ETV Bharat / elections

পিচ দুৱাৰেদি বদৰুদ্দিন আজমলৰ আশীৰ্বাদ বিচাৰিছে হাগ্ৰামাইঃ ইউ জি ব্ৰহ্ম

author img

By

Published : Apr 16, 2019, 11:23 PM IST

চিৰাঙৰ এক নিৰ্বাচনী সভাত বিপিএফ মিত্ৰজোঁটৰ লগতে বৰ্তমানৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰে ইউ জি ব্ৰহ্মই ।

পিচ দুৱাৰেদি বদৰউদ্দিন আজমলৰ আশীৰ্বাদ বিচাৰিছে হাগ্ৰামাইঃ ইউ জি ব্ৰহ্ম

চিৰাঙ, ১৬ এপ্ৰিলঃ চিৰাং জিলাৰ গৰুভাষাৰ জে এচ বি পথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফ সমৰ্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই । কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম ।

বড়োসকলৰ লগতে এনডিএফবিৰ সমস্যা, আলফা সমস্যা, কোব্ৰা মিলিটেন্টৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ কোনো সদিচ্ছা নাই । এইখন চৰকাৰৰ দিনত বিটিএডিত বিধৱা পেঞ্চনৰ নামত দুৰ্নীতি, ৰাস্তা ঘাটৰ নামত দুৰ্নীতি সংঘটিত হৈছে আৰু বিটিএডিৰ বিভিন্ন স্থানত হাগ্ৰামাকে ধৰি চন্দন ব্ৰহ্ম, পানীৰাম ব্ৰহ্মই মাটি কিনিছে আৰু গাড়ীৰ শ্ব' ৰুম বনাইছে । বিটিএডিত বাস কৰা অবড়ো সকলৰ সমস্যা সমাধান কৰাৰ নামটো এইখন চৰকাৰে কোনো সদিচ্ছা দিয়া নাই বুলি উল্লেখ কৰে দলটোৰ এগৰাকী প্ৰবক্তাই ।

পিচ দুৱাৰেদি বদৰউদ্দিন আজমলৰ আশীৰ্বাদ বিচাৰিছে হাগ্ৰামাইঃ ইউ জি ব্ৰহ্ম

আনহাতে উৰ্খাও ব্ৰহ্মই কয় যে, ফকিৰাগ্ৰামৰ সভাত অংশগ্ৰহণ কৰিয়ে হাগ্ৰামাৰ কথাৰ সুৰ সলনি হৈছে । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল আৰু এআইইউডিএফৰ উত্থানত শংকিত হৈ পিচ দুৱাৰেদি বদৰুদ্দিন আজমলৰ আশীৰ্বাদ ল'ব বিচাৰিছে । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মোৰ জয়ী হোৱাৰ সম্ভাৱনা দেখি বহুতেই বহু বিভ্ৰান্তিকৰ মন্তব্য দিয়া পৰিলক্ষিত হৈছে । ইয়াত মোৰ কোনো সমস্যা নহয়, মোৰ বিজয় নিশ্চিত । ব্ৰহ্মই লগতে কয় যে, আক্ৰাছুয়ে নৱ শৰণীয়াক মুকলি সমৰ্থন জনোৱাটো কোনো নতুন কথা নহয় । নৱ শৰণীয়াক আক্ৰাছুয়েই স্পন্সৰ কৰি আছিল । এবিএমএচইউক লৈ মোৰ সন্দেহ আছিল সেইটো আজি স্পষ্ট হৈছে । মই এইবোৰ লৈ মূৰ ঘমোৱা নাই, এআইইউডিএফে সমৰ্থন জনোৱাৰ পিচত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই গোসাইগাঁওত আহি প্ৰায় পঞ্চাশ হেজাৰ লোকৰ উপস্থিতিত ইউপিপিএলক ভোটদানৰ আহ্বান জনাইছে । আজিৰ তাৰিখত মই বহু ওপৰত আছো । বিটিএডিৰ ৰাইজে দুৰ্নীতিত অতিষ্ঠ হৈ পৰিছে । নৱ শৰণীয়াই প্ৰদান কৰা এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে । বিগত পাঁচ বছৰে ৰাইজৰ নামত অহা টকাৰে কেৱল সম্পত্তিৰ পাহাৰ গঢ়িছে ।

পিচ দুৱাৰেদি বদৰউদ্দিন আজমলৰ আশীৰ্বাদ বিচাৰিছে হাগ্ৰামাইঃ ইউ জি ব্ৰহ্ম

সভাত দলটোৰ বহুসংখ্যক নেতা-কৰ্মীৰ লগতে হাজাৰোধিক ৰাইজ উপস্থিত থাকে ।

Intro:হাগ্ৰামা মহিলাৰীয়ে শংকিত হৈ পিচ দুৱাৰেদি বদৰুদ্দিন আজমলৰ আশিৰ্বাদ লব বিচাৰিছে__উৰ্খাউ গৌৰা ব্ৰহ্ম । চিৰাঙৰ নিৰ্ব্বাচনী সভাত এই ঘোষনা ইউপিপিএল প্ৰাৰ্থী জনৰ ।

