ETV Bharat / entertainment

Ameesha Patel: পুনৰ আদালতত উপস্থিত নহ’ল অমিষা পেটেল, আদালতৰ পৰা সময় বিচাৰিলে অধিবক্তাই

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 5:10 PM IST

আজি ৰাঁচী দেৱানী আদালতত অভিনেত্ৰী অমিষা পেটেলৰ সৈতে জড়িত জালিয়াতি আৰু চেক বাউন্স গোচৰৰ শুনানি অনুষ্ঠিত হয় । কিন্তু এই শুনানিত উপস্থিত নাথাকিল অমিষা পেটেল ৷ ইফালে অভিনেত্ৰীগৰাকীৰ অধিবক্তাই আদালতৰ পৰা বিচাৰিলে সময় ।

actress-ameesha-patel-not-appear-in-ranchi-civil-court-in-fraud-and-check-bounce-case
ৰাঁচী দেৱানী আদালতত উপস্থিত নহ’ল অমিষা পেটেল

চিটাৰা ডেস্ক, 16 অক্টোবৰ: চেক বাউন্স আৰু জালিয়াতিৰ গোচৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ৰাঁচীত উপস্থিত নহ’ল অভিনেত্ৰী অমিষা পেটেল । সোমবাৰে ৰাঁচী দেৱানী আদালতত হাজিৰ হোৱাৰ কথা আছিল অভিনেত্ৰীগৰাকীৰ ৷ কিন্তু সোমবাৰে অমিষা পেটেলৰ ঠাইত তেওঁৰ অধিবক্তা এই গোচৰত ন্যায়াধীশ ডি এন শুক্লাৰ আদালতত হাজিৰ হয় । অভিনেত্ৰীগৰাকীৰ অধিবক্তাই আদালতৰ পৰা কিছু সময় দিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও তেওঁৰ দ্বাৰা ৩১১ নং ধাৰাত আবেদনো দাখিল কৰা হয় । ৩১১ নং ধাৰাত অমিষা পেটেলৰ অধিবক্তাই পুনৰবাৰ অভিযোগকাৰীক আদালতত সাক্ষ্য দিবলৈ দাবী জনায় । কিন্তু ইয়াৰ বিৰোধিতা কৰে অভিযোগকাৰীৰ অধিবক্তাই ।

উল্লেখ্য যে অমিষা পেটেলে ইতিমধ্যে দুবাৰকৈ সময় বিচাৰিছে । ইয়াৰ বাবে ন্যায়াধীশ ডি এন শুক্লাৰ আদালতেও অভিনেত্ৰী অমিষা পেটেলৰ বিৰুদ্ধে ৫০০ টকা জৰিমনা বিহিছিল । অভিযোগকাৰী অজয় ​​কুমাৰ সিঙে দেৱানী আদালতত গোচৰ ৰুজু কৰাৰ পিচতে অমিষা পেটেলৰ বিৰুদ্ধে জাৰি কৰা হৈছিল ৱাৰেণ্ট । ইয়াৰ পিচত জুন মাহত শাৰীৰিকভাৱে আদালতত হাজিৰ হৈছিল অমিষা পেটেল । কিন্তু তেতিয়াৰে পৰাই অভিনেত্ৰীগৰাকীয়ে আদালতৰ পৰা অধিক সময় বিচাৰিছে ।

বাৰে বাৰে সময় বিচৰাটো ঠিক নহয় – অধিবক্তা

যোৱা শুনানিৰ সময়ত অভিযোগকাৰী অজয় ​​কুমাৰ সিঙৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল । ইয়াৰ পিচত অমিষা পেটেলে ১৬ অক্টোবৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ কথা আছিল । কিন্তু আদালতত হাজিৰ নহ’ল অমিষা পেটেল । বৰঞ্চ অভিনেত্ৰীগৰাকীৰ ফালৰ পৰা আদালতৰ পৰা বাৰে বাৰে সময় হে বিচাৰি থকা হৈছে ৷ অভিযোগকাৰী অজয় ​​কুমাৰ সিঙৰ অধিবক্তা বিজয়া লক্ষ্মীয়ে কয় যে যিদৰে অহৰহ সময় বিচৰা হৈছে সেয়া সঠিক নহয় । এনে পৰিস্থিতিত আইনৰ দ্বাৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে অভিনেত্ৰী অমিষা পেটেলৰ হৈ বক্তব্য লিপিবদ্ধ কৰিবলৈ বাৰে বাৰে সময় বিচৰাৰ প্ৰক্ৰিয়া বন্ধ হৈ যায় । তেওঁ কয় যে পৰৱৰ্তী তাৰিখ পোৱাৰ পিচতহে সিদ্ধান্ত লোৱা হ’ব যে কেতিয়া অমিষা পেটেল সাক্ষ্যৰ বাবে আহিব ।

সমগ্ৰ ঘটনাটো কি আছিল ?

উল্লেখ্য যে, অভিনেত্ৰী অমিষা পেটেলে দেশী মেজিক ছবি নিৰ্মাণৰ বাবে ৰাঁচীৰ ছবি প্ৰযোজক অজয় ​​কুমাৰ সিঙৰ পৰা ২.৫ কোটি টকা লৈছিল আৰু ছবিখন মুক্তি পোৱাৰ পিচত তেওঁৰ ধন লাভৰ সৈতে ঘূৰাই দিয়া হ’ব বুলি আশ্বাস দিছিল । কিন্তু বহু সময়ৰ পাচতো অজয় ​​কুমাৰ সিঙে নিজৰ ধন উভতাই নাপালে । সেয়েহে, তেওঁ আইনৰ আশ্ৰয় লয় । অজয় কুমাৰ সিঙে অভিযোগ কৰে যে অমিষা পেটেলৰ পৰা ধন বিচৰাৰ সময়ত তেওঁক ভাবুকি দিয়া হয় আৰু টকা উভতাই দিয়া নহ’ব বুলিও কোৱা হয় ৷ অজয় কুমাৰ সিঙে অমিষা পেটেলৰ বিৰুদ্ধে চেক বাউন্সৰো অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: Ameesha Patel New Movie: গদৰ ২ৰ পিচত অমিষাক দেখা যাব ছাচপেন্স-থ্ৰিলাৰ ছবিত, মুকলি হ’ল মিষ্ট্ৰী অৱ টেটুৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.