চিটাৰা ডেস্ক, 24 মাৰ্চ: বলীউডৰ মৰম লগা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হ’ব লৈছে ৷ দৰাচলতে, বৃহস্পতিবাৰে পিতৃ প্ৰকাশ পাডুকনৰ সৈতে ইণ্ডিয়ান অনাৰ্ছ স্প’ৰ্টছ ইভেণ্টলৈ গৈছিল দীপিকা পাডুকন আৰু ৰণবীৰ সিং (Deepika Padukone) ৷ সম্প্ৰতি এই ইভেণ্টৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে (Deepika Padukone and Ranveer Singh) ৷
বিৱৰণী অনুসৰি ইভেণ্টৰ বাবে উপস্থিত হৈছিল দীপিকা আৰু ৰণবীৰ ৷ লগতে আছিল দীপিকাৰ পিতৃ প্ৰকাশ পাডুকন (Deepika father Prakash Padukone) ৷ বাহনৰ পৰা প্ৰথমে নামে ৰণবীৰ, তাৰ পিচত বাহনৰ পৰা নামে দীপিকা । দীপিকা বাহনৰ পৰা নমাৰ লগে লগে ৰণবীৰে হাতখন আগবঢ়াই দিছিল দীপিকাক (Deepika and Ranveer in Indian Honours Sports event) ৷ কিন্তু দীপিকাই ৰণবীৰৰ ফালে এবাৰো ঘূৰি নাচালে ৷ কেৱল ইমানেই নহয়, ৰণবীৰে আগবঢ়াই দিয়া হাতখনো নধৰিলে পত্নী দীপিকাই ৷ ৰণবীৰৰ হাতখন ধৰাৰ পৰিৱৰ্তে দীপিকাই নিজৰ শাৰীখন ধৰি ৰখাটোৱেই অধিক পছন্দ কৰিলে । এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷
- " class="align-text-top noRightClick twitterSection" data="
">
এই ভিডিই’টোক লৈ একাংশই যদি দীপিকা ট্ৰল কৰিছে, আন একাংশ আকৌ দীপিকাক সমৰ্থন কৰা পৰিলক্ষিত হয় ৷ বহু ছ’চিয়েল মিডিয়া ব্য়ৱহাৰকাৰীয়ে আকৌ দুয়োৰে মাজত সকলো ঠিকে আছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে (Deepika ignored Ranveer) ৷ এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে, "দুয়োৰে মাজত সকলো ঠিকে আছে বুলি লগা নাই । কাৰণ এই মুহূৰ্তটো মিডিয়া আৰু জনসাধাৰণৰ সম্পূৰ্ণ শৃংখলৰ সন্মুখত যিকোনো চেলিব্ৰিটি দম্পতীৰ বাবে অতি গুৰুত্বপূৰ্ণ ।" আন এজনে লিখিছে,"তেওঁলোকৰ মাজত কিবা এটা হৈছে । ৰণবীৰে দীপিকাক ধৰিবলৈ হাতখন আগবঢ়াইছিল আৰু দীপিকাই আওকাণ কৰিলে ।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে,"হয়তো তেওঁলোকৰ মাজত কাজিয়া হৈছে ।"
আন একাংশ অনুৰাগীয়ে দুয়োৰে সপক্ষে মন্তব্য কৰা দেখা যায় ৷ এগৰাকী অনুৰাগীয়ে লিখিছে, "ব্ৰ' তাই দেখা নাছিল যে ৰণবীৰে তাইৰ বাবে হাতখন আগবঢ়াইছে, যদি দেখা হ’লে নিশ্চয় হাতখন ধৰিলে হয় ৷ অভাৰ এনালাইজ কৰা প্ৰয়োজন নাই ৷" আন এজনে লিখিছে, "কোনোৱেই দীপিকাৰ পিতৃক লক্ষ্য কৰা নাছিল নেকি !!?? চেলিব্ৰিটিসকলে মানুহ হোৱাটো ঠিকেই আছে, কেতিয়াবা পাহৰি যায় যে বাস্তৱ জীৱনতো প্ৰতি মুহূৰ্ততে তেওঁলোকক তন্ন তন্নকৈ চোৱা-চিতা কৰা হয় ৷ বিবাহ কেৱল হাতত হাত ধৰাই নহয়, শক্তিশালী দম্পতী।"
আন এজন অনুৰাগীয়ে ট্ৰল কৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক মূকবধিৰ বুলি উল্লেখ কৰি লিখিছে, "কমেণ্টত দিয়া এই মানুহবোৰ ইমান মূকবধিৰ যে দীপিকা দোষাৰোপ কৰিছে, কিন্তু কিহৰ বাবে দীপিকাক দোষাৰোপ কৰিছে? হাতখন নধৰাৰ বাবে? হাতখন ধৰিলেও সমস্যা নধৰিলেও সমস্যা, ষ্টপ ইট গাইজ ।"
উল্লেখ্য যে, ২০১৮ চনত ইটালীৰ লেক কোমোত বিবাহপাশত আবদ্ধ হয় দীপিকা আৰু ৰণবীৰ । দুয়ো স্বামী-স্ত্ৰীয়ে একেলগে বাজিৰাও মস্তানী, পদ্মাৱত আৰু ৮৩কে ধৰি কেইবাখনো ছবিত একেলগে কাম কৰিছে ৷
লগতে পঢ়ক: 3 idiots sequel: ৩ ইডিয়টছ ২ক লৈ ক্ষোভ প্ৰকাশ কৰিলে কৰীণা কাপুৰে