ETV Bharat / entertainment

Boman Irani birthday:জনপ্ৰিয় অভিনেতা গৰাকীৰ পাঁচটা স্মৰণীয় চৰিত্ৰ - বোমান ইৰাণীৰ স্মৰণীয় চৰিত্ৰ

বলীউডৰ প্ৰতিভাৱান অভিনেতা বোমান ইৰাণীয়ে বছৰ বছৰ ধৰি ছবিত তেওঁৰ অতুলনীয়া অভিনয়েৰে লাখ লাখ দৰ্শকৰ হৃদয়ত নিজৰ স্থান সুনিশ্চিত কৰি লৈছে । আজি অভিনেতাগৰাকীয়ে 63 বছৰ সম্পূৰ্ণ কৰিছে ৷ বিশেষ দিনটোত চাওঁ আহক তেওঁ অভিনীত শীৰ্ষ 5 টা স্মৰণীয় চৰিত্ৰ-

Boman Irani
জনপ্ৰিয় অভিনেতা গৰাকীৰ পাঁচটা স্মৰণীয় চৰিত্ৰ
author img

By

Published : Dec 2, 2022, 1:20 PM IST

চিটাৰা ডেস্ক, 2 ডিচেম্বৰ : বলীউডৰ প্ৰতিভাশালী অভিনেতা হিচাপে পৰিচিত অভিনেতা বোমান ইৰাণীয়ে বিগত বছৰবোৰত চলচ্চিত্ৰত তেওঁৰ সুন্দৰ অভিনয়েৰে লাখ লাখ দৰ্শকৰ হৃদয় জিনি আহিছে । বোমান ইৰাণীয়ে প্ৰতিটো ভূমিকাই নিখুঁতভাৱে পালন কৰে । অভিনেতাজনৰ 63 বছৰীয়া জন্মদিনত (Boman Irani birthday) তেওঁ পৰ্দাত চিত্ৰিত কৰা শীৰ্ষ 5 টা স্মৰণীয় চৰিত্ৰৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক -

'3 ইডিয়টছ'ত ভাইৰাছ সহস্ৰাবুদ্ধে ওৰফে ভাইৰাছ

5 memorable roles played by the versatile actor
অভিনেতা বোমান ইৰাণী

2009 চনৰ এই হিন্দী কমেডী-ড্ৰামা ছবিখনত বোমানৰ অভিনয়ক সাধাৰণ জনতাই বহুলভাৱে প্ৰশংসা কৰিছিল । তেওঁ কলেজৰ পৰিচালকৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে এটা আওপুৰণি পাঠদান কৌশল মানি চলে । তেওঁৰ চৰিত্ৰটো প্ৰথম অৱস্থাত বহু নেতিবাচক আছিল যদিও ছবিখনৰ সামৰণিৰ দিশে তেওঁ নিজকে সংস্কাৰ কৰাৰ ধৰণটোৱে দৰ্শকৰ মনত চাপ বহুৱাইছিল ।

'ডন' ফ্ৰেঞ্চাইজিত ডিচিপি ডি'চিলভা আৰু ভাৰ্ধান

ফাৰহান আখতাৰৰ পৰিচালনাত ‘ডন’ আৰু ‘ডন 2’ত বোমানৰ বহুমুখী প্ৰতিভা স্পষ্টভাৱে প্ৰদৰ্শিত হৈছিল ৷ তেওঁ দুটা ভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ৷ এটা চৰিত্ৰ আছিল ডিচিপি ডি’চিলভা, মুখ ঢাকি ৰখা এজন আৰক্ষী বিষয়া আৰু আনটো আছিল ভাৰ্ধান, এজন আক্ৰামণাত্মক অপৰাধী ।

'মুন্না ভাই' ফ্ৰেঞ্চাইজিত ড° আস্থানা আৰু লাকী সিং

দুয়োটা সম্পূৰ্ণ বেলেগ চৰিত্ৰ হ’লেও অভিনেতাগৰাকীয়ে ক্ৰমে ‘মুন্না ভাই এম.বি.বি.এছ’ আৰু ‘লাগে ৰাহো মুন্না ভাই’ত ড০ আস্থানা আৰু লাকী সিঙৰ চৰিত্ৰ দুটা উজলাই তুলিছিল । প্ৰথমটো চৰিত্ৰত কঠিন পৰিস্থিতিৰ সময়ত হাঁহি থকাৰ অভ্যাস আৰু দ্বিতীয়টোত ধূৰ্ত অথচ সুৰক্ষামূলক পিতৃ হিচাপে চিত্ৰিত কৰি সকলোকে আমোদ দিছিল তেওঁ ।

'খোছলা কা ঘোছলা'ত খুৰানা

বোমানে সাধাৰণ মানুহৰ লগত খেলা-ধূলা কৰা দিল্লীৰ ব্যৱসায়ী খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল । আমি অভিনেতাজনক এই কৌতুক সংস্কৰণটোত অভিনয় কৰা দেখি ভাল পাইছিলো যিটো আন কোনেও ভালদৰে কৰিব নোৱাৰিলেহেঁতেন ।

'জলী এল এল বি'ত অধিবক্তা ৰাজপাল

বোমানে এজন চতুৰ অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে যিকোনো প্ৰকাৰে প্ৰতিটো গোচৰতে জয়ী হ’ব বিচাৰে । এজন ধূৰ্ত অধিবক্তাৰ চিত্ৰণত তেওঁ ইমানেই পাকৈত আৰু তীব্ৰ আছিল যে তেওঁ আৰু বিচাৰকৰ চৰিত্ৰত অভিনয় কৰা সৌৰভ শুক্লাৰ মাজত হোৱা আদালতৰ বিতৰ্কৰ মুহূৰ্তত বাস্তৱ যেন লাগিছিল ।

লগতে পঢ়ক : Pushpa release in Russia: চুপাৰহিট ছবি পুষ্পা এতিয়া প্ৰদৰ্শিত হ’ব ৰাছিয়াৰ ছবিগৃহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.