চিটাৰা ডেস্ক, 17 মে’: বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে এই বছৰ সন্মানীয় কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে অংশ লৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে । কানৰ জুৰী সদস্য হিচাপে দীপিকাৰ প্ৰথম উপস্থিতিৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে (Deepika Padukone in Cannes 2022)।
- " class="align-text-top noRightClick twitterSection" data="
">
দীপিকাই সোমবাৰে কান ২০২২ ৰ জুৰী সদস্যসকলৰ বাবে অনুষ্ঠিত কৰা নৈশ ভোজনত অংশ লৈছিল ৷ হোটেল মাৰ্টিনেজত অনুষ্ঠিত কৰা হৈছিল এই নৈশ ভোজ (Cannes 2022 Deepika as jury member) । অন্য সদস্যসকলৰ সৈতে দীপিকাৰ ফটো আৰু ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
সোমবাৰে দীপিকাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰে য'ত তেওঁ তেওঁৰ অনুৰাগীসকলক কান মহোৎসৱলৈ অহাৰ বিষয়ে অৱগত কৰে (Deepika Padukone instagram)।
- " class="align-text-top noRightClick twitterSection" data="
">
ভিডিঅ' ক্লিপটোত দীপিকাক এটা ডেনিম ক্ৰপ জেকেট পিন্ধা দেখা গ’ল । ভিডিঅ'টোৰ জৰিয়তে দীপিকাই তেওঁৰ কান যাত্ৰাৰ এক আভাস ষ্টাইলত অনুৰাগীৰ সন্মুখত দাঙি ধৰিছে । দীপিকাই শ্বেয়াৰ কৰিছিল যে তেওঁ 11 ঘণ্টাৰ বিমান যাত্ৰাটোত বেছিভাগ সময় শুইহে আহিছিল ।
ভিডিঅ'টোৰ শেষত 36 বছৰীয়া তাৰকা গৰাকীক তেওঁ পৰৱৰ্তী সময়ত কি কৰিব লাগে - খাব লাগে নে শুব লাগে সেই বিষয়ে দোধোৰমোধোৰত পৰা দেখা গ’ল । অৱশ্য়ে শেষত তেওঁ মন্তব্য কৰে যে খোৱাটো সদায় এটা ভাল পৰিকল্পনা ৷ কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে দীপিকাৰ হাতত প্ৰজেক্ট কে শীৰ্ষক ব্যয়বহুল ছবি এখন আছে ৷
লগতে পঢ়ক: প্ৰজেক্ট কে ৰ শ্বুটিঙৰ বাবে ৰামোজী ফিল্ম চিটীত উপস্থিত দীপিকা পাডুকন