গুৱাহাটী, ১০ মে’ : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে অসমৰ এজন যুৱক ৷ অসমৰ ছবিজগতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে যুৱকজনে ৷ হয়, আমি কৈছো অসমৰ যুৱ পৰিচালক অংশুমান শইকীয়াৰ কথা ৷ অংশুমান শইকীয়াৰ পৰিচালিত ‘দ্য মিউজ’ শীৰ্ষক চুটি ছবিখনে স্থান লাভ কৰিছে ইৰাণৰ Norgs International Independent Film Festival ত ৷
ইৰাণৰ এই সন্মানীয় চলচ্চিত্ৰ মহোৎসৱখনৰ চুটি ছবি শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে ‘দ্য মিউজ’ শীৰ্ষক চুটি ছবিখন (Iran International Film Festival) ৷ চুটি ছবি শাখাৰ বাছনিত ভাৰতৰ হৈ একমাত্ৰ পৰিচালক হিচাপে নিৰ্বাচিত হৈছে অংশুমান শইকীয়া (Anshumans The Muse) ।
‘দ্য মিউজ’ শীৰ্ষক ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত ৷ জানিব পৰা মতে অহা ৩১ মে’ত অনলাইন যোগে প্ৰদৰ্শিত হ’ব ছবিখন । উল্লেখ্য যে, নগাঁৱৰ চামগুৰিত ঘৰ যুৱ পৰিচালকগৰাকীৰ ৷ ইফালে কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ লগতে নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত কাম কৰি আছে অংশুমানে । উল্লেখনীয় যে, ইয়াৰ পূৰ্বেও কেইবাখনো নাটক পৰিচালনা কৰিছে অংশুমান শইকীয়াই, যাৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মানো লাভ কৰিবলৈও সক্ষম হৈছে (Iran Norgs International Independent Film Festival) ।
ইফালে ‘দ্য মিউজ’ ছবিখন মূলতঃ এক স্পৰ্শকাতৰ বিষয়ক লৈ নিৰ্মিত কৰা এখন সামাজিক চুটি ছবি ৷ নিজৰ জীৱনত সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা এজন লোকে সমাজ ব্যৱস্থাত অস্থিৰ হৈ থকা তিনিগৰাকী যুৱকৰ সৈতে মিলিত হয় ৷ পিচত এই তিনি যুৱকক কেনেকৈ তেওঁলোকৰ সমস্যাৰ পৰা উদ্ধাৰ কৰি সমাধানৰ পথ উলিয়াবলৈ সহায় কৰে সেয়াই হৈছে এই ছবিখনৰ মূল উদ্দেশ্য ৷
ৰাষ্ট্ৰৰ অস্থিৰ অৰ্থনীতি মাজত এটা অস্থিৰ মনক অন্বেষণ কৰি কাহিনীভাগ আগবাঢ়িছে ৷ পুঁজিবাদী সমাজ ব্যৱস্থাৰ সৃষ্ট বিশৃংখলতা, যুৱক-যুৱতীৰ অন্তঃ প্ৰৱাহিত সংকট আৰু চেতনা তথা ছেডিষ্টিক মানসিকতাৰ ওপৰত এয়া এক কথনৰ প্ৰৱাহ (The Muse short film) ৷
পৰিচালক হিচাবে অংশুমানৰ 'দ্য মিউজ’ হৈছে দ্বিতীয়খন ছবি (Assamese short film The Muse ) । ইয়াৰ পূৰ্বে তেওঁৰ ‘শ্বিল পাই’ নামৰ এখন চুটি ছবিয়েও যথেষ্ট সমাদৰ লাভ কৰিছিল ৷ মুখ্য সহকাৰী পৰিচালক ৰূপে কাম কৰিছে কুলদীপ আহন গোস্বামীয়ে ৷ 'দ্য মিউজ’ৰ চিনেমাটোগ্ৰাফী কৰিছে হিম প্ৰকাশ হালৈ আৰু ৰেকিব আহমেদে ৷ সম্পাদনা দিপাংকৰ বৈশ্যৰ, ছাউণ্ড ডিজাইনিং সৌৰভ কুমাৰ দাসৰ ৷ 'দ্য মিউজ’ ছবিখনত অভিনয়ত কৰিছে প্ৰয়াস ফুকন, অম্বুজেশ বশিষ্ঠ, বিশ্বজিৎ কলিতা, নিপনজ্যোতি ডেকা আৰু সংসুমা বড়োৱে ৷