ETV Bharat / entertainment

Naomi Judd passes away : বিশ্ববৰেণ্য শিল্পী নাওমি জুডৰ বিয়োগ - নাওমি জুডৰ ৭৬ বছৰ বয়সত মৃত্যু

বিশ্ববিশ্ৰুত সংগীত শিল্পী তথা অভিনেত্ৰী নাওমি জুডৰ ৭৬ বছৰ বয়সত মৃত্যু (World Famous Singer Naomi Judd passes away)। দ্য জুডছ খ্যাত সংগীত যুটিৰ অন্যতম শিল্পীগৰাকীৰ মৃত্যু সংগীত জগতত শোকৰ ছাঁ । বিশ্বৰ বহু তাৰকাই আমেৰিকাৰ বিখ্যাত শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

Naomi Judd passes away
বিশ্ববৰেণ্য শিল্পী নাওমি জুডৰ বিয়োগ
author img

By

Published : May 1, 2022, 3:49 PM IST

চিটাৰা ডেস্ক,১ মে': বিশ্বৰ সংগীত জগতত শোকৰ ছাঁ । 'দ্য জুডছ' (The Judds) হিচাপে খ্যাত মাতৃ-কন্যাৰ যুটি আৰু আপোনালোকে শুনিবলৈ নাপাব । ৫ বাৰকৈ গ্ৰেমী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা এই সংগীত যুটিৰ অন্যতম গায়িকা নাওমি জুড আৰু নাই (Grammy award winner Naomi Judd passes away)। শনিবাৰে ৭৬ বছৰ বয়সত মৃত্যু হয় মহান শিল্পীগৰাকীৰ ।

গায়িকা তথা অভিনেত্ৰী নাওমি জুডৰ কন্যা এছলী জুডে টুইটযোগে এই শোকৰ খবৰ জনায় । টুইটত উল্লেখ কৰা মতে মাতৃৰ বিয়োগত দুই ভগ্নী ক্ৰমে এছলী জুড আৰু ৱিনোনা জুড আজি শোকস্তব্ধ । মাতৃক হেৰুৱাই তেওঁলোক আজি মানসিকভাৱে ভাগি পৰিছে ।

উল্লেখ্য যে, নাওমি আৰু তেওঁৰ কন্যা ৱিনোনাই ১৯৮০ ৰ দশকৰ আৰম্ভণিতে পেছাদাৰী হিচাপে একেলগে গান গাবলৈ আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত এই মাতৃ-কন্যাৰ যুটিয়ে "মামা হিজ ক্ৰেজি"(Mama He's Crazy) আৰু "লাভ কেন বিল্ড এ ব্ৰিজ"(Love Can Build a Bridge) কে ধৰি বহুতো গীতেৰে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল । ১৯৮৩ চনত মুক্তি প্ৰাপ্ত তেওঁলোকৰ প্ৰথম একক "হেড এ ড্ৰীম (ফৰ দা হাৰ্ট)" গীতটোৱে বিলবৰ্ড কাণ্ট্ৰী চাৰ্টত ১৭ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

আনকি তেওঁলোকৰ পৰৱৰ্তী একক "মামা হিজ ক্ৰেজি" দেশৰ ৰেডিঅ'ত এক নম্বৰ জনপ্ৰিয় গীত হৈ পৰিছিল । ১৯৮৪ চনত জুডছক তেওঁলোকৰ প্ৰথম গ্ৰেমী সন্মান প্ৰদান কৰা হৈছিল । কাণ্ট্ৰী মিউজিক হল অফ ফেমৰ মতে, সাত বছৰৰ ভিতৰত জুডছে পাঁচটা গ্ৰেমী সন্মান লাভ কৰিছিল আৰু তেওঁলোকৰ গীতে জনপ্ৰিয়ৰ তালিকাত ১৪ আৰু ১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য যে, ১৯৪৬ চনৰ জানুৱাৰী মাহত কেণ্টুকীত নাওমি জুডৰ জন্ম হৈছিল । এই মহান শিল্পীগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পৰিছে । বিশ্বৰ সংগীত তাৰকাসকলে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক :ঋষি কাপুৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী: উভতি চাওঁ আহক অভিনেতাজনৰ বিশেষ কেইখনমান ছবিলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.