ETV Bharat / entertainment

Jawan Free Ticket Offer: জৱানৰ অনুৰাগীৰ বাবে সুখবৰ ! নিৰ্মাতাৰ ডাঙৰ ঘোষণা - শ্বাহৰুখ খান

শ্বাহৰুখ খানৰ ছবি জৱানে দেশ-বিদেশত উপাৰ্জন কৰিছে ব্যাপক ধন ৷ এতিয়া কিং খানে দৰ্শকক এটা ডাঙৰ উপহাৰ দি নিজৰ ছবিখনৰ টিকটত এক ৰোমাঞ্চকৰ অফাৰ ঘোষণা কৰিছে ।

Buy One Get One free ticket offer on Jawan for 3 days Thursday Friday and Saturday
জৱানৰ টিকটত অফাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:08 PM IST

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ: শ্বাহৰুখ খানৰ অভিনীত ‘জৱান’ ছবিখন মুক্তিৰ পিচতে দেশ-বিদেশত আলোড়নৰ সৃষ্টি কৰিছে । ঘৰুৱা বক্স অফিচত ৫৫০ কোটিতকৈ অধিক উপাৰ্জন কৰা ছবিখনে এতিয়া ৬০০ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে । শেহতীয়াকৈ বিশ্বব্যাপি ছবিখনে ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এতিয়া বিশ্বজুৰি হিন্দী চিনেমাৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম হৈ পৰিছে ।

এই বছৰটোত দুটাকৈ ব্লকবাষ্টাৰ ছবি উপহাৰ দিছে শ্বাহৰুখ খানে ৷ বছৰটোৰ আৰম্ভণিতে পাঠান আৰু তাৰ পাচত ‘জৱান’ ৷ এই দুখন ছবি শ্বাহৰুখ খানৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে । অৱশ্যে এতিয়া ছবিখনৰ উপাৰ্জন কিছু হ্ৰাস পাইছে । এনে পৰিস্থিতিত নিৰ্মাতাসকলে ছবিগৃহলৈ দৰ্শকক আকৰ্ষণ কৰিবলৈ এক নতুন কৌশল অৱলম্বন কৰিছে আৰু সেয়া হৈছে টিকটত অফাৰ ঘোষণা ।

জৱানৰ টিকটত ডাঙৰ অফাৰ ঘোষণা কৰিছে নিৰ্মাতাই

জৱানৰ উপাৰ্জন হ্ৰাস পোৱা দেখি নিৰ্মাতাই টিকটত ডাঙৰ অফাৰ ঘোষণা কৰিছে । শেহতীয়াকৈ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে ইনষ্টাত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত লিখা আছিল, "ডাবল ধমাকা । একক মূল্য । যেনেকৈ আজাদৰ সৈতে বিক্ৰম ৰাঠোৰ...আপোনাৰ সৈতে এতিয়া আন এজন ব্যক্তিয়ে উপভোগ কৰিব পাৰিব ৷ এটা টিকট ক্ৰয় কৰিলে বিনামূলীয়া হ’ব আনটো টিকট । ১ + ১ টা অফাৰ । আপোনাৰ আপোনজনৰ সৈতে, আপোনাৰ ওচৰৰ ছবিগৃহত - হিন্দী, তামিল আৰু তেলেগু ভাষাত জৱান উপভোগ কৰক ।"

কিং খানেও ঘোষণা কৰিলে এই অফাৰৰ কথা

শ্বাহৰুখ খানে এই কথা ঘোষণা কৰি লিখিছে- ভাই আৰু ভনী, শত্ৰু, আপোনাৰ প্ৰেমিকাক কাইলৈ জৱান দেখাব আৰু খুৰা-খুড়ী, পেহা-পেহী, মামা-ককা অৰ্থাৎ গোটেই পৰিয়ালটো... সকলোৰে বাবে এটাৰ সৈতে এটা বিনামূলীয়া টিকট । গতিকে কাইলৈৰ পৰা... পৰিয়াল, বন্ধু বৰ্গ আৰু প্ৰেম... মাত্ৰ এটা টিকট ক্ৰয় কৰক আৰু দুগৰাকীয়ে উপভোগ কৰক ৷ গোটেই পৰিয়ালৰ সৈতে বিনামূলীয়াকৈ উপভোগ কৰক ।"

‘জৱান’ৰ হ্ৰাস পোৱা উপাৰ্জন বৃদ্ধিৰ বাবে নিৰ্মাতাৰ এই কৌশলে কাম কৰিবনে ?

উল্লেখ্য যে আজি চিনেমাগৃহত মুক্তি পালে ‘The Vaccine War’ আৰু ‘Fukrey 3’। এনে পৰিস্থিতিত ‘জৱান’ৰ উপাৰ্জনত প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক । সেয়েহে, নিৰ্মাতাই এই সিদ্ধান্ত লৈছে ৷ এতিয়া এই কৌশলে কিমান কাম কৰিব সেয়া সময়ত হে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Shah Rukh Khan Dunki: কি আছে শ্বাহৰুখ খানৰ ছবি ডাংকিত ? মুক্তিৰ তাৰিখৰ পৰা কাহিনীলৈকে সকলো জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.