ETV Bharat / entertainment

৭৫ তম কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব সত্যজিৎ ৰায়ৰ 'প্ৰতিদ্বন্দী' - কান চলচ্চিত্ৰ মহোৎসৱৰ 75 তম সংস্কৰণ সত্যজিত ৰায়ৰ ছবি

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ 75 তম সংস্কৰণত ভাৰতৰ প্ৰতি সন্মান জনাই বিশিষ্ট চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ 1970 চনৰ বহু প্ৰশংসিত ছবি 'প্ৰতিদ্বন্দী' প্ৰদৰ্শন কৰা হ'ব (Satyajit Ray Pratidwandi screening at Cannes)।

Cannes
কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব সত্যজিৎ ৰায়ৰ 'প্ৰতিদ্বন্দী'
author img

By

Published : May 5, 2022, 1:32 PM IST

Updated : May 5, 2022, 2:12 PM IST

চিটাৰা ডেস্ক, 5 মে’: আন বছৰসমূহৰ দৰে এইবছৰো কাঁ চলচ্চিত্ৰ মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে (Cannes to celebrate its 75th year) ৷ এইবাৰৰ ৭৫ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজকে ভাৰতক এখন সন্মানীয় দেশ হিচাপে গণ্য কৰি মহোৎসৱত সত্যজিৎ ৰায়ৰ প্ৰশংসিত ছবি 'প্ৰতিদ্বন্দী' (১৯৭০) প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে । ছবি খনক এই বছৰ ক্লাছিক শাখাত এক বিশেষ স্ক্ৰীণিঙৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছে (Satyajit Ray Pratidwandi screening at Cannes) । সুনীল গঙ্গোপাধ্যায়ৰ একে নামৰ এখন উপন্যাসৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখনে সিদ্ধাৰ্থ নামৰ এজন শিক্ষিত মধ্যবিত্ত যুৱকৰ কাহিনী সমাজৰ আগত দাঙি ধৰিছিল, যি সামাজিক অস্থিৰতাত আৱদ্ধ হৈ চাকৰি বিচাৰি সংগ্ৰামৰ কৰিব লগীয়া হৈছিল ৷

চলচ্চিত্ৰখনত বিভিন্ন ধৰণৰ কাৰিকৰী কৌশল প্ৰয়োগেৰে এটি পৰীক্ষা কৰা হৈছিল বুলি জনা যায় ৷ ফটো-নিগেটিভ ফ্লেছবেকৰ দৰে নিৰ্দিষ্ট কৌশলৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল ছবিখনত । 1971 চনত ছবিখনে শ্ৰেষ্ঠ নিৰ্দেশনাকে ধৰি তিনিটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল । তাৰোপৰি ছবিখনে একেটা বছৰতে চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ’ল্ড হুগো বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল । যোৱাটো বছৰত ৰায়ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে, এনএফডিচি-এনএফএআইয়ে (NFDC-NFAI) ডিজিটেল ভাৱে সত্যজিত ৰায়ৰ চিনেমাবোৰ 4কে ৰিজলিউশ্বনলৈ পুনৰুদ্ধাৰ কৰাৰ এটা প্ৰকল্প আৰম্ভ কৰিছিল । এই প্ৰকল্পৰ বাবে প্ৰথমে নিৰ্বাচিত চলচ্চিত্ৰসমূহৰ ভিতৰত 'প্ৰতিদ্বন্দী' আছিল অন্যতম ।

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) পৰিচালন সঞ্চালক ৰবীন্দ্ৰ ভাকৰে কয়, "চিনেমা জগতত ৰায়ে প্ৰথম হিচাপে বিভিন্ন ক্ষেত্ৰত আত্মপ্ৰকাশ কৰিছিল । 'প্ৰতিদ্বন্দী' ছবিখনক বিশেষকৈ জনা যায় কাৰিকৰী দিশত বিভিন্ন নতুন শৈলী প্ৰয়োগ কৰাৰ বাবে (list of films screening cannes 2022) ৷ এনএফএআই NFAI (National Film Archive of India) এ অতি সতৰ্কতাৰে ছবিখনৰ প্ৰিণ্টবোৰ পুনৰুদ্ধাৰ কৰে । উল্লেখ্য যে, ৭৫ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱখনি অহা ১৭ ৰ পৰা ২৮ মেলৈ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: CarryMinati on Ajay Devgn: অজয় দেৱগণৰ চকুৰ কপিৰাইট ল'ব বিচাৰে কেৰী মিনতিয়ে

Last Updated : May 5, 2022, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.