ETV Bharat / entertainment

পাঠানৰ মুক্তিৰ পূৰ্বে মন্নতৰ বাহিৰত শ্বাহৰুখৰ অনুৰাগীৰ ভিৰ দেখি আচৰিত হ’ব আপুনি !

পাঠানৰ মুক্তিৰ পূৰ্বে চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ মুম্বাইস্থিত বাসগৃহ মন্নতৰ সন্মুখত ভিৰ কৰিলেহি অভিনেতাজনৰ অসংখ্য অনুৰাগীয়ে ৷ সমবেত হোৱা অনুৰাগীসকলক শুভেচ্ছা জনাই অভিনেতাজনে । দেওবাৰে কিং খানে ছ'চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীসকলক কৃতজ্ঞতাৰে হাত জোকাৰি থকা এটা ভিডিঅ' শ্বেয়াৰ কৰে ।

author img

By

Published : Jan 23, 2023, 10:43 AM IST

SRK
মন্নতৰ বাহিৰত শ্বাহৰুখৰ অনুৰাগীৰ ভিৰ

চিটাৰা ডেস্ক, 23 জানুৱাৰী : চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ অনুৰাগীসকল চাৰি বছৰৰ অপেক্ষাৰ অন্তত তেওঁলোকৰ প্ৰিয় তাৰাকাগৰাকীক পুনৰ পৰ্দালৈ উভতি অহা দেখি উৎসাহিত হৈ পৰিছে । বহুল চৰ্চিত চিনেমা পাঠানৰ মুক্তিলৈ এতিয়াও কিছু সময় বাকী আছে, ঠিক তেনেকুৱাতে শ্বাহৰুখ খানে দেওবাৰে সন্ধিয়া তেওঁৰ অনুৰাগীসকলক তেওঁৰ ঘৰৰ পৰা সম্ভাষণ জনাই এটি মিঠা চাৰপ্ৰাইজ আগবঢ়াই !

দেওবাৰে শ্বাহৰুখে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে ৷ এছ আৰ কেয়ে তেওঁৰ ঘৰৰ বাহিৰত সমবেত হোৱা শ শ অনুৰাগীক সম্ভাষণ জনাই এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল ৷ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে এখন বিশেষ ৰঙা গাড়ী ৷ গাড়ীখন এছ আৰ কেৰ ঘৰৰ বাহিৰত সমবেত হোৱা অনুৰাগীৰ সাগৰৰ মাজত আবদ্ধ হৈ পৰে । ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি বাদশ্বাহে ৰঙা গাড়ীখন কেনেকৈ তেওঁৰ অনুৰাগীৰ মাজত আবদ্ধ হৈ পৰিল সেই সন্দৰ্ভতো এটা হাস্যৰসময়ী মন্তব্য কৰে । তেওঁ লিখে, "ধন্যবাদ দেওবাৰৰ এটা সুন্দৰ সন্ধিয়াৰ বাবে... দুঃখিত কিন্তু কিন্তু মই আশা কৰিছো কি লাল গাদি ৱালো নে আপনি কুৰ্ছি কি পেটি বান্ধ লি থি । #Pathaan আপোনাৰ টিকট বুক কৰক আৰু মই আপোনাক পৰৱৰ্তী সময়ত তাত দেখা পাম..." ৷

পাঠান ছবিখন হৈছে আদিত্য চোপ্ৰাৰ অভিলাষী চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ এটা অংশ আৰু বলীউডৰ নামজ্বলা চুপাৰষ্টাৰ শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহামে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত ডিম্পল কাপাদিয়া আৰু আশুতোষ ৰানায়ো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । 2023 চনৰ 25 জানুৱাৰীত হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব ছবিখন ।

শ্বাহৰুখ খান আন দুখন চলচ্চিত্ৰৰ বাবেও চৰ্চাত আছে । অভিনেতাজনৰ হাতত আছে এটলী কুমাৰৰ দ্বাৰা পৰিচালিত জোৱান আৰু ৰাজকুমাৰ হিৰাণীৰ ডাংকি । দুয়োখন চলচ্চিত্ৰৰে নিৰ্মাণৰ কাম চলি আছে । জোৱান ছবিখন 2 জুনত ডাঙৰ পৰ্দাত মুক্তি পাব ৷ আনহাতে ডাংকি 22 ডিচেম্বৰত চিনেমাগৃহত মুক্তি পোৱাৰ কথা ।

লগতে পঢ়ক : Pathaan box office : মুক্তিৰ পূৰ্বেই ১৫ কোটি টকাৰ টিকট বিক্ৰী 'পাঠান'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.