ETV Bharat / entertainment

Big B tweet: INDIA সন্দৰ্ভত বিতৰ্কৰ মাজতে অমিতাভ বচ্চনৰ এটা টুইট চৰ্চালৈ আহিছে, টুইটটোত কি লিখিছে বিগ বিয়ে ?

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 3:48 PM IST

সংসদৰ বিশেষ অধিৱেশনত ইণ্ডিয়াৰ ঠাইত ভাৰত নাম ৰখাৰ কথালৈ চৰ্চা চলিছে ৷ এই সন্দৰ্ভত বিৰোধীয়ে চৰকাৰক আক্ৰমণ কৰিছে, ইফালে অমিতাভ বচ্চনৰ এটা টুইট পোহৰলৈ আহিছে। এই টুইটত অমিতাভ বচ্চনে লিখিছে ‘ভাৰত মাতা কি জয়’। বিগ বিৰ এই টুইটত বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Amid buzz over name change, Big B tweets Bharat Mata Ki Jai; netizens respond
INDIA বিতৰ্কৰ মাজতে বিগ বিৰ টুইট

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ: বিৰোধীয়ে মিত্ৰজোঁটৰ নাম Indian National Developmental Inclusive Alliance অৰ্থাৎ INDIA ৰাখিছে। এই নামটো ৰখাৰ পিছৰে পৰা ভাৰত আৰু ইণ্ডিয়াক লৈ আৰম্ভ হৈছে বিতৰ্ক । মঙলবাৰে জি-২০ৰ আমন্ত্ৰণ পত্ৰতো The President of Bharat লিখা দেখা গৈছিল, যাৰ বাবে বিৰোধী দল চৰকাৰৰ ওপৰত আক্ৰমণাত্মক হৈ পৰিছে । এই সকলোবোৰ ৰাজনৈতিক বিতৰ্কৰ মাজতে শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে এটা টুইট কৰিছে, যিটো টুইট এতিয়া চৰ্চালৈ আহিছে ৷

  • T 4759 - 🇮🇳 भारत माता की जय 🚩

    — Amitabh Bachchan (@SrBachchan) September 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই টুইটত অমিতাভ বচ্চনে লিখিছে- ভাৰত মাতা কি জয় । এই টুইটটো চৰ্চালৈ আহিছে কিয়নো বৰ্তমান সময়ত সংবিধানত INDIA ৰ নাম ভাৰতলৈ সলনি কৰাৰ কথা চৰ্চা হৈছে । ভাৰত আৰু ইণ্ডিয়া, এই শব্দ দুটা বৰ্তমান দেশৰ ৰাজনীতিত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ বিগ বিৰ এই টুইটটো সেইকাৰণেই চৰ্চালৈ আহিছে ৷

অমিতাভ বচ্চনৰ এই টুইটটো পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে । কেইমিনিটমানৰ ভিতৰতে ই ১৫০০ৰো অধিক ৰিটুইট আৰু শ শ উদ্ধৃতি টুইট লাভ কৰিলে । অমিতাভৰ এই টুইটক লৈ টুইটাৰ ব্যৱহাৰকাৰীসকলে ধাৰাবাহিকভাৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। যদিও অমিতাভ বচ্চনে টুইটটোত আন একো উল্লেখ কৰা নাই, কিন্তু ইউজাৰে ইয়াক পোনপটীয়াকৈ ভাৰত আৰু ইণ্ডিয়া শব্দৰ সন্দৰ্ভত চলি থকা ৰাজনৈতিক বিতৰ্কৰ সৈতে সংযোগ কৰিছে ।

জি-২০ ৰ আমন্ত্ৰণ পত্ৰক লৈ বিতৰ্ক

বিৰোধী মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ পিচতে বিতৰ্কৰ সৃষ্টি হৈছে । এতিয়া জি-২০লৈ নিমন্ত্ৰণ পত্ৰত ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ লিখা এখন চিঠি প্ৰকাশ পাইছে, যাৰ ওপৰত বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে। দাবী কৰা হৈছে যে ইয়াৰ পূৰ্বে আমন্ত্ৰণ পত্ৰত The President of India লিখা হৈছিল, যিখন এতিয়া The President of Bharat বুলি সলনি কৰা হৈছে।

অমিতাভ বচ্চনৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল উচছাই ছবিত। ইয়াৰ পূৰ্বে তেওঁ ৰশ্মিকা মান্দানাৰ সৈতে গুডবাই আৰু ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে ব্ৰহ্মস্ত্ৰ পাৰ্ট ১ ছবিত অভিনয় কৰিছিল । অনাগত দিনত বহু ছবিত দেখা যাব অমিতাভক । ইয়াৰ ভিতৰত কলকি ২৮৯৮ খ্ৰীষ্টাব্দৰ দৰে বিগ বাজেটৰ ছবিতো দেখা যাব ৷ এই ছবিখনত বিগ বিক প্ৰভাস আৰু দীপিকা পাডুকনৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব ।

লগতে পঢ়ক: Vijay Deverakonda: বিজয় দেৱৰাকোণ্ডাৰ মহানুভৱতা; ১০০ পৰিয়াললৈ ১ কোটি টকাৰ সাহায্যৰ ঘোষণা বিজয় দেৱৰাকোণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.