চিটাৰা ডেস্ক, 14 জুন: বিগত কিছুদিন ধৰি ‘জাৰা হাটকে জাৰা বাচকে’ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছিল অভিনেতা বিকি কৌশল । শেহতীয়াকৈ বিকি-ছাৰা ছবিখনৰ প্ৰচাৰৰ বাবে দিল্লীত উপস্থিত হয়, সেই সময়ত বিকিয়ে পাঞ্জাবী গীত ‘অবচেছড’ত নৃত্য প্ৰদৰ্শন কৰে । বিকি কৌশলৰ এই নৃত্যৰ ভিডিঅ’টো ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷
ইয়াৰ পিচত বিকি য’তেই যায় তাতেই অনুৰাগীয়ে তেওঁক ‘অবচেছড’ গীতটোত নৃত্য প্ৰদৰ্শন কৰিবলৈ দাবী উত্থাপন কৰে ৷ সেয়াহে অনুৰাগীৰ অনুৰোধত পুনৰ এবাৰ এই গীতটিত নৃত্য প্ৰদৰ্শন কৰে অভিনেতাগৰাকীয়ে ৷ সেই ভিডিঅ’ও পুনৰবাৰ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে বহু অনুৰাগীয়ে বিকিৰ ষ্টেপ ফ’ল কৰি নৃত্য প্ৰদৰ্শন পোষ্ট কৰে ছ’চিয়েল মিডিয়াত ৷
শেহতীয়াকৈ বিকিৰ এই পাঞ্জাবী গীতটিৰ হোকষ্টেপ ফ’ল’ কৰি এটা ভিডিঅ’ পোষ্ট কৰিছিল জনপ্ৰিয় অভিনেত্ৰী সুকন্য়া বৰুৱাই ৷ ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক বিকিক অনুসৰণ কৰি নৃত্য পৰিৱেশন কৰা দেখা যায় ৷ ভিডিঅ’টোত পোষ্ট কৰি কেপচনত লিখিছে- তেওঁৰ অনুৰাগী হোৱাৰ বাবে @vickykaushal09 #অবছেছড #অবছেছড (নিশ্চয় পিচত ভিডিঅ’টো ডিলিট কৰি দিয়া হ’ব) ৷
অৱশ্যে এই ভিডিঅ’টো পোষ্ট কৰাৰ লগে লগে সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হয় সুকন্য়া বৰুৱা ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে - কপি কৰিলে সকলো ভাল যেন নালাগে.. বিকি কৌশলৰ সৈতে চিৰিয়াছলি । অভাৰ এক্টিং ৷ যদি আপুনি নিজাববীয়াকৈ কিবা এটা কৰিলেহেঁতেন তেন্তে ভাল লাগিলহেঁতেন ৷ আন এজনে লিখিছে- আপুনি কেতিয়াবা অভাৰ এক্টিং কৰে মই সঁচাকৈয়ে অনুভৱ কৰো, কুল হোৱাৰ অভিনয় নকৰিব, আপুনি এনেই ধুনীয়া, কোনো অতিৰিক্ত অভাৰ ষ্টাইল দিয়াৰ প্ৰয়োজন নাই।
সম্প্ৰতি এই ভিডিঅ’টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে - আপোনালোকৰ সকলো মৰম আৰু লগতে সকলোৰে ঘৃণাৰ বাবে মই আচৰিত হৈ পৰিছো ৷ মই ইয়াৰ বাবে একেবাৰেই সাজু নাছিলোঁ। এইটো এটা ৰেণ্ডম ভিডিঅ' আছিল আৰু মজাৰ বাবে তেওঁৰ অনুৰাগী হোৱাৰ বাবহে যিয়েই নহওক কিয়। সকলোকে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে অপৰিসীম মৰম আৰু ঘৃণাও দেখুৱাইছে । মই দেখিবলৈ পাওঁ যে বেছিভাগ মানুহেই নেতিবাচক মন্তব্যৰ বাবে ইজনে সিজনক বেয়া ব্যৱহাৰ কৰিছে , কিন্তু চিল, ই মাত্ৰ এটা ৰিল হে, ইয়াৰ বাহিৰে আন একো সম্পৰ্ক নাই ।’’