বিশ্বনাথ,8 এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটা মান দিন । ৰাজ্যত এতিয়া সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থী ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । ৰাজ্য আন আন সমষ্টিৰ লগতে 9 নং তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুও পিছ পৰি থকা নাই নিৰ্বাচনী প্ৰচাৰত । এতিয়া আকৰ্ষণীয় হৈ পৰিছে তেজপুৰ লোকসভা সমষ্টি । কাৰণ বৰ্তমানৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভানু পূৰ্বৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত ।
এতিয়া বিজেপি বাবে মূৰৰ কামোৰণি হৈ পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু । ভানু এতিয়া তেজপুৰ সমষ্টিৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। কেতিয়াবা চাহ বাগানৰ মাজে মাজে যদি কেতিয়াবা পথচাৰী ৰূপে ভানু । চাহ বাগিচাৰ শ্ৰমিকৰ কাষত গৈ পল্লৱলোচন দাসে 351 টকা পৰা শ্ৰমিক সকলক বঞ্চিত কৰা বুলি প্ৰচাৰ কৰাত এতিয়া পল্লৱলোচনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ভানু । সোমবাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভানুক দেখা গ'ল অন্য ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা । শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ বিশ্বনাথ চহৰ ব্যৱসায় সকলৰ কাষত গৈ ভোট ভিক্ষা মাগে ভানুয়ে ।