ETV Bharat / entertainment

Tiger 3: ছলমান খানৰ সৈতে অৰ্জুন কাপুৰৰ শীতল যুদ্ধৰ অন্ত পৰিল নেকি ?

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 1:09 PM IST

বৰ্তমান ছলমান খান নিজৰ ছবি টাইগাৰ ৩ ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে এটা খবৰ আহিছে ছলমান খানৰ সৈতে অৰ্জুন কাপুৰৰ মাজত চলি থকা মনোমালিন্যৰ অন্ত পৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Arjun Kapoor ended his rumoured cold war with Salman Khan
ছলমান খানৰ সৈতে অৰ্জুন কাপুৰৰ মাজত চলি থকা মনোমালিন্যৰ অন্ত পৰিছে !

চিটাৰা ডেস্ক, 12 অক্টোবৰ: বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু ছুপাৰষ্টাৰ ছলমান খানৰ মাজৰ মনোমালিন্যৰ বিষয়ে সকলোৱে জানে ৷ পূৰ্বে অৰ্জুন আৰু ছলমানৰ সম্পৰ্কত সৃষ্টি হৈছিল মতানৈক্যৰ ৷ কিন্তু এতিয়া যেন দুয়োৰে মাজত সকলো ঠিক হ’বলৈ ধৰিছে ৷ যেন এক প্ৰকাৰে অন্ত পৰিল ছলমান খান আৰু অৰ্জুন কাপুৰৰ শীতল যুদ্ধৰ । বৰ্তমান ছলমান খান তেওঁৰ আগন্তুক ছবি টাইগাৰ ৩ ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । টাইগাৰ ৩ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে ভাইজান । ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা মেচখনত টাইগাৰ ৩ৰ প্ৰচাৰৰ বাবে যোৱা দেখা যাব ছলমানক । এই মেচখন ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব । শেহতীয়াকৈ এই কথা ঘোষণা কৰিছে ছলমান খানে ।

ছলমানৰ প্ৰচাৰ ভিডিঅ’ যশ ৰাজ ফিল্মছে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যশ ৰাজ ফিল্মছে শ্বেয়াৰ কৰা ছলমান খানৰ ভিডিঅ’টো । অৰ্জুন কাপুৰে এই ভিডিঅ’টো লাইক কৰিছে । ইয়াৰ পিচতে সকলোৱে অনুমান কৰিছে যে অৰ্জুন আৰু ছলমানৰ শীতল যুদ্ধৰ হয়তো অন্ত পৰিল ।

অৰ্জুনক অভিনেতা বনোৱাৰ আঁৰত আছে ছলমানৰ হাত

উল্লেখ্য যে অৰ্জুন কাপুৰে কেতিয়াও ছলমান খানৰ সৈতে হোৱা বিবাদৰ বিষয়ে ৰাজহুৱাভাৱে আলোচনা কৰা নাই যদিও অৰ্জুনৰ পিতৃ বনী কাপুৰে এক সাক্ষাৎকাৰত এই কথা কৈছিল । তেওঁ কৈছিল যে অৰ্জুন আৰু ছলমানৰ মাজৰ সম্পৰ্ক ভাল নহয় ।

বনী কাপুৰে ২০২০ চনত আইএনএছক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে অৰ্জুনক অভিনেতা হ’বলৈ উৎসাহিত কৰিছিল ছলমান খানে । বনী কাপুৰে কৈছিল- অৰ্জুনে সদায় পৰিচালক হ’ব বিচাৰিছিল, সেইবাবেই তেওঁক নায়ক হিচাপে লঞ্চ কৰাৰ কোনো পৰিকল্পনা নাছিল । কিন্তু এদিন ছলমানৰ ফোন আহিল যে অৰ্জুনে অভিনয় জগতখনত কাম কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ অৰ্জুনৰ ভিতৰত এজন অভিনেতা হোৱাৰ গুণ আছে ৷ ইয়াৰ পিচত ছলমানে অৰ্জুনক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে ৷

লগতে পঢ়ক: Akshay Kumar: অক্ষয় কুমাৰৰ পুত্ৰ আৰভে পিতৃৰ ছবি ভাল নাপালে দিয়ে এনে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.