ETV Bharat / entertainment

Bollywood actors prank: এপ্ৰিল ফুল ডে’- আনক ফুল (Fool) বনোৱাত ওস্তাদ বলীউড অভিনেতা কেইজন - এপ্ৰিল ফুল

আজি এপ্ৰিল ফুল ডে’ ৷ 1 এপ্ৰিলৰ দিনটো সমগ্ৰ বিশ্বই পালন কৰে এপ্ৰিল ফুল ডে’ হিচাপে ৷ অৰ্থাৎ এই দিনটোত এজনে আনজনক মূৰ্খ সজাই ৰং চাই ৷ ঘনিষ্ঠ বন্ধুৰ মাজত সাংঘাতিক উৎসাহ দেখা যায় এই দিনটো লৈ ৷ বলীউডতো আছে কেইজনমান বিশিষ্ট অভিনেতা যি নিজৰ কাৰুকাৰ্যৰে এনেকুৱা ধেমালিসুলভ কাম কৰি বিখ্যাত হৈ পৰিছে (Bollywood actors prank) ৷

Bollywood actors prank
আনক ফুল (Fool) বনোৱাত ওস্তাদ বলীউড অভিনেতা কেইজন
author img

By

Published : Apr 1, 2022, 6:44 PM IST

চিটাৰা ডেস্ক, 1 এপ্ৰিল: এপ্ৰিল ফুলৰ দিনটোত বহুতো নোহোৱা নোপোজা কাণ্ড কৰি বন্ধুৱে বন্ধুক মূৰ্খ সজাই ৰং চাই ৷ এনে ধৰণৰ ধেমালিৰেই সজীৱ হৈ থাকে জীৱন ৷ ধেমালিৰ মূহুৰ্তবোৰ উপভোগ কৰি আজৰি পৰত বৃদ্ধকালত সেইসমূহ ৰোমন্থন কৰিয়েই হাঁহি বিৰিঙি পৰে মুখত ৷ এপ্ৰিল ফুল ডে’ ৰ কাহিনীও ঠিক তেনেকুৱাই (April fools day) ৷ আজি আপোনালোকক জনাম বলীউডৰ সেইকেইজন অভিনেতাৰ বিষয়ে যিয়ে এপ্ৰিল ফুল ডে’ ত বাৰুকৈয়ে মূৰ্খ সজাই সকলোকে হহুৱাইছিল ৷

শ্বাহৰুখ খান-

'কাল হো না হো' চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ত শ্বাহৰুখ খান আৰু চেইফ আলী খানে ছবিখনৰ দলটোৰ সৈতে মিলি এজন ক্ৰু মেম্বাৰক মূৰ্খ সজাইছিল ৷ ছবিখনৰ গোটেই টীমটো তেওঁলোকৰ সৈতে মিলি আছিল ৷ কিবা কথাত খং উঠা যেন দেখুৱাই শ্বাহৰুখে এফালৰ পৰা সকলোকে গালি পাৰিছিল আৰু শেষত সেই বিশেষ সদস্যজনক তেওঁৰ মুখখন ওলমি নোযোৱালৈকে গালি পাৰিছিল ৷ বহু সময়ৰ পিছতহে তেওঁ গম পাইছিল এইয়া ধেমালি বুলি ৷

Bollywood actors prank
কল হো না হো ছবিৰ ছেট

আমিৰ খান

মূৰ্খ সজোৱাত আমিৰ খান পাকৈত ৷ এবাৰ এগৰাকী সহ অভিনেত্ৰীৰ হাত চাব জানে বুলি কৈ আমিৰে বুৰ্বক বনাইছিল ৷ অভিনেত্ৰী গৰাকী মান্তি হৈ তেওঁলৈ আগবঢ়াই দিয়া হাতত থু পেলাই লৰ দিছিল আমিৰ ৷

Bollywood actors prank
আমিৰ খান

ছলমান খান

বিগবছত ছলমানে প্ৰতিযোগী সকলক কিমান মুৰ্খ সজাই সেইয়া দৰ্শকে দেখিছেই ৷ মূৰ্খ সজোৱাৰ তেওঁৰ এই প্ৰথা সকলো দৰ্শকে পছন্দ কৰে ৷

Bollywood actors prank
ছলমান

অজয় দেৱগণ

দেখাত চিৰিয়াছ যেন লাগিলেও কিন্তু ধেমেলিয়া স্বভাৱৰ অজয় দেৱগণ ৷ সিংঘম ৰিটাৰ্ণছৰ সময়ত ছবিখনৰ টীমটোক মূৰ্খ সজাইছিল অজয়ে ৷ অজয় আৰু ৰোহিতে গোটেই সদস্য সকলক কৈছিল যে ছবিখনৰ শ্বুটিং এটা হণ্টেড প্লেছত হ’ব যিটো শুনি সকলোৰে অৱস্থা বেয়া হৈ গৈছিল ৷

Bollywood actors prank
ৰোহিত আৰু অজয়

ৰণবীৰ কাপুৰ

সহ অভিনেত্ৰীৰে সৈতে ধেমালিৰ বাবে বিখ্যাত ৰণবীৰ কাপুৰ ৷ য়ে জৱানী হে দীৱানী ৰ ছেটত কল্কিক মূৰ্খ সজাইছিল অভিনেতাজনে ৷

Bollywood actors prank
য়ে জৱানী হে দীৱানী

অক্ষয় কুমাৰ

ধেমালিৰ ক্ষেত্ৰত ওস্তাদ অক্ষয় কুমাৰ ৷ কপিল শৰ্মাৰ কমেডি শ্ব’টোত অক্ষয়ে কেইবাবাৰো কপিলক মূৰ্খ সজাইছে ৷ হেই বেবীৰ ছেটত অক্ষয়ে ৰিতেশ দেশমুখৰ ফোনৰ পৰা বিদ্যা বালনক আই লাভ ইউ বাৰ্তা প্ৰদান কৰি দুয়োৰে লগতে ধেমালি কৰিছিল ৷

Bollywood actors prank
বিদ্যা ৰিতেশৰ সৈতে অক্ষয়ৰ ধেমালি

লগতে পঢ়ক: পৃথিৱীৰ একমাত্ৰ অভিনেতা যাৰ 8 খনকৈ ছবি কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.