চিটাৰা ডেস্ক, 4 মে’: চুপাৰষ্টাৰ অক্ষয় কুমাৰে বুধবাৰে বলীউডত সম্পূৰ্ণ কৰিলে 30 বছৰ ৷ অনুৰাগীসকলক তেওঁলোকৰ চৰ্তহীন মৰমৰ বাবে ধন্যবাদ জনাই ভাৰতীয় চলচ্চিত্ৰ জগতত তিনি দশকৰ আনন্দ উপভোগ কৰে অভিনেতাজনে ৷ যশ ৰাজ ফিল্মছে প্ৰযোজনা কৰা তেওঁৰ শেহতীয়া চলচ্চিত্ৰ "পৃথ্বীৰাজ"ক লৈ ব্যস্ত হৈ আছে অভিনেতাজন (Akshay Kumar new movie) ৷ সম্ৰাট পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ মুক্তিৰ আগতে প্ৰযোজনা গৃহ যশ ৰাজ ফিল্মছে ছবিখনৰ এখন নতুন পোষ্টাৰ মুকলি কৰি অভিনেতাজনৰ এই সুন্দৰ যাত্ৰা উদযাপন কৰে । পোষ্টাৰখনত এতিয়ালৈকে অক্ষয় কুমাৰে অভিনয় কৰা প্ৰতিখন ছবিৰে ফটো সন্নিৱিষ্ট কৰা আছে ৷
-
30 years of cinema, a lifetime filled with your love! Thank you for this amazing journey and thank you @yrf for piecing it together so beautifully with #Prithviraj, releasing in cinemas on 3rd June. https://t.co/nEpxCkPSq3
— Akshay Kumar (@akshaykumar) May 4, 2022 " class="align-text-top noRightClick twitterSection" data="
">30 years of cinema, a lifetime filled with your love! Thank you for this amazing journey and thank you @yrf for piecing it together so beautifully with #Prithviraj, releasing in cinemas on 3rd June. https://t.co/nEpxCkPSq3
— Akshay Kumar (@akshaykumar) May 4, 202230 years of cinema, a lifetime filled with your love! Thank you for this amazing journey and thank you @yrf for piecing it together so beautifully with #Prithviraj, releasing in cinemas on 3rd June. https://t.co/nEpxCkPSq3
— Akshay Kumar (@akshaykumar) May 4, 2022
যশ ৰাজ ফিল্মছৰ টুইটাৰ একাউণ্টে এটা ভিডিঅ' পোষ্ট কৰিছে ৷ ভিডিঅ’টোত অক্ষয় কুমাৰে "পৃথ্বীৰাজ"ৰ পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ উপস্থিতিত বিশেষ পোষ্টাৰখন উন্মোচন কৰিছিল । কুমাৰে কয়, "মই এইটো অনুভৱো কৰা নাছিলো যে মোৰ ৩০ বছৰ সম্পূৰ্ণ হৈছে । মোক এই উপহাৰটো দিয়াৰ বাবে আদিত্য চোপ্ৰাক ধন্যবাদ । মোৰ এতিয়াও মনত আছে যে মই উটিত মোৰ প্ৰথম শ্বটটো দিছিলো, বব ক্ৰিষ্টোৰ সৈতে এইটো এটা এক্সন শ্বট আছিল" ( Akshay Kumar upcoming movie)। 100 খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰা অক্ষয় কুমাৰে ভিডিঅ’টোত এইদৰে কয় ( Akshay Kumar bollywood careeer) ।
-
Celebrating @akshaykumar and his 30 years of incredible cinema! Watch the unveiling video NOW! Celebrate Samrat #Prithviraj Chauhan with #YRF50 only at a theatre near you on 3rd June. pic.twitter.com/KfvkkyCKZR
— Yash Raj Films (@yrf) May 4, 2022 " class="align-text-top noRightClick twitterSection" data="
">Celebrating @akshaykumar and his 30 years of incredible cinema! Watch the unveiling video NOW! Celebrate Samrat #Prithviraj Chauhan with #YRF50 only at a theatre near you on 3rd June. pic.twitter.com/KfvkkyCKZR
— Yash Raj Films (@yrf) May 4, 2022Celebrating @akshaykumar and his 30 years of incredible cinema! Watch the unveiling video NOW! Celebrate Samrat #Prithviraj Chauhan with #YRF50 only at a theatre near you on 3rd June. pic.twitter.com/KfvkkyCKZR
— Yash Raj Films (@yrf) May 4, 2022
অভিনেতাজনে ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰে । শিৰোনামাত তেওঁ লিখিছিল, " চিনেমাৰ ত্ৰিশ বছৰৰ, আপোনালোকৰ মৰমেৰে উপচি পৰা এটা জীৱন ৷ এই আশ্চৰ্যজনক যাত্ৰাৰ বাবে ধন্যবাদ ৷ যশ ৰাজ ফিল্মছকো ধন্যবাদ যাচে অভিনেতাজনে ৷ অক্ষয় কুমাৰৰ প্ৰকৃত নাম ৰাজীৱ ভাটিয়া ৷ তেওঁ ৰাজ চিপ্পীৰ ৰোমাণ্টিক-এক্সন "সৌগন্ধ"ৰ দ্বাৰা চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰিছিল ৷
লগতে পঢ়ক: চাওক কিয়াৰা আদৱানীৰ গ্লেমাৰাছ ফটোশ্বুটৰ একাংশ ফটো