ETV Bharat / entertainment

Besharam Rang controversy: ছবিগৃহত মুক্তিৰ পূৰ্বে CBFC এ পাঠানৰ নিৰ্মাতাক গানৰ দৃশ্যাংশ সলনি কৰিবলৈ কৈছে - Pathaan controversy

চেণ্ট্ৰেল ব’ৰ্ড অৱ্ ফিল্ম চাৰ্টিফিকেশ্যনৰ অধ্যক্ষ প্ৰসূন যোশীয়ে কয় যে পাঠান ছবিখনৰ নিৰ্মাতাসকলক ছবিখন থিয়েটাৰত মুক্তি পোৱাৰ পূৰ্বে ছবিখনৰ আৰু লগতে গীতৰ কিছু দৃশ্যাংশৰ পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে (Pathaan controversy) । যোশীয়ে লগতে কয় যে সৃষ্টিশীল প্ৰকাশ আৰু সংবেদনশীলতাৰ মাজত সঠিক ভাৰসাম্য বিচাৰি উলিওৱাৰ বাবে চিবিএফচি প্ৰতিশ্ৰুতিবদ্ধ ।

Besharam Rang controversy
পাঠান বিতৰ্কত মত দিলে প্ৰসূন যোশীয়ে
author img

By

Published : Dec 29, 2022, 3:58 PM IST

চিটাৰা ডেস্ক, 29 ডিচেম্বৰ : চেণ্ট্ৰেল ব'ৰ্ড অৱ্ ফিল্ম চাৰ্টিফিকেশ্যনে (CBFC) শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আহিবলগীয়া ছবি পাঠানৰ নিৰ্মাতাসকলক ইয়াৰ গানকে ধৰি ছবিখনৰ কিছু দৃশ্যাংশ পৰিৱৰ্তন কৰিবলৈ আৰু সংশোধিত সংস্কৰণ দাখিল কৰিবলৈ পৰামৰ্শ দিছে, অধ্যক্ষ প্ৰসূন যোশীয়ে এইদৰে জানিবলৈ দিয়ে ।

চলচ্চিত্ৰখন শেহতীয়াকৈ প্ৰমাণপত্ৰৰ বাবে চিবিএফচি পৰীক্ষা সমিতিত উপস্থিত হৈছিল আৰু পৰিষদৰ নিৰ্দেশনা অনুসৰি উপযুক্ত আৰু পুংখানুপুংখ পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছিল । সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত পাঠান য'ত জন আব্ৰাহামেও অভিনয় কৰিছে, 2023 চনৰ 25 জানুৱাৰীত হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তিৰ বাবে সাজু হৈছে ছবিখন (Pathaan release date) ।

ছবিখনৰ প্ৰথমটো গীত Besharam Rang ত দীপিকা পাডুকনে পিন্ধা কমলা ৰঙৰ বিকিনিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । চিবিএফচিৰ অধ্যক্ষ প্ৰসূন যোশীয়ে কয়, "চিবিএফচিৰ নিৰ্দেশনা অনুসৰি পাঠানে যথাযথ পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছিল । সমিতিখনে নিৰ্মাতাসকলক গানসহ চলচ্চিত্ৰখনত সলনি কৰিবলৈ পৰামৰ্শ দিয়া পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰি মুক্তিৰ আগতে সংশোধিত সংস্কৰণ দাখিল কৰিবলৈ নিৰ্দেশনা দিছে" (Pathaan controversy) ৷

যোশীয়ে কয় য "চিবিএফচিয়ে সদায় সৃষ্টিশীল প্ৰকাশ আৰু দৰ্শকৰ সংবেদনশীলতাৰ মাজত সঠিক ভাৰসাম্য বিচাৰি ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু বিশ্বাস কৰে যে আমি সকলো অংশীদাৰৰ মাজত অৰ্থপূৰ্ণ আলোচনাৰ জৰিয়তে সদায় সমাধান বিচাৰি উলিয়াব পাৰো" ৷

"যদিও প্ৰক্ৰিয়াটো যথাযথভাৱে অনুসৰণ আৰু ৰূপায়ণ কৰা হৈছে, মই পুনৰাবৃত্তি কৰিব লাগিব যে আমাৰ সংস্কৃতি আৰু বিশ্বাস গৌৰৱময়, জটিল আৰু সূক্ষ্ম । আৰু মই আগতে কোৱাৰ দৰে, সৃষ্টিকৰ্তা আৰু দৰ্শকৰ মাজৰ বিশ্বাস সুৰক্ষিত কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৃষ্টিকৰ্তাসকলে ইয়াৰ বাবে কাম কৰি থকা উচিত" ৷

Besharam Rang 12 ডিচেম্বৰত অনলাইনত আপলোড কৰা হৈছিল ৷ মুক্তিৰ পিছতেই খলকনি তোলে গানটোৱে । বহুতে গানটো ভাল পোৱাৰ বিপৰীতে কিছুমানে কেশৰ আৰু সেউজীয়া ৰঙৰ সাজ-পোছাকৰ ব্যৱহাৰক লৈ গীতটোক আপত্তিজনক বুলি বিবেচনা কৰিছিল । আনকি ইন্দোৰত কেইবাজনো কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি দীপিকা আৰু শ্বাহৰুখৰ প্ৰতিমূৰ্তিত জুই লগাই দিছিল ।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰই গীতটোত কেশৰ ৰঙৰ সাজ ব্যৱহাৰ কৰাত আপত্তি প্ৰকাশ কৰিছিল । তেওঁ কয় যে ছবিখনত কিছুমান আপত্তিজনক দৃশ্য আছে আৰু সেই শ্বটবোৰ সলনি নকৰিলে মধ্যপ্ৰদেশত পাঠান নিষিদ্ধ কৰাৰ ভাবুকি দিছিল ।

ইফালে, বিতৰ্কৰ মাজতে যশ ৰাজ ফিল্মছে শেহতীয়াকৈ মুক্তি দিয়া ছবিখনৰ দ্বিতীয়টো গীত ‘ঝুমে জো পাঠান’ এ অনুৰাগীৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে ।

লগতে পঢ়ক : Asha Parekh on pathaan controversy:পাঠানত দীপিকাই পিন্ধা গেৰুৱা বিকিনি সন্দৰ্ভত মত দিলে আশা পাৰেখে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.