ETV Bharat / entertainment

Oppenheimer controversy: অপেনহাইমাৰৰ অন্তৰংগ দৃশ্যক লৈ খঙত অগ্নিশৰ্মা অনুৰাগ ঠাকুৰ, ক’লে - এই দৃশ্যক কেনেকৈ দিয়া হ’ল অনুমতি ?

author img

By

Published : Jul 24, 2023, 9:41 PM IST

অপেনহাইমাৰ ছবিখনত গীতা পঢ়াৰ দৃশ্যক লৈ বিতৰ্কৰ সৃষ্টি । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই দৃশ্যটো সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Anurag Thakur upset with CBFC officials for clearing objectionable scenes in Christopher Nolans Oppenheimer
অপেনহাইমাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

চিটাৰা ডেস্ক, 24 জুলাই: হলিউডৰ ছবি অপেনহাইমাৰৰ এটা দৃশ্যক লৈ বৃদ্ধি পাইছে বিতৰ্ক । চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন (চেন্সৰ ব’ৰ্ড)ৰ পৰা অপেনহাইমাৰক অনুমতি দিয়াত আশ্চৰ্য প্ৰকাশ কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অনুৰাগ ঠাকুৰে প্ৰশ্ন কৰিছে যে এই দৃশ্যটো কেনেকৈ অনুমতি দিয়া হৈছে ? ইয়াৰ সমান্তৰালকৈ তেওঁ বিতৰ্কিত দৃশ্যটো ছবিখনৰ পৰা আতৰাবলৈও কৈছে ।

অপেনহাইমাৰক লৈ কিয় সৃষ্টি হৈছে বিতৰ্ক

শেহতীয়াকৈ মুক্তি পোৱা ক্রিষ্টোফাৰ নোলানৰ ছবি অপেনহাইমাৰ ছবিখনত অভিনেতা চিলিয়ান মাৰ্ফি আৰু ফ্লৰেন্স পুগৰ মাজত এক অন্তৰংগ দৃশ্য দেখুওৱা হয় ৷ এই দৃশ্যৰ সময়ত অভিনেতাজনে ভাগৱতৰ কিছু শ্লোক আবৃত্তি কৰাও দেখা যায় । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে তেওঁক কিতাপখনৰ বিষয়ে প্ৰশ্ন কৰাত উত্তৰত অপেনহাইমাৰে এইখন সংস্কৃত ভাষাৰ কিতাপ বুলি কয় । কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে এই দৃশ্যৰ সময়ত ভাগৱতৰ নাম লোৱা নাছিল ।

ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা এই দৃশ্যক লৈ প্ৰশ্ন উত্থাপন বিভিন্ন প্ৰশ্নৰ । এতিয়া কেন্দ্ৰীয় মন্ত্ৰীও এই বিষয়ত কঠোৰ হৈ পৰিছে। গোচৰটোত একাংশ দায়িত্বশীল বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

ৰবাৰ্ট জে অপেনহাইমাৰৰ বায়’পিক

ক্রিষ্টোফাৰ নোলানৰ এই ছবিখন বিজ্ঞানী ৰবাৰ্ট জে অপেনহাইমাৰৰ বায়’পিক ৷ আমেৰিকাৰ প্ৰথম পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্যক্তিজনেই হৈছে অপেনহাইমাৰ। পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ আমেৰিকাই মানহাটান প্ৰজেক্ট চলাইছিল, যাৰ মুৰব্বী আছিল অপেনহাইমাৰ ।

বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ছবিখনে

মেমেণ্টো, ডাৰ্ক নাইট ৰাইজেজ, ডানকাৰ্ক, ইন্টাৰষ্টেলাৰ আৰু ইনচেপচন আদি শক্তিশালী ছবিৰ বাবে ক্রিষ্টোফাৰ নোলান পৰিচিত। এনে পৰিস্থিতিত তেওঁৰ অনুৰাগীসকলেও এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। আশা কৰা মতে ছবিখনে বক্স অফিচতো শক্তিশালী উপাৰ্জন কৰে। ভাৰততে তিনিদিনত প্ৰায় ৫০ কোটি টকাৰ ব্যৱসায় কৰিছে ।

খবৰ অনুসৰি এই ছবিখনে বিশ্বজুৰি প্ৰথম উইকেণ্ডত চৈধ্যশ কোটিৰো অধিক ব্যৱসায় কৰিছে । আচলতে অপেনহাইমাৰ ছবিখন বাৰ্বি ছবিখনৰ সৈতে মুক্তি দিয়া হৈছে । বাৰ্বি ছবিখনেও বক্স অফিচক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ বাৰ্বিয়ে ২৭শ কোটিৰো অধিক ব্যৱসায় কৰিছে। দুয়োখন ছবিয়ে বক্স অফিচত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

লগতে পঢ়ক: Oppenheimer Controversy: ক্রিষ্টোফাৰ নোলানৰ অপেনহাইমাৰত অন্তৰংগ দৃশ্যৰ সময়ত ভাগৱতৰ উল্লেখ; বিতর্কৰ সৃষ্টি ভাৰতত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.