ETV Bharat / entertainment

Ajay Devgn Upcoming Movie: অলৌকিক ছবিত একেলগে দেখা যাব অজয় দেৱগন, আৰ মাধৱন আৰু জ্যোতিকাক, কেতিয়া মুক্তি পাব ছবিখন ?

হিন্দী চিনেমাৰ বলিষ্ঠ শিল্পী অজয় ​​দেৱগনৰ আগন্তুক ছবিৰ কখা ঘোষণা । ই হ’ব এখন অলৌকিক থ্ৰিলাৰ ছবি, যাৰ শিৰোনাম এতিয়াও প্ৰকাশ হোৱা নাই। বিশেষ কথাটো হ’ল পৰিচালক বিকাশ বাহলৰ পৰিচালনাত নিৰ্মিত এই চিনেমাখনত অজয়ৰ লগতে আৰ মাধৱন আৰু জ্যোতিকাৰ দৰে প্ৰবীণ অভিনেতাকো একেলগে দেখা যাব ।

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:13 PM IST

Ajay Devgn, R Madhavan and Jyotika's supernatural thriller gets release date
অজয় ​​দেৱগনৰ আগন্তুক ছবিৰ কখা ঘোষণা

চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: আহি আছে অজয় ​​দেৱগনৰ এখন নতুন ছবি ৷ ছবিখনক অজয় দেৱগনক দেখা যাব এখন কল্পনাতীত অলৌকিক থ্ৰিলাৰত । বৃহস্পতিবাৰে ঘোষণা কৰিছে অজয়ৰ আগন্তুক ছবিৰ মুক্তিৰ কথা ৷ অৱশ্যে ছবিখনৰ শিৰোনাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই । বিশেষ কথাটো হ’ল অজয়ৰ লগতে আৰ মাধৱন আৰু দক্ষিণ চিনেমাৰ প্ৰবীণ অভিনেত্ৰী জ্যোতিকাক মুখ্য চৰিত্ৰত দেখা যাব ।

এইখন ছবিত একেলগে দেখা যাব অজয়, মাধৱন আৰু জ্যোতিকা

হিন্দী চিনেমাৰ কিংবদন্তি অজয় ​​দেৱগন, আৰ মাধৱন আৰু জ্যোতিকাক একেলগে পৰ্দাত দেখাটো অনুৰাগীৰ বাবে এক ছুপাৰ ট্ৰিট । ৭ ছেপ্টেম্বৰত অজয় ​​দেৱগনে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত আগন্তুক ছবিখনৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰি বহু তথ্য দিছে ।

এই পোষ্টটোত অজয়ে কৈছে- "কিছুমান কথাই অলৌকিক ৰূপ ল’বলৈ ওলাইছে। বিকাশ বাহলৰ পৰিচালনাত হ’বলগীয়া এখন শিহৰণকাৰী থ্ৰিলাৰত আৰ মাধৱন আৰু জ্যোতিকাৰ ট্ৰাইঅ’ৰ সাক্ষী হ’বলৈ সাজু হওক । ২০২৪ চনৰ ৮ মাৰ্চত আপুনি এই ছবিখন চিনেমাগৃহত চাবলৈ পাব ।'' এইদৰেই ঘোষণা কৰিছে অজয় ​​দেৱগনে তেওঁৰ আগন্তুক অলৌকিক থ্ৰিলাৰ ছবিখনৰ বিষয়ে । অজয়ৰ এই পোষ্টটো পোহৰলৈ অহাৰ পিচতে সকলোৱে এই ছবিখনৰ বাবে অপেক্ষা কৰা বুলি মন্তব্য কৰিছে ৷

এই পোষ্টটোত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য প্ৰকাশ কৰি কয়- এই ছবিখনত তিনিজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছুপাৰষ্টাৰ অজয় দেৱগন, আৰ মাধৱন আৰু জ্যোতিকাৰ অভিনয়ৰ প্ৰতিযোগিতা দেখা যাব । অসাধাৰণ অভিনয় হ’ব এই চিনেমাখনত ৷ আন এজনে লিখিছে- বছ কেতিয়া আহিব ৰৈ আছো ৷

এই ছবিবোৰত দেখা যাব অজয়ক

যোৱা বছৰ মুক্তি পোৱা অজয়ৰ বিস্ফোৰক ছাচপেন্স থ্ৰিলাৰ ছবি “দৃশ্যম ২” বক্স অফিচত ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয় । অৱশ্যে এইবাৰ মুক্তি পোৱা অভিনেতাগৰাকীৰ ‘ভোলা’ ছবিখনে বিশেষ একো ভাল ফলাফল দেখুৱাব নোৱাৰিলে বক্স অফিচত ।

এনে পৰিস্থিতিত অজয়ৰ আগন্তুক ছবি, পৰিচালক ৰোহিত শ্বেট্টীৰ ‘সিংঘম ৩’ আৰু এতিয়া অজয় ​​দেৱগনক দেখা যাব বিকাশ বাহলৰ শিৰোনামহীন এই ছবিখনত ।

লগতে পঢ়ক: Jawan Special Screening: জৱানৰ বিশেষ প্ৰদৰ্শনীৰ বাবে ৱাই আৰ এফ ষ্টুডিঅ’ত উপস্থিত এছ আৰ কে, হৃত্বিক ৰোশনকে ধৰি বহু তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.