ETV Bharat / entertainment

Assamese short film: অহা ২৮ জুলাইত আহি আছে অসমীয়া চুটি ছবি খোজৰ শব্দ - অসমীয়া চুটি ছবি

অসমীয়া চুটিগল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কেইগৰাকীমান শিল্পীৰ বিশেষ পদক্ষেপ। শীঘ্ৰেই মুক্তি পাব গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে এখন বিশেষ চুটি ছবি।

Assamese short film Khujor Shabdo starring Dipalina Deka will be released on July 28
অসমীয়া চুটিছবি খোজৰ শব্দ
author img

By

Published : Jul 25, 2023, 4:46 PM IST

অসমীয়া চুটি ছবি খোজৰ শব্দ

চিটাৰা ডেস্ক, 25 জুলাই: প্ৰখ্যাত গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে এখন বিশেষ চুটি ছবি। অসমীয়া চুটিগল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ কেইগৰাকীমান উদীয়মান শিল্পীয়ে । লগতেই আন কেইবাগৰাকীও প্ৰখ্যাত গল্পকাৰৰ গল্প দৃশ্য-শ্ৰৱ্যৰ মাধ্যমেৰে ৰাইজৰ কাষলৈ লৈ যোৱাৰ পৰিকল্পনা শিল্পীদলটোৰ ।

"চিনে গল্প" চিৰিজ নামেৰে এখনৰ পিচত আন এখন চুটি ছবি নিৰ্মাণ কৰা হ’ব প্ৰখ্যাত গল্পকাৰৰ গল্পৰ আধাৰত । তাৰেই প্ৰথম পদক্ষেপ হিচাপে অহা ২৮ জুলাইত শুভমুক্তি দিয়া হ’ব মনোজ কুমাৰ গোস্বামীৰ গল্প "খোজৰ শব্দ"ৰ আধাৰত নিৰ্মিত এখন বিশেষ চুটি ছবি । Mind garage নামৰ ইউটিউব চেনেলত উপলব্ধ হ’ব চুটি ছবি খন ।

উল্লেখ্য যে এই চুটি ছবি খন পৰিচালনা/ পৰিকল্পনা কৰিছে হিমাংশু প্ৰসাদ দাসে । আনহাতে পাঠ কৰিছে কপিল বৰাই । লগতে চিত্রগ্রহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে । প্ৰযোজনা/ পৰিকল্পনা কমল পৰাণৰ । অভিনয়ত দীপলিনা ডেকা, হিৰণ্যদেৱ শৰ্মা, হিমাংশু প্ৰসাদ দাস । সম্পাদনা ধীৰাজ মজুমদাৰৰ । সংগীত কৰিছে বেচহলে ।

ছবিখনক লৈ আশাবাদী পৰিচালক হিমাংশু প্ৰসাদ দাস। লগতে এই ছবিখনত অন্য এটা ৰূপত দেখা যাব কণ্ঠশিল্পী দীপলিনা ডেকাক । এনে প্ৰচেষ্টাই অসমীয়া সাহিত্য জগতখনক আৰু এখোজ আগুৱাই নিয়াত সহায় কৰিব।

আজি এক সংবাদমেলযোগে এই কথা চুটি গল্পটোৰ বিষয়ে সবিশেষ বৰ্ণনা কৰে পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু কণ্ঠশিল্পী দীপলিনা ডেকাই ৷ দীপলিনা ডেকাই এই চুটি ছবিখনত এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিব যিটো ৰূপত হয়তো অনুৰাগীয়ে দীপলিনাক ইতিপূৰ্বে দেখা নাই ৷

লগতে পঢ়ক: Oppenheimer: অপেনহাইমাৰক ভাৰতীয় নাগৰিকত্বৰ প্ৰস্তাৱ দিছিল নেহৰুৱে, কিন্তু কিয় অপেনহাইমাৰে নাকচ কৰিছিল এই প্ৰস্তাৱ ?

লগতে পঢ়ক: Oppenheimer controversy: অপেনহাইমাৰৰ অন্তৰংগ দৃশ্যক লৈ খঙত অগ্নিশৰ্মা অনুৰাগ ঠাকুৰ, ক’লে - এই দৃশ্যক কেনেকৈ দিয়া হ’ল অনুমতি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.