ধুবুৰী, 18 এপ্ৰিলঃ ধুবুৰী লোকসভা সমষ্টিত দুখনকৈ সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মানকাছাৰ আৰু গোলকগঞ্জত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা ৷ বিগত ষাঠিটা বছৰে কংগ্ৰেছে গুৰুত্ব নিদিয়া ধুবুৰীক নৰেন্দ্ৰ মোডী চৰকাৰে বহু গুৰুত্ব দিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আগন্তুক দিনত আধুনিক ভাৰত আৰু বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত ধুবুৰীয়ে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মানকাচৰৰ পিচতেই ধুবুৰীৰ গোলকগঞ্জৰ কাচখানা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হোৱা মিত্ৰ দলৰ নিৰ্বাচনী সভাত অংশ লৈ নিজৰ ভাষণত কৃষি বিভাগটোৰ ক্ষেত্ৰত ধুবুৰীক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে অতুল বৰাই৷