢ়ক : Shivamogga Subbanna passes away: প্ৰসিদ্ধ গায়ক শিৱমোগ্গা চুব্বান্নাৰ দেহাৱসান