ETV Bharat / entertainment

Dhak-Dhak Trailer: ফাতিমা-দিয়া মিৰ্জাৰ ধক ধকৰ শক্তিশালী ট্ৰেইলাৰ মুকলি, চাৰিগৰাকী মহিলাৰ বাইক ভ্ৰমণৰ এক আচৰিত যাত্ৰা চাওক

মুক্তি পালে ফাতিমা সানা শ্বেইখ, দিয়া মিৰ্জা, ৰত্না পাঠক শ্বাহ আৰু সঞ্জনা সাংঘীৰ অভিনীত ছবি ‘ধক-ধক’ৰ শক্তিশালী ট্ৰেইলাৰ । ট্ৰেইলাৰত এইগৰাকী অভিনেত্ৰীক বাইকাৰৰ শক্তিশালী চৰিত্ৰত দেখা গৈছে ।

Dhak Dhak trailer out: Fatima Sana Sheikh, Ratna Pathak Shah and others embark on life changing journey
ধক ধকৰ ট্ৰেইলাৰ
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:31 PM IST

চিটাৰা ডেস্ক, 9 অক্টোবৰ: ফাতিমা সানা শ্বেইখ, দিয়া মিৰ্জা, ৰত্না পাঠক শ্বাহ আৰু সঞ্জনা সাংঘীক বলীউডৰ প্ৰতিভাৱান অভিনেত্ৰীৰ ভিতৰত ধৰা হয় । এইবাৰ এই আটাইকেইগৰাকী প্ৰতিভাৱান অভিনেত্ৰীক একেলগে দেখা পৰ্দাত ৷ তাপসী পান্নুৰ সহ-প্ৰযোজনাত নিৰ্মিত ‘ধক ধক’ নামৰ নাট্য ছবিখনত এই আটাইকেইগৰাকীক প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব ৷ এই ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ আজি মুকলি কৰিছে নিৰ্মাতাই ।

'ধক ধক' ছবিখনৰ ট্ৰেইলাৰ মুকলি

৯ অক্টোবৰত অৰ্থাৎ আজি মুক্তি পালে ‘ধক ধক’ ছবিখনৰ ট্ৰেইলাৰ । তিনি মিনিটৰ এই ট্ৰেইলাৰটোৰ আৰম্ভণিতে কাহিনীটোৰ চাৰিটা মূল চৰিত্ৰৰ পৰিচয় দিয়া হৈছে, যিসকলে বাইক চলাই ভাল পায় । তাৰে ভিতৰত ৰত্ন পাঠক শ্বাহৰ অভিনীত চৰিত্ৰটোৱে বাইক চলোৱাৰ বাবে এজনে ইতিকিং কৰে । তাৰ পিচতে তেওঁলোকে পৃথিৱীৰ সৰ্বোচ্চ মটৰচালিত পথটোৰ দিশে যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰে । লাডাখৰ লেহ জিলাত অৱস্থিত খাৰডুংলা অভিমুখে যাত্ৰা কৰে । ট্ৰেইলাৰটোত সাহস আৰু নমনীয়তাৰ বিষয়ে এটা কাহিনীৰ আভাস দিয়া হৈছে, লগতে বিভিন্ন ধৰ্মৰ অন্তৰ্গত হোৱাৰ পিচতো কেনেকৈ একেলগে থাকে তাকো দেখুওৱা হৈছে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰত্ন পাঠক শ্বাহ, দিয়া মিৰ্জা, সঞ্জনা সংঘী আৰু ফাতিমা সানা শ্বেইখে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তাপসী পান্নুৰ সহ-প্ৰযোজনাত নিৰ্মিত ধক ধক

পাৰিজাত যোশী আৰু তৰুণ দুডেজাই ৰচনা কৰা ছবিখন পৰিচালনা কৰিছে খোদ তৰুণ দুডেজাই । এই ছবিখন বিএলএম পিকচাৰ্ছ, আউটছাইডাৰ ফিল্মছ প্ৰডাকচন আৰু ভায়াকম ১৮ ষ্টুডিঅ’ৰ বেনাৰত প্ৰযোজনা কৰিছে তাপসী পান্নু, অজিত আন্ধাৰে, কেভিন ভাজ আৰু প্ৰাঞ্জল খান্দৰিয়াই । নতুন দিল্লী, গ্ৰেটাৰ নয়ডা, মানালী, লেহ আৰু লাডাখত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ১৩ অক্টোবৰত ছবিগৃহত মুক্তি পাব ছবিখন । উল্লেখ্য যে, তাপসীয়ে প্ৰথমবাৰৰ বাবে ‘ব্লুৰ’ৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণত প্ৰৱেশ কৰিছিল আৰু প্ৰযোজক এতিয়া হিচাপে ‘ধক ধক’ তেওঁৰ দ্বিতীয়খন ছবি ।

ধক ধক ষ্টাৰ কাষ্টৰ ৱৰ্ক ফ্ৰন্ট

ৰত্না পাঠক শ্বাহক শেষবাৰৰ বাবে দেখা গৈছিল ২০২২ চনৰ ছ’চিয়েল কমেডী-নাটক ‘জয়শভাই জোৰদাৰত’, য’ত অভিনয় কৰিছিল ৰণবীৰ সিং আৰু শালিনী পাণ্ডেয়ে । দিয়া মিৰ্জাক শেহতীয়াকৈ লকডাউন আৰু ইয়াৰ পৰিণতিৰ ওপৰত আধাৰিত অনুভৱ সিনহাৰ ছবি ‘ভিৰ’ত দেখা গৈছিল । এতিয়া শীঘ্ৰে ৰাজকুমাৰ হিৰানীৰ ছবি ‘ডাংকি’ত দেখা যাব । ইফালে সঞ্জনা সাংঘীৰ শেষৰখন ছবি আছিল আদিত্য ৰায় কাপুৰৰ সৈতে ২০২২ চনত মুক্তি পোৱা একচন থ্ৰিলাৰ ‘ৰাষ্ট্ৰ কাৱচ ওম’ ছবিখনত । ফাতিমা সানা শ্বেখক শেষবাৰৰ বাবে দেখা গৈছিল অ’টিটি ছবি ‘থাৰ’ত ।

লগতে পঢ়ক: Tejas Trailer Out: তেজসৰ ট্ৰেইলাৰ মুকলি, দেশপ্ৰেম আৰু একচন মুডত কংগনা ৰানাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.