ETV Bharat / entertainment

Alia Bhatt: কিয় বিয়াত লেহেংগাৰ পৰিৱৰ্তে শাৰী পৰিধান কৰিছিল আলিয়াই ?

শেহতীয়াকৈ এক সাক্ষাৎকাৰত আলিয়া ভাটে প্ৰকাশ কৰিলে নিজৰ বিয়াত কিয় লেহেংগাৰ সলনি শাৰী পৰিধান কৰিছিল ৷

Alia Bhatt finally reveals why she opted for a saree instead of lahega to marry Ranbir Kapoor
বিয়াত লেহেংগাৰ সলনি কিয় শাৰী পিন্ধিছিল আলিয়াই
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 6:25 PM IST

চিটাৰা ডেস্ক, 9 অক্টোবৰ: আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ বলীউডৰ অন্যতম আদৰ্শ দম্পতী । দুয়োগৰাকী প্ৰায়েই ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰা দেখা যায় ৷ অভিনেতা ৰণবীৰ কাপুৰ ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকে ৷ কিন্তু ইয়াৰ বিপৰীতে পত্নী আলিয়া ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় ৷ প্ৰায়ে দুয়োৰে মৰম লগা ছবিবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ।

প্ৰথমে প্ৰেম তাৰ পাচত যোৱা বছৰ দুয়ো বিবাহ পাশত আৱদ্ধ হয় ৷ মুম্বাইৰ ঘৰতে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল । বিয়াৰ বাবে আলিয়াই লেহেংগাৰ পৰিৱৰ্তে বাছি লৈছিল শাৰী । বৰ্তমান সময়ত অভিনেত্ৰীসকলৰ বিয়াৰ সাজৰ বাবে প্ৰথম পছন্দ হৈছে লেহেংগা ৷ কিন্তু ইয়াৰ বিপৰীতে আলিয়াই নিজৰ বিবাহৰ বাছি লৈছিল শাৰী ৷ কিন্তু লেহেংগাৰ পৰিৱৰ্তে আলিয়াই কিয় শাৰী বাছি লৈছিল ? শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই কথা ৷

বিয়াৰ বাবে আলিয়া ভাটে লেহেংগা নহয়, শাৰী বাছি লৈছিল

আলিয়া ভাটে তেওঁৰ বিশেষ দিনটোৰ বাবে বাছি লৈছিল আইবৰী সব্যসাচীৰ শাৰী । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত অভিনেত্ৰীগৰাকীয়ে কয় যে শাৰী আটাইতকৈ আৰামদায়ক সাজ আৰু সেয়েহে ইয়াক নিজৰ কইনাৰ সাজ হিচাপে বাছি লৈছিল আলিয়াই ৷ আলিয়াই ক’লে- মই শাৰী ভাল পাওঁ । এইখনেই পৃথিৱীৰ আটাইতকৈ আৰামদায়ক পোছাক, যাৰ বাবে মই শাৰী পিন্ধিছিলো আৰু মোৰ বিয়াত লেহেংগা পৰিধান কৰাটো বিচৰা নাছিলো মই ৷

আলিয়াই সকলো ধৰণৰ ড্ৰেছ পৰিধান কৰি ভাল পায়

অভিনেত্ৰীগৰাকীয়ে কয় – সেয়া শাৰী হওক, ছুপাৰ ইজি ষ্ট্ৰীট ষ্টাইল ভাইব হওক বা অভাৰ-দ্য-টপ গাউন হওক, মই বিশ্বাস কৰোঁ যে মহিলা হোৱাৰ সৌন্দৰ্য সেইটোৱেই ৷ অৰ্থাৎ সকলো সময়তে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধিব পাৰো । পেণ্ট-ছুট পিন্ধিব পাৰো । মই গাউন পিন্ধিব পাৰো । মই ভাবো এইটো এটা বহুত ভাল কথা আৰু ইয়াকে লৈ মই সুখী ।

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহ

২০২২ চনৰ ১৪ এপ্ৰিলত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহ হৈছিল মুম্বাইৰ নিজ গৃহতে । তেওঁলোকৰ বিশেষ দিনটোত দৰা-কইনাক জনপ্ৰিয় ডিজাইনাৰ সব্যসাচীৰ ডিজাইন কৰা সুন্দৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । অভিনেত্ৰীগৰাকীয়ে ব্ৰাইডেল লেহেংগাৰ পৰিৱৰ্তে আইবৰী অৰ্গেনজা শাৰী বাছি লৈছিল । কইনাৰ সাজত অভিনেত্ৰীগৰাকীক অতি সুন্দৰ দেখা পোৱা গৈছিল ৷

লগতে পঢ়ক: Ganapath Trailer: পৃথিৱীখন সলনি কৰিবলৈ আহি আছে গণপত, চাওক গণপতৰ আকৰ্ষণীয় ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.