ETV Bharat / entertainment

শীঘ্ৰেই ভাল খবৰ পাব অনুৰাগীয়ে ! সন্তানৰ পৰিকল্পনা কৰিছে দীপিকা-ৰণবীৰে

Deepika Padukone On Family Planning: দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহৰ পাঁচ বছৰ হ’ল আৰু অনুৰাগীসকলে এই দম্পতীয়ে কেতিয়া ভাল খবৰ দিব সেয়ালৈ অপেক্ষা কৰি আছে । শেহতীয়াকৈ, এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে সন্তানৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰিছে ।

Deepika Padukone speaks Up about having Kids with Ranveer Singh, says we will start our family
সন্তানৰ পৰিকল্পনা কৰিছে দীপিকা পাডুকনে
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 12:00 PM IST

চিটাৰা ডেস্ক, ৪ জানুৱাৰী: দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক বলীউডৰ জনপ্ৰিয় আৰু মৰমলগা দম্পতী হিচাপে গণ্য কৰা হয় । অনুৰাগীসকলেও এই যুটিটোক খুব ভাল পায় । ২০১৮ চনৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীৰ বিয়াৰ পাঁচ বছৰতকৈও অধিক সময় হ’ল ৷ এতিয়া অনুৰাগীসকলে অপেক্ষা কৰিছে দীপিকা আৰু ৰণবীৰৰ ঘৰত কেতিয়া আহিব নতুন আলহী ৷ কিন্তু এতিয়া যেন অতি সোনকালেই অন্ত পৰিব অনুৰাগীৰ এই অপেক্ষাৰ ৷ হয়, দীপিকাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁ এতিয়া ৰণবীৰৰ সৈতে সন্তানৰ পৰিকল্পনাৰ কথা চিন্তা-চৰ্চা কৰিছে ।

ৰণবীৰ সিঙৰ সৈতে পৰিয়াল পৰিকল্পনা কৰিছে নেকি দীপিকা পাডুকনে ?

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দীপিকা পাডুকনে কয় যে, ৰণবীৰ আৰু মই শিশুক ভাল পাওঁ । আমি সেইদিনালৈ অপেক্ষা কৰি আছো যেতিয়া আমি পৰিয়াল কল্পনা কৰিম । অভিনেত্ৰীগৰাকীয়ে কয়, "মই একেলগে ডাঙৰ হোৱা মানুহবোৰক যেতিয়া লগ পাওঁ, পেহী, খুড়া, পৰিয়ালৰ বন্ধু-বান্ধৱীক সকলোৱে কয় মই অলপো সাল-সলনি হোৱা নাই ৷ এয়া মোৰ মা-দেউতাই দিয়া সংস্কাৰ ।"

দীপিকা পাডুকনে বিচাৰে নিজৰ সন্তানৰ মাজত এই মূল্যবোধ

দীপিকাই লগতে কয়, "এই উদ্যোগত খ্যাতি আৰু ধনৰ দ্বাৰা প্ৰভাৱিত হোৱাটো সহজ । কিন্তু ঘৰত কোনেও মোক চেলিব্ৰিটিৰ দৰে ব্যৱহাৰ নকৰে । মই প্ৰথমে এগৰাকী কন্যা আৰু ভগ্নী । মই এইটো সলনি হোৱাটো নিবিচাৰো । মোৰ পৰিয়ালে মোক প্ৰকৃতিৰ সৈতে জড়িত কৰি ৰাখে আৰু ৰণবীৰ আৰু মই আশা কৰোঁ যে আমি আমাৰ সন্তানৰ মাজতো একে মূল্যবোধ গঢ়ি তুলিম ।"

লগতে পঢ়ক: নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ইৰা খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.