ETV Bharat / entertainment

HBD Ameesha Patel: গদৰ ২ ছবিখনে পুনৰ গতি দিব পাৰিব নে অমিষাৰ কেৰিয়াৰক ?

অমিষা পেটেলৰ কেৰিয়াৰৰ প্ৰথম দুখন ছবিয়েই আছিল ব্লকবাষ্টাৰ । ইয়াৰ পিচত তেওঁৰ প্ৰায় সকলো ছবিয়েই ফ্লপ হৈছিল । এতিয়া অতি সোনকালে গদৰৰ ছিকুৱেলত দেখা যাব অভিনেত্ৰীগৰাকীক । এই ছবিখনৰ পৰা তেওঁ পুনৰ গঢ় দিব পাৰিব নে কেৰিয়াৰ ?

Ameesha Patel Birthday: Actress two movies was superhit, will she bounce back with gadar 2
অমিষা পেটেলৰ জন্মদিন
author img

By

Published : Jun 9, 2023, 12:31 PM IST

চিটাৰা ডেস্ক, 9 জুন: বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে অমিষা পেটেল (Ameesha Patel Birthday) । অভিনেত্ৰীগৰাকীয়ে নিজৰ চলচ্চিত্ৰ জীৱনত বহুতো ছবিত অভিনয় কৰিছে ৷ অৱশ্যে অভিনেত্ৰীগৰাকীৰ অধিকাংশ ছবিয়েই সমাদৰ লাভ কৰাত ব্যৰ্থ হৈছিল । বৰ্তমান সময়ত আগন্তুক ছবি গদৰৰ বাবে সামাজিক মাধ্যমত চৰ্চিত হৈ আছে আমিষা ৷ অহা ১১ আগষ্টত মুক্তি পাবলগীয়া গদৰ 2 ছবিখনত আকৌ এবাৰ অমিষাক চাকিনাৰ চৰিত্ৰত দেখা পোৱা যাব ।

আজি (৯ জুন) অমিষা পেটেলে উদযাপন কৰিছে তেওঁৰ ৪৭ সংখ্যক জন্মদিন (HBD Ameesha Patel) । এই উপলক্ষে জানো আহক অভিনেত্ৰীগৰাকীৰ চলচ্চিত্ৰ কেৰিয়াৰৰ বিষয়ে কিছু নজনা কথা ৷ ২০০০ চনত ‘কাহো না প্যাৰ হে’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল অমিষাই ৷ এই ছবিখনত হৃতিক ৰোশনৰ বিপৰীতে দেখা গৈছিল অমিষাক ।

অভিনেত্ৰীগৰাকীৰ প্ৰথম দুখন ছবি আছিল ব্লকবাষ্টাৰ

প্ৰথম ছবিখনৰ পৰাই জনপ্ৰিয় হৈ পৰিছিল অমিষা ৷ এই ছবিখনক ৰাইজে ব্যাপকভাৱে আদৰি লৈছিল ৷ আপুনি জানি আচৰিত হ’ব যে এই ছবিখনে বিভিন্ন শিতানত ৯২ টা বঁটা লাভ কৰিছিল । সৰ্বাধিক বঁটা লাভ কৰাৰ বাবে এই ছবিখনক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ ২০০২ সংস্কৰণত অন্তৰ্ভুক্ত কৰা হৈছিল ।

বক্স অফিচতো কাহো না প্যাৰ হে ছবিখন ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছিল । ইয়াৰ পিচত আহে আমিষা পেটেলৰ আন এখন ব্লকবাষ্টাৰ ছবি ৷ সেয়া হৈছে গদৰ: এক প্ৰেম কথা ৷ এই ছবি পিচৰ বছৰত অৰ্থাৎ ২০০১ চনত মুক্তি লাভ কৰিছিল আৰু এই ছবিখন আছিল সৰ্বকালৰ ব্লকবাষ্টাৰ । অমিষাই এই ছবিখনত চাকিনাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল । অৱশ্যে এই ছবি দুখনৰ পিচতেই যেন কাল অমানিশা নামি আহে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰত ৷

দুখন ছবিৰ পিচত অধিকাংশ ছবি ফ্লপ হ’ল অভিনেত্ৰীগৰকীৰ

এই ছবি দুখৰ পিচত অমিষা বহু জনপ্ৰিয় হৈ পৰিছিল যদিও ইয়াৰ পিচত অভিনেত্ৰীগৰাকীৰ সকলো ছবি ফ্লপ হ’বলৈ ধৰে । ‘ক্ৰান্তি’, ‘ক্যা য়েহী প্যাৰ হে’, ‘আপ মুঝে আচ্ছে লগনে লগে’ৰ দৰে প্ৰায় ২৭ খন ছবিত অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰিছিল যদিও প্ৰায় সকলো ছবিয়েই ফ্লপ ৰূপে পৰিগণিত হৈছিল ৷

অৱশ্যে ২০০২ চনত মুক্তি পোৱা ‘হুমৰাজ’ ছবিখন জনপ্ৰিয়তাৰ ক্ষেত্ৰত মধ্যমীয়া ৰূপে পৰিগণিত হয় ৷ ইয়াৰ বাহিৰেও ২০০৭ চনত ভুল ভুলাইয়াৰ দৰে সফল হোৱা ছবিবোৰত অভিনেত্ৰীগৰাকীৰ চৰিত্ৰ বৰ ডাঙৰ নাছিল । এই ছবিখনত তেওঁ ৰাধা নামৰ চৰিত্ৰত অভিনয় কৰিছিল যদিও তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ নাছিল ।

গদৰ ২ ছবিখনে নতুন গতি দিব পাৰিব নে অমিষাৰ কেৰিয়াৰক ?

যিহেতু গদৰ এক প্ৰেম কথা ছবিখনে বক্স অফিচ আলোড়নৰ সৃষ্টি কৰিছিল সেয়াহে এতিয়া অনুৰাগীয়ে অপেক্ষা কৰি আছে গদৰ ২ ৰ বাবে । এই ছবিখনত অমিষাক আকৌ এবাৰ ৰূপালী পৰ্দাত দেখা যাব চাকিনাৰ চৰিত্ৰত । একে সময়তে আশা কৰা হৈছে যে ইয়াৰ প্ৰথম খণ্ডৰ দৰেই এই ছবিখনেও বক্স অফিচত ভাল ফলাফল দেখুৱাব ৷ এনে পৰিস্থিতিত গদৰ ২ৰ জৰিয়তে অমিষাৰ পেটেলৰ কেৰিয়াৰ ট্ৰেকত আহিব নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Gadar: Ek Prem katha: কাইলৈ ​​ছবিগৃহত পুনৰ মুক্তি পাব গদৰ এক প্ৰেম কথা, এটাৰ লগত এটা টিকট হ’ব বিনামূলীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.