ETV Bharat / entertainment

Suchandra Dasgupta Death: এক দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে বঙালী টিভি জগতৰ অভিনেত্ৰী সুচন্দ্ৰা দাসগুপ্তাৰ

বঙালী টিভি অভিনেত্ৰী সুচন্দ্ৰা দাস গুপ্তাৰ পথ দুৰ্ঘটনাত মৃত্যু (Suchandra Dasgupta Death) । শ্বুটিং কৰি বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰীগৰাকী ৷

Bangali actress suchandra das gupta dies in a tragic road accident
বঙালী টিভি অভিনেত্ৰী সুচন্দ্ৰ দাস গুপ্তাৰ পথ দুৰ্ঘটনাত মৃত্যু
author img

By

Published : May 21, 2023, 8:46 PM IST

Updated : May 22, 2023, 10:17 AM IST

চিটাৰা ডেস্ক, 21 মে’: বাংলা টিভি উদ্যোগৰ বাবে দুখবৰ ৷ এক দুৰ্ঘটনাত মৃত্যুক আকোৱালি ল’লে টিভি অভিনেত্ৰী সুচন্দ্ৰা দাসগুপ্তাই (Suchandra Dasgupta Death)। সুচন্দ্ৰাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে বাংলা টিভি উদ্যোগত । জানিব পৰা মতে যোৱা নিশা শ্বুটিং কৰি উভতি আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় অভিনেত্ৰীগৰাকী । সুচন্দ্ৰা আছিল পশ্চিমবংগৰ পানীহাটীৰ বাসিন্দা (Bangali actress suchandra das gupta) ।

আৰক্ষীৰ মতে, অভিনেত্ৰীগৰাকীয়ে শ্বুটিং শেষ কৰি ঘৰলৈ উভতি যাবলৈ এপ ভিত্তিক বাইক ৰাইড বুক কৰিছিল ৷ ইয়াৰ পিচতে বাইকত গৈ থকা অৱস্থাতে বৰানগৰ থানা এলেকাৰ ঘোষ পাৰাৰ সমীপত সংঘটিত হয় সেই অনাংকাক্ষিত ঘটনাটো ৷

কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ?

জানিব পৰা মতে, বৰানগৰ আৰক্ষী থানাৰ সন্মুখত ঘোষপাৰা পথত এখন অনিয়ন্ত্ৰিত ট্ৰাকে অভিনেত্ৰীগৰাকীৰ বাইকত পিচফালৰ পৰা খুন্দা মাৰে । আচলতে অভিনেত্ৰীগৰাকীয়ে শ্বুটিং কৰি ঘৰলৈ উভতি আহি আছিল । একে সময়তে স্থানীয় ৰাইজৰ মতে বদনগৰ জংচনৰ সমীপৰ চিগনেলত বাইকখনৰ সন্মুখত এখন চাইকেল আহি আছিল (Suchandra das Gupta accident)।

ইফালে বাইকৰ চালকে অভিনেত্ৰীগৰাকীক বচাবলৈ ব্ৰেক লগোৱাৰ সময়ত সুচন্দ্ৰা বাইকৰ পৰা বাগৰি পৰে আৰু তাৰ পিচত পিছফালৰ পৰা অহা ১০ চকীয়া বাহনখনে অভিনেত্ৰীগৰাকীক মহতিয়াই নিয়ে ৷ এই ঘটনাৰ পিচতেই থিতাতে মৃত্যুক সাৱটি লয় সুচন্দ্ৰা দাসগুপ্তাই । একে সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ট্ৰাক চালকজনক । আনহাতে, সুচন্দ্ৰাৰ মৃত্যুত তেওঁৰ অনুৰাগী আৰু পৰিয়াল গভীৰভাৱে স্তম্ভিত হৈ পৰিছে (Suchandra das gupta dies in road accident)।

সুচন্দ্ৰা টিভিৰ এটা সুপৰিচিত নাম আছিল

সুচন্দ্ৰাই বেছিভাগেই বিভিন্ন শ্ব’ত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছে । ইয়াৰ ভিতৰত বিশ্বৰূপ বন্দ্যোপাধ্যায় আৰু মোহনা মাইতীৰ অভিনীত 'গৌৰী এলো' আদিয়েই সুচন্দ্ৰাই এই ধাৰাবাহিকখনৰ পৰা যথেষ্ট জনপ্ৰিয়তা লাভ কৰাৰ লগতে তেওঁৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট আছিল ।

লগতে পঢ়ক: Chaitanya Passes Away : আত্মহত্যা কৰিলে নৃত্য পৰিচালক চৈতন্যই; মৃত্যুৰ পূৰ্বে বনাইছিল এটা চাঞ্চল্যৰ ভিডিঅ’

Last Updated : May 22, 2023, 10:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.