Body:বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি ইউ পি পি এল আৰু এ আই ইউ ডি এফৰ উত্থানত শংকিত হৈ পিচ দুৱাৰেদি বদৰুদ্দিন আজমলৰ আশীৰ্বাদ লব বিচাৰিছে বুলি কয় ৫ নং কোকৰাঝাৰ লোক সভা সমষ্ঠীৰ ইউ পি পি এল প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মই । চিৰাং জিলাৰ গৰুভাষাৰ জে এচ বি পথাৰত আয়োজিত এক নিৰ্ব্বাচনি সভাত প্ৰাৰ্থী জনে কয় যে নিৰ্ব্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মোৰ জয়ী হোৱাৰ সম্ভাৱনা দেখি বহুতেই বহু বিভ্ৰান্তিকৰ মন্তব্য দিয়া পৰিলক্ষিত হৈছে । ইয়াত মোৰ কোনো সমস্যা নহয় । মোৰ বিজয় নিশ্চিত বুলি কোৱাৰ লগতে প্ৰাৰ্থী জনে আৰু কয় যে আক্ৰাছুয়ে নৱ শৰনীয়াক মুকলি সমৰ্থন জনোৱাটো কোনো নতুন কথা নহয় । নৱ শৰনীয়া আক্ৰাছুয়েই স্পন্সৰ কৰি আছিল । এবি এম এচ ইউক লৈ মোৰ সন্দেহ আছিল সেইটো আজি স্পষ্ট হৈছে । মই এইবোৰ লৈ মুৰ ঘমোৱা নাই । কাৰন এ আই ইউ ডি এফ দলে সমৰ্থন জনোৱাৰ পিচত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই গোসাইগাঁওত আহি প্ৰায় পঞ্চাশ হেজাৰ লোকৰ উপস্থিতিত ইউ পি পি এল দলক ভোটদানৰ আহ্বান জনাইছে । আজিৰ তাৰিখত মই বহু ওপৰত আছো বুলি কয় ইউ পি পি এল প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মই । তেওঁ আৰু কয় যে বদৰুদ্দিন আজমলে মোৰ হৈ প্ৰচাৰ চলোৱাত শংকিত হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সভা সমিতিত কৈ ফুৰিছে যে গোপনে বদৰুদ্দিন আজমল আৰু হাগ্ৰামাৰ সম্পৰ্কৰ কথা । বহু চেষ্টা কৰিও গোপন মিত্ৰতা কৰিব নোৱাৰা হাগ্ৰামা মহিলাৰী আজি পিচ দুৱাৰেদি আশিৰ্বাদ বিচাৰিছে । যদি হাগ্ৰামা মহিলাৰীয়ে বদৰুদ্দিন আজমলৰ আশিৰ্বাদ বিচাৰিছে তেন্তে সন্মুখত আহি বিচাৰিলে ভাল । পিচ পিনৰ পৰা কিয় ভিক্ষা কৰি আছে বুলি প্ৰশ্ন কৰে । এইবোৰ ভূৱা অপপ্ৰচাৰ চলাইছে হাগ্ৰামাই । আচলতে হাগ্ৰামাই বড়ো আৰু সংখ্যালঘুৰ ভোট ৮০ শতাংশ ইউ পি পি দললৈ ঢাপলি মেলা দেখি সম্পুৰ্ণৰূপে শংকিত হৈ আজি বিভ্ৰান্তিৰ সৃষ্টী কৰিব বিচাৰিছে । বিপিএফৰ প্ৰচাৰৰ বাবে মুখ্য মন্ত্ৰী আহে নে প্ৰধান মন্ত্ৰী আহে আহক,যি ঢৌ উঠিছে সেয়া কোনেও সলনি কৰিব নোৱাৰে । কাৰন ৰাইজ আজি বিপিএফৰ দুৰ্নিতিত অতিষ্ট হৈ পৰিছে । নৱ শৰনীয়াকো ৰাইজে যোৱা পাঁচটা বছৰত চিনি পাইছে । যিবোৰ প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও কাৰ্য্যকৰি কৰিব পৰা নাই । বিপিএফে কোনো ধৰনৰ উন্নয়ন কৰিব পৰা নাই বুলি কোৱাৰ লগতে কয় যে ৰাজ্য চৰকাৰৰ আঁচনি সমুহৰ বাদে অইন কোনো আঁচনিয়েই নাই বিপিএফৰ বুলি কয় ইউ পি পি এল প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মই ।

বাইট : উৰ্খাউ গৌৰা ব্ৰহ্ম, কোকৰাঝাৰ লোক সভা সমষ্ঠীৰ ইউ পি পি এল প্ৰাৰ্থী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Conclusion:বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি ইউ পি পি এল আৰু এ আই ইউ ডি এফৰ উত্থানত শংকিত হৈ পিচ দুৱাৰেদি বদৰুদ্দিন আজমলৰ আশীৰ্বাদ লব বিচাৰিছে বুলি কয় ৫ নং কোকৰাঝাৰ লোক সভা সমষ্ঠীৰ ইউ পি পি এল প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মই ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.