ETV Bharat / entertainment

Salman Khan: ছলমানৰ বিৰুদ্ধে থকা সাংবাদিকক আক্ৰমণৰ অভিযোগ খাৰিজ কৰিলে বম্বে উচ্চ ন্যায়ালয়ে - বম্বে উচ্চ ন্যায়ালয়

ছলমান খানক ডাঙৰ সকাহ বম্বে উচ্চ ন্যায়ালয়ৰ ৷ বম্বে উচ্চ ন্যায়ালয়ে ছলমান খানৰ বিৰুদ্ধে থকা অসৎ আচৰণৰ অভিযোগ খাৰিজ কৰে (HC Quashes Complaint against Salman)। অভিনেতাগৰাকীৰ বিৰুদ্ধে ২০১৯ চনত এগৰাকী সাংবাদিকে অসৎ আচৰণ কৰাৰ অভিযোগ কৰি এজাহাৰ দাখিল কৰিছিল ।

MH Bombay High Court  given relief to Salman Khan today
ছলমান খানক বম্বে উচ্চ ন্যায়ালয়ৰ সকাহ
author img

By

Published : Mar 30, 2023, 8:19 PM IST

চিটাৰা ডেস্ক, ৩০ মাৰ্চ: ২০১৯ চনত ছলমান খানৰ বিৰুদ্ধে এজন সাংবাদিকক আক্ৰমণ আৰু অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছিল এজাহাৰ ৷ ছলমান খানৰ বিৰুদ্ধে দাখিল হোৱা ২০১৯ চনৰ সেই গোচৰ বম্বে উচ্চ ন্যায়ালয়ে ৩০ মাৰ্চত অৰ্থাৎ আজি খাৰিজ কৰে (MH Bombay High Court)। ছলমান খান আৰু তেওঁৰ দেহৰক্ষী নৱাজ শ্বেখৰ বিৰুদ্ধে সাংবাদিকৰ ফোন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল । আজি ন্যায়াধীশ ভাৰতী ডাংৰে এই নিৰ্দেশ গৃহীত কৰি কয় যে আন্ধেৰী আদালতত হাজিৰ হ’ব নালাগিব ছলমান খান ।

২০১৯ চনত বলীউডৰ ভাইজান ছলমান খানৰ বিৰুদ্ধে সাংবাদিকক আক্ৰমণ আৰু অসৎ আচৰণ কৰাৰ অভিযোগত দাখিল কৰা এফআইআৰ বাতিলৰ নিৰ্দেশ দিয়ে বম্বে উচ্চ ন্যায়ালয়ে । আন্ধেৰী আদালতত হাজিৰ হ’ব নালাগিব ছলমান খান । এই গোচৰটো আন্ধেৰীৰ মহানগৰ দণ্ডাধীশ আদালতত দাখিল কৰা হৈছে (HC Quashes Complaint against Salman)।

সাংবাদিকগৰাকীৰ অধিবক্তা নীৰজ গুপ্তাই জনোৱা মতে, তেওঁৰ ক্লায়েণ্টক ছলমান খানে আক্ৰমণ কৰিছিল আৰু পিচত অভিনেতাজনে সাংবাদিকজনক অসৎ ব্যৱহাৰ কৰিছিল । নীৰজ গুপ্তাই কয়, "মোৰ ক্লায়েণ্ট যি এজন জ্যেষ্ঠ সাংবাদিক, তেওঁক ২০১৯ চনৰ ২৪ এপ্ৰিলত ছলমানে আক্ৰমণ কৰিছিল । অভিনেতাজনে মোৰ ক্লায়েণ্টৰ মোবাইল ফোনটো কাঢ়ি নি মোবাইলৰ সমূহ ডাটাবোৰ ডিলিট কৰি দিছিল ৷ মোৰ ক্লায়েণ্টে যেতিয়া নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া ছলমানে তেওঁক বেয়াকৈ গালি-গালাজ কৰিবলৈ ধৰিছিল । মোৰ ক্লায়েণ্টে অভিযোগ দাখিল কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষী বিষয়াসকলে বিষয়টোত কোনো গুৰুত্ব দিয়া নাছিল ।"

উল্লেখ্য যে, ২০২২ চনৰ মাৰ্চ মাহত দণ্ডাধীশ আদালতে বলীউডৰ ‘চুলতান’ আৰু তেওঁৰ দেহৰক্ষী নৱাজৰ বিৰুদ্ধে চমন জাৰি কৰিছিল । ৫ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। সাংবাদিক অশোক পাণ্ডেই ছলমান খান আৰু তেওঁৰ দেহৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল, সেই গোচৰৰ পৰিপ্ৰেক্ষিতত আদালতে এই নিৰ্দেশ দিছিল (Salman Khan) ৷

যোৱা বছৰৰ এপ্ৰিল মাহত নিম্ন আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ছলমান খান । ২০২২ চনৰ ৫ এপ্ৰিলত নিম্ন ন্যায়ালয়ে জাৰি কৰা চমন স্থগিত ৰাখি অভিনেতাগৰাকীৰ আবেদনৰ শুনানিৰ বাবে উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছিল । পিচত সাংবাদিকগৰাকীয়েও ছলমান খানৰ চমনক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰে যাৰ ফলত উচ্চ ন্যায়ালয়ে সেই আবেদনো স্থগিত ৰাখিছিল (Big relief for Salman Khan)।

সাংবাদিকগৰাকীয়ে অভিযোগ কৰে যে ২০১৯ চনৰ এপ্ৰিল মাহত ছলমান খান আৰু নৱাজ শ্বেখক ৰাজপথত চাইকেল চলোৱাৰ সময়ত অভিনেতাগৰাকীৰ ফটো তোলাৰ বাবে নিৰ্যাতন আৰু আক্ৰমণৰ বলি হৈছিল । এই ঘটনাত অভিনেতাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত অশোক পাণ্ডেই ব্যক্তিগত অভিযোগ দাখিল কৰিছিল । ইফালে ছলমান খানে নিজৰ আবেদনত দাবী কৰিছিল যে অশোক পাণ্ডেৰ অভিযোগ অসামঞ্জস্য । ছলমানে দাবী কৰে যে যিদিনাৰ ঘটনাৰ কথা উল্লেখ কৰা হৈছে সেইদিনা তেওঁ সাংবাদিকজনক একো কোৱাই নাছিল ।

অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৪ (শান্তি ভংগৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাত গোচৰ ৰুজু কৰা হৈছে । আজি সেই গোচৰ খাৰিজ কৰিলে বম্বে উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক: Kangana Ranaut: বলীউড মাফিয়াৰ বিৰুদ্ধে প্ৰশ্ন নকৰাৰ বাবে পাপাৰাজীক কংগনাই ক’লে এই কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.