ETV Bharat / entertainment

HBD Ekta Kapoor: পিতৃৰ চৰ্তৰ বাবেই আজিলৈকে বিবাহ নহ’ল নেকি একতা কাপুৰ ? কি আছিল পিতৃৰ সেই চৰ্ত ?

author img

By

Published : Jun 7, 2023, 11:12 AM IST

একতা কাপুৰক বৰ্তমান সময়ত টিভি উদ্যোগৰ সফল প্ৰযোজক বুলি অভিহিত কৰা হয় । আজি তেওঁৰ ৪৮ সংখ্যক জন্মদিন । প্ৰযোজকগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা . . .

Ekta Kapoor Birthday special: Know about unknown facts of Ekta Kapoor
একতা কাপুৰৰ ৪৮ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, ৭ জুন : টিভিৰ জগতখনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা প্ৰযোজক একতা কাপুৰৰ আজি জন্মদিন (Ekta Kapoor Birthday)। বলীউড অভিনেতা জীতেন্দ্ৰৰ কন্যা যদিও মনোৰঞ্জনৰ জগতখনত কষ্টৰ বলেৰে নিজৰ অন্য এক পৰিচয় বনাবলৈ সক্ষম হৈছে ৷ বৰ্তমান সময়ত মাতৃ শোভা কাপুৰৰ সৈতে বালাজী টেলিফিল্মছ নামৰ এটা প্ৰডাকচন কোম্পানী চলাই আছে একতা কাপুৰে ।

আজিলৈকে কিয় বিবাহ কৰা নাই একতাই ?

১৯৭৫ চনৰ ৭ জুনত জন্মগ্ৰহণ কৰা একতা কাপুৰৰ আজি ৪৮ সংখ্যক জন্মদিন (HBD Ekta Kapoor) ৷ অৱশ্যে ৪৮ বছৰ বয়সতো বিবাহৰ কোনো পৰিকল্পনা কৰা নাই প্ৰযোজকগৰাকীয়ে । কিন্তু কিয় ? কোনো কোনোৱে কয় যে পিতৃ জিতেন্দ্ৰৰ এটা চৰ্তৰ বাবেই আজিলৈকে বিয়া হোৱা নাই একতা, আনহাতে কোনো কোনোৱে কয় যে একতাই এতিয়াও প্ৰকৃত প্ৰেম বিচাৰি পোৱা নাই, যাৰ বাবে বিবাহপাশত আৱদ্ধ হোৱা নাই ৷ কিন্তু বিবাহৰ নকৰাৰ প্ৰকৃত কাৰণ কি জানেনে বাৰু আপুনি ? গতিকে জন্মদিনৰ এই বিশেষ ক্ষণত জানো আহক একতাৰ বিষয়ে কিছু নজনা কথা ...

ছলমান খানৰ উদ্ধৃতি কিয় দিয়ে একতাই ?

৪৫ বছৰ অতিক্ৰম কৰাৰ পিচতো চেলিব্ৰিটিসকলে বিয়া নকৰাৰ তালিকাত একতাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে (Ekta Kapoor Unknown Facts)। প্ৰায়ে সাক্ষাৎকাৰত বিবাহ সম্পৰ্কে একতাক প্ৰশ্ন কৰা হয়, সেয়াহে এবাৰ একতাই ছলমান খানৰ উদ্ধৃতি দিছিল । আচলতে একতাক সোধা হৈছিল কেতিয়া বিয়া হ’ব আপোনাৰ ? এই বিষয়ে একতাই হাঁহি হাঁহি ক’লে যে যেতিয়া ছলমান খানৰ বিয়া হ’ব, ইয়াৰ দুবছৰ তিনি বছৰৰ পাচত মোৰো বিয়া হ’ব ।

পিতৃৰ কথাৰ বাবেই বিয়া হোৱা নাছিল নেকি একতা ?

মন কৰিবলগীয়া যে একতাৰ বিয়াৰ কথা যেতিয়াই কোৱা হয় তেতিয়াই একতাৰ পিতৃৰ এটা চৰ্তৰ কথা উল্লেখ কৰা হয় । এই চৰ্তৰ বাবেই একতা কাপুৰ আজিলৈকে অবিবাহিত বুলিও বিশ্বাস কৰা হয় । এই কথাটো একতা কাপুৰে এবাৰ এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল । একতাই কৈছিল, ‘‘পাপাই কৈছিল যে হয় তুমি হ’ব লাগিব নহ’লে কাম কৰিব লাগিব ৷ তেতিয়া মই বিবাহৰ পৰিৱৰ্তে কাম বাছি লৈছিলো ৷ মোৰ বহু বন্ধুৰ বিয়া আৰু বিবাহ বিচ্ছেদ দেখিছোঁ । হয়তো এই কাৰণেই এতিয়ালৈকে মই অপেক্ষা কৰি আছো ।’’

উল্লেখ্য যে ইয়াৰ পূৰ্বে এবাৰ একতা কাপুৰে নিজৰ ক্ৰাছৰ কথাও উল্লেখ কৰিছিল । ছ’চিয়েল মিডিয়াত এগৰাকী তাৰকাৰ ছবি শ্বেয়াৰ কৰাৰ সময়তে তেওঁ নিজৰ হৃদয়ৰ কথা লিখিছিল। এই তাৰকা আন কোনো নাছিল ছাংকি পাণ্ডে আছিল । আচলতে একতাই এবাৰ চাংকি পাণ্ডেৰ জন্মদিনত এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছিল ।

ছবিখন শ্বেয়াৰ কৰি লিখিছিল, ‘কেইবছৰমান পূৰ্বে ছাংকি পাণ্ডেৰ প্ৰেমত পৰিছিলো । তেওঁ মান্তি হ’লে আজি মইও বলীউডৰ পত্নী হ’লোহেঁতেন ৷’ ইয়াৰ উপৰিও একতাৰ নাম কৰণ জোহৰৰ সৈতেও কেইবাবাৰো জড়িত হৈ পৰিছিল । এটা সাক্ষাৎকাৰত কৰণ জোহৰে কৈছিল যে যদি একতা আৰু মই কাকো নাপাওঁ, তেন্তে আমি ইগৰাকীয়ে সিগৰাকীক বিয়া কৰাম । অৱশ্যে এই সম্পৰ্কক লৈ একতাই কেতিয়াও মন্তব্য কৰা নাছিল ।

লগতে পঢ়ক: HBD Neha Kakkar : মাতৃয়ে জন্ম দিব খোজা নাছিল নেহা কক্কৰক, সংগ্ৰামৰ পৰা সফলতাৰ কাহিনী জানি লওক নেহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.