চিটাৰা ডেস্ক, 10 ছেপ্টেম্বৰ : 9 ছেপ্টেম্বৰত চলচ্চিত্ৰ নিৰ্মাতা অয়ন মুকেৰ্জীৰ দীৰ্ঘদিনীয়া পৰিকল্পনা ব্ৰহ্মাস্ত্ৰই মুক্তি লাভ কৰে ।মুখ্য চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ ছবিখনে মুকলি দিনত কেইবাটাও ৰেকৰ্ড ভংগ কৰিছে । বন্ধ নথকা দিন এটাত মুক্তি দিয়াৰ পিছতো প্ৰায় 35-36 কোটি টকা সংগ্ৰহ কৰি ব্ৰহ্মাস্ত্ৰই আৰ আৰ আৰৰ মুক্তি দিনৰ উপাৰ্জন অতিক্ৰম কৰিলে ।
বৰ বিশেষ ইতিবাচক সঁহাৰি নাপালেও কিন্তু ব্ৰহ্মাস্ত্ৰই আশা কৰা মতেই বক্স অফিচৰ পক্ষতে প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ মুক্তিৰ দিনটোত 36.50 ৰ পৰা 38.50 কোটি টকা অৰ্জন কৰে ছবিখনে (Brahmastra box office collection Day 1) ৷ নন-হলিডে মুক্তিৰ ই সৰ্বাধিক উপাৰ্জন ৷
ট্ৰেড ৱেবছাইট BoxOfficeIndia.com এ ব্ৰহ্মাস্ত্ৰৰ প্ৰথম দিনৰ ব্যৱসায় শ্বেয়াৰ কৰিছে । যাৰ মতে, ছবিখনে মুকলিৰ দিনটোত প্ৰায় 35-36 কোটি টকা উপাৰ্জন কৰিছে । ছবিখনে মুক্তিৰ দিনা এতিয়ালৈকে সৰ্বাধিক 34.75 টকা উপাৰ্জন কৰা ৰণবীৰৰ ছবি সঞ্জুকো চেৰ পেলাইছে ।
ব্ৰহ্মাস্ত্ৰ প্ৰথম দিনৰ ব্যৱসায়িক সংখ্যা আকৰ্ষণীয় হ’লেও কিন্তু ছবিখনত স্পাৰ্কৰ অভাৱ অনুভৱ কৰিছে চলচ্চিত্ৰ প্ৰেমীয়ে । এই প্ৰথম উইকেণ্ডটো ছবিখনৰ বাবে গুৰুত্বপূৰ্ণ হ’ব কাৰণ ৰিভিউ আৰু মুখে মুখে বাগৰা কথা বৰ শক্তিশালী হিচাপে পৰগণিত হোৱা নাই । 410 কোটি টকাৰ বাজেটত নিৰ্মিত ব্ৰহ্মাস্ত্ৰ হিন্দী চিনেমাৰ ভিতৰত এতিয়ালৈকে আটাইতকৈ দামী ছবি । ইয়াৰ পূৰ্বে 310 কোটি টকাৰ বাজেটত যশ ৰাজ ফিল্মছে প্ৰযোজনা কৰিছিল থগছ অৱ হিন্দুস্তান ।
ছ’চিয়েল মিডিয়াতো প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছে ব্ৰহ্মস্ত্ৰই। লাল সিং চাড্ডা, লাইগাৰ, ৰক্ষা বন্ধনৰ দৰে ছবিক জুৰুলা কৰাৰ পিছত ৰণবীৰ-আলিয়াৰ অভিনীত ব্ৰহ্মাস্ত্ৰয়ো মুক্তিৰ ঠিক আগতেই সন্মুখীন ট্ৰ’ল আৰু বৰ্জনৰ ৷
ব্ৰহ্মস্ত্ৰ প্ৰথম খণ্ড: শিৱ হৈছে ষ্টাৰ ষ্টুডিঅ’, ধৰ্ম প্ৰডাকচন, প্ৰাইম ফ’কাচ আৰু ষ্টাৰলাইট পিকচাৰ্ছৰ যৌথ প্ৰযোজনা ।
লগতে পঢ়ক : অনুপম খেৰ আৰু নীনা গুপ্তা অভিনীত 'Shiva Shastri Balboa' ৰ ফাৰ্ষ্ট লুক মুকলি