ETV Bharat / entertainment

Adipurush: ছবিগৃহত ফুলেৰে সজাই তোলা হৈছে ভগৱান হনুমানৰ আসন, ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো - ভগৱান হনুমানৰ আসন

আজি ছবিগৃহত মুক্তি লাভ কৰিলে প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি ‘আদিপুৰুষ’ ৷ ছবিখন মুক্তিৰ লগে লগে ছবিগৃহৰ পৰা ভাইৰেল হৈ পৰিছে ভগৱান হনুমানৰ আসনৰ ফটো ৷ ফুলৰ মালাৰে সজাই তোলা হৈছে আসন ৷ চাওক ফটো ৷

Adipurush: First Photo of Hanuman's Seat In Theatres Goes Viral Ahead of Prabhas New Movie Release
ছবিগৃহত সজাই তোলা হ’ল ভগৱান হনুমানৰ আসন
author img

By

Published : Jun 16, 2023, 11:25 AM IST

চিটাৰা ডেস্ক, ১৬ জুন: প্ৰভাস আৰু কৃতি সেননৰ ছবি ‘আদিপুৰুষ’ৰ মুক্তিৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল অনুৰাগীসকলে । এতিয়া অনুৰাগীৰ এই অপেক্ষাৰ অন্ত পৰিল আৰু ছবিখন ১৬ জুনত অৰ্থাৎ আজি ছবিগৃহত মুক্তি পালে আদিপুৰুষ । ছবিখনক লৈ অনুৰাগীসকলৰ উন্মাদনা দেখা পোৱা গৈছে, সেয়াহে নিৰ্মাতাসকলেও আশা কৰিছে যে ছবিখনে বক্স অফিচত অভিলেখ ভংগ কৰিব ।

মুক্তি লাভ কৰিলে আদিপুৰুষ

শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতাসকলে ঘোষণা কৰিছিল যে দেশৰ সকলো ছবিগৃহত ভগৱান হনুমানৰ বাবে এখন আসন সংৰক্ষিত কৰি ৰখা হ’ব । নিৰ্মাতাসকলে বিশ্বাস কৰে যে য’তেই ভগৱান ৰামৰ আগমন হয়, সেই স্থানত হনুমান জী নিশ্চিতভাৱে আবিৰ্ভাৱ হয় । এই বিশ্বাস অনুসৰণ কৰি নিৰ্মাতাসকলে থিয়েটাৰসমূহত ভগৱান হনুমানৰ বাবে এখন আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয় ।

ছবিগৃহত সজাই তোলা হ’ল ভগৱান হনুমানৰ বাবে আসন

ভগৱান হনুমানৰ আসনখন এতিয়া খালী হৈ নাথাকিব, কিয়নো সেই আসনত ভগৱান হনুমানৰ মূৰ্তি বা ছবি ৰখা হ’ব । ছবিখন মুক্তিৰ পূৰ্বে ছবিগৃহৰ স্বত্বাধিকাৰীসকলে ভগৱান হনুমানৰ এখন ছবি শ্বেয়াৰ কৰিছে, যিখন ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছবি

ছ’চিয়েল মিডিয়াক ভাইৰেল হৈ পৰা ছবিখনত ভগৱান হনুমান, ভগৱান ৰাম আৰু মাতৃ সীতাৰ এখন ফ্ৰেমযুক্ত ছবি দেখা পোৱা গৈছে । লগতে ইয়াক ফুল আৰু কেশৰৰ মালাৰে সজাই তোলা হৈছে। এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকল অতি আৱেগিক হৈ পৰে আৰু আদিপুৰুষৰ নিৰ্মাতাসকলক প্ৰশংসা কৰে । তথ্য অনুসৰি দৈনিক প্ৰতিমাটোক সতেজ ফুল আগবঢ়োৱা হ’ব ।

ভগৱান হনুমানৰ কাষৰ আসনখন কিমান মূল্যৰ হ’ব ?

ছবিগৃহৰ স্বত্বাধিকাৰীসকলেও ভগৱান হনুমানৰ প্ৰতি নিজৰ ভক্তি দেখুৱা পৰিলক্ষিত হৈছে । এই আসনৰ কাষৰ আসনৰ বাবে অনুৰাগীয়ে বিপুল পৰিমাণৰ ধন দিব লাগিব বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল বাতৰি ৷ কিন্তু পিচত প্ৰডাকচন হাউচ টি-ছিৰিজে এটা পোষ্টৰ জৰিয়তে জনাইছিল যে এই আসনখন বাকী আসনৰ দৰেই স্বাভাৱিক হ’ব ।

লগতে পঢ়ক: Adipurush: ডেৰ লাখ বিনামূলীয়া টিকট, হনুমানৰ বাবে ছবিগৃহত ১খন আসন বুকিং, আদিপুৰুষৰ বাবে কিমান কামত আহিব এই কৌশল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.