ETV Bharat / entertainment

Apurva Asrani : প্ৰিয়ংকাৰ পিচত এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই উদঙাই দিলে বলীউডৰ গোপন কথা

author img

By

Published : Apr 4, 2023, 1:30 PM IST

প্ৰিয়ংকাৰ পিচত এইবাৰ বলীউডৰ বিতৰচৰা উদঙাই দিলে চলচ্চিত্ৰ নিৰ্মাতা অপূৰ্ব আছৰাণীয়ে । চলচ্চিত্ৰ নিৰ্মাতাগৰাকীই কৈছে যে প্ৰিয়ংকা চোপ্ৰা আৰু সুশান্ত সিং ৰাজপুতক বলীউডৰ পৰা বাহিৰ কৰিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন . . .

APURVA ASARANI REVEALS SAYS A CAMPAIGN WAS RUN AGAINST PRIYANKA CHOPRA AND SUSHANT SINGHG RAJPUT
বলীউডৰ বিতৰচৰা উদঙাই দিলে চলচ্চিত্ৰ নিৰ্মাতা অপূৰ্ব আছৰাণীয়ে

চিটাৰা ডেস্ক, 4 এপ্ৰিল: স্বামী নিক জ’নাছ আৰু কন্যা মালতী মেৰী চোপ্ৰা জ’নাছৰ সৈতে নিজৰ মাতৃগৃহলৈ (ভাৰত) আহিছে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা । ভাৰতলৈ অহাৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰাই বলীউড সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰিছিল । প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ ৰাজনীতিত ভাগৰি পৰা বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ পিচত চলচ্চিত্ৰ জগতত সৃষ্টি হৈছিল ব্যাপক চৰ্চা ৷ বলীউডৰ ৰাজনীতিত ভাগৰি পৰাৰ বাবেই অভিনেত্ৰীগৰাকীয়ে কেৰিয়াৰৰ বাবে আমেৰিকালৈ যোৱাটো সঠিক বুলি ভাবিছিল (Apurva Asrani recent interview) ।

প্ৰিয়ংকাৰ এই তথ্য প্ৰকাশ কৰাৰ পিচতেই ছ’চিয়েল মিডিয়াত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ বিৰুদ্ধে আক্ৰমনাত্মাক হৈ পৰে বলীউডৰ কুইন কংগনা ৰানাৱট । কংগনাই স্পষ্টকৈ কৈছিল যে কৰণ জোহৰ গেঙৰ বাবেই প্ৰিয়ংকা চোপ্ৰাই চলচ্চিত্ৰ জগত এৰিবলগীয়া হৈছে । কংগনাৰ পিচত এইবাৰ চলচ্চিত্ৰ নিৰ্মাতা অপূৰ্ব আছৰাণীয়ে উদঙাই দিলে বলীউডৰ বিতৰচৰাৰ বিষয়ে । চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয় যে প্ৰিয়ংকা চোপ্ৰাৰ বিৰুদ্ধেই নহয়, সুশান্ত সিং ৰাজপুতৰ বিৰুদ্ধেও বলীউডৰ পৰা উলিয়াই দিবলৈ এক বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল (Apurva Asrani Reveals Sushant Singh Rajput)।

শেহতীয়াকৈ দিয়া সাক্ষাৎকাৰত অপূৰ্ব আছৰাণীয়ে কৈছে যে বলীউডত পৰিয়ালবাদ চৰম স্তৰত আছে । অপূৰ্ব আছৰাণীয়ে কয়, বাৰু নিজৰ মানুহৰ লগত কাম কৰিব বিচাৰে, নিজৰ মানুহক আগুৱাই নিব বিচাৰে ৷ এইখিনিলৈকে সকলো ঠিকেই আছে, কিন্তু কিয় বলীউডৰ বাহিৰৰ জগতৰ পৰা বলীউডলৈ অহা লোকক কিয় তল পেলাব খোজে, সকলোৰে নিজৰ নিজৰ প্ৰতিভা থাকে, কাৰোবাৰ বিৰোধ কৰাৰ ভাল নহয়, কাৰণ ইয়াৰ অন্ত অনাকাংশিত হয় (Priyanka Chopra hailed by Apurva Asrani) ।

প্ৰচাৰ কেনেকৈ চলোৱা হয় ?

অভিনেতাজনৰ বিৰুদ্ধে প্ৰচাৰ কেনেকৈ আৰম্ভ হয় সেই সন্দৰ্ভত অপূৰ্বই কয় যে যেতিয়া কোনো এগৰাকী অভিনেতাই ছবিৰ বাবে অস্বীকাৰ কৰে তেতিয়া তেওঁৰ ইগোত আঘাত পৰে আৰু তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে । তেওঁ সমগ্ৰ চলচ্চিত্ৰ জগতখন নিয়ন্ত্ৰণ কৰে আৰু যিকোনো অভিনেতাৰ কেৰিয়াৰ ধ্বংস কৰাৰ ক্ষমতা আছে (Campaign was run against Priyanka Chopra in 2012) । অভিনেতাজনৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ সাংবাদিকৰ দ্বাৰা লিখিবলৈ লেখা তৈয়াৰ কৰা হয় । কেৱল এয়াই নহয়, তেওঁ এই কথাও প্ৰকাশ কৰে যে বলীউডৰ পৰা বাহিৰৰ অভিনেতাজনক খেদি পঠিয়াৱলৈ তেওঁৰ ভাল অভিনয় আৰু ছবিৰ বিৰুদ্ধে নেগেটিভ লিখা হয় আৰু এই সকলোবোৰে এজন অভিনেতাৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ যথেষ্ট (Apurva Asrani says Bollywood has its favourites)।

সুশান্ত সিং ৰাজপুতৰ বিষয়ে কি ক’লে ছবি নিৰ্মাতাগৰাকীয়ে

সুশান্ত সিং ৰাজপুতৰ বিষয়ে কওঁতে অপূৰ্বই কয় যে, ‘চলচ্চিত্ৰ নিৰ্মাতা অভিষেক কাপুৰে সুশান্ত সিং ৰাজপুতৰ পৰিস্থিতিৰ বিষয়ে সৰ্বোত্তম ৰূপত বৰ্ণনা কৰিছিল । ছবি নিৰ্মাতাজনে কয় যে তেওঁ এজন কোমল অন্তৰৰ মানুহ আৰু তাৰ পিচত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হয় ৷ অভিনেতাগৰাকীৰ কেৰিয়াৰৰ সৈতে খেলা কৰা হয়, তেওঁক সমগ্ৰ ব্যৱস্থাই একাষৰীয়া কৰি ৰাখে, সুশান্তক বঁটাৰ পৰা আঁতৰাই ৰখা হয়, তেওঁৰ এখন ছবি ১০০ কোটিতকৈও অধিক ব্যৱসায় কৰিছিল, কিন্তু সেই ছবিখনক ফ্লপৰ টেগ দিয়া হৈছিল, তেওঁ আছিল এজন অতি বুদ্ধিমান ব্যক্তি, অভিনেতাগৰাকীক শেষলৈকে অত্যাচাৰ কৰা হৈছিল, তেওঁৰ ওপৰত MeToo জাপি দিয়া হৈছিল, কিন্তু আমাৰ সন্মুখত এই সকলোবোৰ ঘটাৰ পিচতো আমি দেখা নাপালোঁ ।"

লগতে পঢ়ক: Priyanka Chopra in India : মালতীৰ সৈতে ভাৰতলৈ আহিছে প্ৰিয়ংকা, হট লুকত বিমানবন্দৰত দেখা গ’ল দেশী গাৰ্লক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.