ETV Bharat / entertainment

‘দ্য আৰ্চিজ’ৰ মুক্তিৰ মাজতে ককা অমিতাভ বচ্চনৰ পৰা অগস্ত্য নন্দাই লাভ কৰিলে শুভেচ্ছা বাৰ্তা

Amitabh Bachchan On Agastya Nanda : আজি মুকলি হ’ল অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দা অভিনীত ছবি দ্য আৰ্চিজ ৷ ছবিখনৰ মুক্তিৰ মাজতে ককা অমিতাভে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি এইদৰে শুভেচ্ছা জনালে অগস্ত্য নন্দাক ৷

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:50 PM IST

Agastya Nanda gets best wishes from Grandfather Amitabh Bachchan amid the release of  The Archies
নাতিক শুভেচ্ছা অমিতাভ বচ্চনৰ

চিটাৰা ডেস্ক, 7 ডিচেম্বৰ: হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাই আজি বলীউডত আত্মপ্ৰকাশ কৰিছে ৷ ‘দ্য আৰ্চিজ’ ছবিখনৰ জৰিয়তে অগস্ত্য নন্দাই আৰম্ভ কৰিছে অভিনয় যাত্ৰা । নেটফ্লিক্সত আজি মুকলি হৈছে ‘দ্য আৰ্চিজ’ । এই ছবিখনক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল ৷ আজি অৱশেষত মুক্তি লাভ কৰিলে ছবিখন ৷ শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হৈছিল এই ছবিখনৰ বিশেষ দৰ্শনী ৷ য’ত উপস্থিত হৈছিল বলীউডৰ বহু তাৰকা ৷

দীৰ্ঘদিন ধৰি অনুৰাগীয়ে অপেক্ষা কৰি আছিল ‘দ্য আৰ্চিছ’ ছবিখন মুক্তিৰ বাবে । এনে পৰিস্থিতিত ‘দ্য আৰ্চিজ’ মুক্তিৰ মাজতে অগস্ত্যৰ ককা অমিতাভ বচ্চনে শুভেচ্ছা জ্ঞাপন কৰিছে নাতিক ৷ বিগ বিয়ে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ।

বিগ বিয়ে অগস্ত্যক জনালে শুভেচ্ছা

অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ পিচত অগস্ত্য নন্দা হৈছে বচ্চন পৰিয়ালৰ তৃতীয় প্ৰজন্ম, যাক হিন্দী চিনেমাৰ অভিনেতা হিচাপে দেখা যাব । আজিৰে পৰা অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পালে অগস্ত্যৰ প্ৰথম ছবি ‘দ্য আৰ্চিজ’। এই সন্দৰ্ভত অমিতাভ বচ্চনে ছ’চিয়েল মিডিয়াত নাতি অগস্ত্যক শুভেচ্ছা জনাইছে ।

বিগ বিয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা শেহতীয়া পোষ্ট শ্বেয়াৰ কৰিছে । অমিতাভ বচ্চন, অভিষেক বচ্চন আৰু অগস্ত্য নন্দাৰ এখন ফটো শ্বেয়াৰ কৰি কেপচনত লিখিছে- ‘‘অগস্ত্য বহুত মৰম তোমালৈ, তুমি Rizz ।' সদায় জিলিকি থাকক । ’’ এইদৰেই অমিতাভে অগস্ত্যক তেওঁৰ প্ৰথমখন চিনেমা 'দ্য আৰ্চিজ' মুক্তিৰ উপলক্ষে শুভেচ্ছা জনাইছে ।

‘দ্য আৰ্চিজ’এ লাভ কৰিলে ভাল সমালোচনা

পৰিচালক জোয়া আখতাৰৰ ‘দ্য আৰ্চিজ’ ছবিখনে ছ’চিয়েল মিডিয়াত অতি ভাল সমালোচনা লাভ কৰিছে । শ্বাহৰুখ খানৰ কন্যা সুহানা খান, বনী কাপুৰৰ কন্যা খুশী কাপুৰ আৰু অগস্ত্য নন্দাৰ দৰে ষ্টাৰ কিডছক লৈ এই ছবিখন নিৰ্মাণ কৰিছে জোয়াই ৷ মুক্তিৰ পিচতে ছবিখনে যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে ।

লগতে পঢ়ক: ভাগিনৰ প্ৰথম ছবিক লৈ আবেগিক হৈ পৰিল মোমায়েক অভিষেক বচ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.