ETV Bharat / entertainment

Deepika Padukone news: কাটাৰত ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰিব দীপিকা পাডুকনে

author img

By

Published : Dec 6, 2022, 2:07 PM IST

FIFA World Cup 2022 : কাটাৰত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপ 2022 ত আকৌ এবাৰ ভাৰতৰ নাম চৰ্চালৈ আহিছে । ফিফাৰ ফাইনেল খেলখনত গধুৰ দায়িত্ব লাভ কৰিছে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে ।

Deepika Padukone
ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰিব দীপিকা পাডুকনে

চিটাৰা ডেস্ক, 6 ডিচেম্বৰ : বৰ্তমান সমগ্ৰ বিশ্বই ফিফা জ্বৰত আক্ৰান্ত ৷ মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ 2022 ত ভাৰতৰ নাম বিভিন্ন প্ৰকাৰেৰে সাঙোৰ খাই আছে । এইবাৰৰ ফিফা বিশ্বকাপ বিভিন্ন ধৰণে বিশেষ । ভাৰতৰ হৈ কোনো দল বিশ্বকাপত নাই যদিও আন ক্ষেত্ৰৰে ভাৰতে নিজৰ নাম উজলাই ৰাখিছে ফিফা বিশ্বকাপ 2022 ত ৷

ফিফা ফেন ফেষ্টিভেলত বলীউডৰ নৃত্যশিল্পী নোৰা ফাতেহীয়ে অংশ গ্ৰহণ কৰাৰ নিমন্ত্ৰণ লাভ কৰিছিল ৷ নোৰাই উপস্থিত দৰ্শকক সাংঘাতিক আপ্লুত কৰে ৷ এতিয়া বলীউডৰ প্ৰবীণ অভিনেত্ৰী তথা বিশ্ব তাৰকা দীপিকা পাডুকনেও লাভ কৰিছে ফিফালৈ আমন্ত্ৰণ ৷ তাৎপৰ্যপূৰ্ণভাৱে ফিফাৰ চূড়ান্ত খেলখনত দীপিকা পাডুকনক ডাঙৰ দায়িত্ব অৰ্পণ কৰা হৈছে (Deepika Padukone latest news) ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা 18 ডিচেম্বৰত কাটাৰৰ ল’জান আইকনিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখন । 18 ডিচেম্বৰতে ফিফাৰ ট্ৰফীৰ পৰা পৰ্দা আংতৰোৱা হ’ব । জানি সুখী হ’ব যে অভিনেত্ৰী দীপিকা পাডুকনে ফিফাৰ ট্ৰফী উন্মোচন কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে । ফিফা সংগঠনে এই সন্মানীয় কামৰ বাবে অভিনেত্ৰী দীপিকা পাডুকনক নিৰ্বাচিত কৰিছে । দীপিকা পাডুকনৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে এই খবৰ শুনি ।

আপোনালোকক জনাওঁ যে ফিফা বিশ্বকাপত এগৰাকী অভিনেত্ৰীয়ে প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিবলৈ আগবাঢ়িছে । দীপিকা পাডুকন এগৰাকী গ্ল’বেল ষ্টাৰ আৰু সেয়েহে ফিফা সংগঠনে এই সন্মানীয় কামৰ বাবে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতক বাছনি কৰিছে ।

এইবাৰ অনুষ্ঠিত কাঁ চলচ্চিত্ৰ মহোৎসৱ 2022 ত দীপিকা পাডুকনক জুৰীৰ সদস্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল । এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত জুৰী হিচাপে অংশগ্ৰহণ কৰি দীপিকা পাডুকনে দেশৰ সন্মান বৃদ্ধি কৰিছিল ৷

লগতে পঢ়ক : Hera Pheri Part 3: আইকনিক কমেডি চিনেমা হেৰা ফেৰী 3ৰ বাবে কথোপকথনত মিলিত হৈছে অক্ষয় কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.