চিটাৰা ডেস্ক, ৮ জানুৱাৰী: ‘Krishna Cottage’ খ্যাত অভিনেত্ৰী ঈশা কপ্পিকাৰ সন্দৰ্ভত শেহতীয়াকৈ এটা খবৰ পোৱা গৈছিল ৷ দৰাচলতে বিবাহৰ ১৪ বছৰ পাচত স্বামী টিমি নাৰঙৰ সৈতে ঈশা কপ্পিকাৰৰ বিবাহ বিচ্ছেদ হোৱা বুলি খবৰ পোৱা গৈছিল ৷ এতিয়া আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে ঈশাৰ প্ৰাক্তন স্বামীয়ে । ৯ বছৰীয়া কন্যা ৰিয়ানাৰ সৈতে স্বামীৰ গৃহৰ পৰা অন্য স্থানলৈ শিফ্ট হৈছে অভিনেত্ৰীগৰাকী । শেহতীয়াকৈ টিমিয়ে এটা নিউজ পৰ্টেলত নিজৰ বিবাহ বিচ্ছেদ নিশ্চিত কৰিছিল ।
ঈশাৰ সৈতে বিবাহ বিচ্ছেদ নিশ্চিত কৰিছে টিমি নাৰঙে
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ঈশা কপ্পিকাৰ প্ৰাক্তন স্বামী টিমিয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ কয় । দৰাচলতে তেওঁলোকে বিবাহ বিচ্ছেদৰ কথা ডেৰ বছৰ ধৰি চিন্তা-চৰ্চা কৰি আছিল । টিমিয়ে প্ৰকাশ কৰে যে, “যোৱা বছৰৰ নৱেম্বৰ মাহত বিবাহ বিচ্ছেদ মঞ্জুৰ কৰা হৈছিল আৰু সেয়া আছিল সৌহাৰ্দ্যপূৰ্ণ চৰ্তত । আমাৰ দুয়োগৰাকীয়ে এতিয়া আমাৰ জীৱনত আগবাঢ়ি যাবলৈ স্বাধীন, যিটো সত্য কথা । গতিকে, ইয়াক লৈ কোনো ধৰণৰ খেলিমেলি হ’ব নালাগে ।”
২০০৯ চনত ঈশাই ব্যৱসায়ী টিমি নাৰঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল
টিমিয়ে লগতে শ্বেয়াৰ কৰিছে যে অভিনেত্ৰীগৰাকী তেওঁৰ ঘৰৰ পৰা কন্যাক লৈ ওলাই গৈছে । ঈশা কপ্পিকা আৰু টিমি নাৰঙৰ প্ৰেম কাহিনী কেতিয়া আৰম্ভ হৈছিল ? দুয়ো প্ৰথমে এজন সাধাৰণ বন্ধুৰ জৰিয়তে লগ পাইছিল । ইয়াৰ পাচত লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু ২০০৯ চনত তেওঁলোকৰ বিবাহ হয় । এই দম্পতীৰ এগৰাকী ৯ বছৰীয়া কন্যাও আছে । অৱশ্যে এতিয়া ১৪ বছৰৰ পাচত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটিছে ।
লগতে পঢ়ক: জাভেদ আখতাৰক উভতি ধৰিলে এনিমেলৰ নিৰ্মাতাই, ক’লে-প্ৰেমক লিংগ . . .