ধুবুৰী, 20 এপ্ৰিলঃ ৷ 23 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণকলৈ তৎপৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন। ধুবুৰী লোকসভা সমষ্টিৰ দহটা বিধানসভা সমষ্টিৰ মুঠ 2450 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ধুবুৰী লোকসভাৰ মুঠ ভোটাৰ হৈছে 18 লাখ 45 হাজাৰ 226 গৰাকী। ইয়াৰ বিপৰীতে মুঠ প্ৰাৰ্থী হৈছে মুঠ 15 গৰাকী ।
জিলা উপায়ুক্ত অনান্তলাল জ্ঞানীয়ে জনোৱা মতে ভোটগ্ৰহণকলৈ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ শান্তি-শৃংখলাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে প্ৰশাসনে ৷