চিটাৰা ডেস্ক, 12 জুলাই : ৰাজ্যত চলা ধাৰাবাহিক এনকাউণ্টাৰক লৈ সাধাৰণ জনতাই ক্ষোভ উজাৰিছে যদিও কাণসাৰ নাই ৰজাঘৰীয়াৰ ৷ জীয়াতু ভূগিছে একমাত্ৰ এনকাউণ্টাৰ চলা পৰিয়ালৰ লোকসকলে ৷
এনকাউণ্টাৰ শীৰ্ষক চুটি ছবিখন অসমৰ আৰক্ষীৰ এনকাউণ্টাৰৰ পটভূমিত নিৰ্মাণ কৰা এখন কথাছবি (Assamese short film encounter) ৷ কথাছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা মোলান লস্কৰৰ (Assamese short film encounter by Molan Lashkar) ৷ কিন্তু হঠাৎ কিয় সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰে নিৰ্মাণ কৰিলে এনকাউণ্টাৰ নামেৰে এখন ছবি ? এনাকাউন্টাৰত আছে নেকি অসম আৰক্ষীয়ে কৰা ভুৱা এনকাউণ্টাৰৰ সবিশেষ ? এই বিষয়ে জানিবলৈ আপোনালোকে YouTube ত চাব লাগিব ছবিখন ৷
যি সময়ত অসম আৰক্ষীয়ে এনকাউণ্টাৰ চলাই নাগৰিকৰ মানৱ অধিকাৰ লংঘন কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু ৰাজ্যত অঘোষিত ৰূপত পুলিচৰাজেৰে জনসাধাৰণক ভীতিগ্ৰস্থ কৰা হৈছে বুলি বিতৰ্কৰ সৃষ্টি হৈছে সেই সময়তে মোলান লস্কৰে স্পৰ্শকাতৰ বিষয়টোক লৈ নিৰ্মাণ কৰা ছবিখনে চলচ্চিত্ৰ প্ৰেমীৰ মনত কৌতূহলৰ সৃষ্টি কৰাটো নিশ্চিত ৷
উল্লেখ্য যে মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱ-পাৰ্বতীৰ চৰিত্ৰ ৰূপায়নৰে অভিনৱ প্ৰতিবাদৰে দেশৰ সৰ্বত্ৰে চৰ্চিত হোৱা বিৰিঞ্চি বৰাই পৰিবেশন কৰা বাটৰ নাটখনৰ পৰিচালক দুলাল বৰায়ো মোলান লস্কৰৰ এনকাউণ্টাৰত দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷
লগতে পঢ়ক: কমলপুৰত আৱাহন থিয়েটাৰৰ আখৰা গৃহ উদ্বোধন