ETV Bharat / elections

আব্দুল খালেক অপসংস্কৃতিৰ বাহকঃ কুমাৰ দীপক দাস

author img

By

Published : Apr 10, 2019, 6:38 PM IST

বৰপেটাৰ সনাকুছিত এক মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেকক তীব্ৰ সমালোচনা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে

কুমাৰ দীপক দাস

বৰপেটা, 10 এপ্ৰিলঃ বৰপেটাৰ সনকুছি কলনীত এক মন্দিৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে ৷ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অঞ্চলৰ ৰাইজৰ একতাৰ কথা উল্লেখ কৰে ৷

কুমাৰ দীপক দাস

আনহাতে মন্দিৰ উদ্বোধনৰ পিচতেই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেকৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে দীপক দাস ৷ আব্দুল খালেকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, আব্দুল খালেক অপসংস্কৃতিৰ বাহক ৷ তেওঁ কামে কাজে অপসংস্কৃতি বহন কৰি আহিছে ৷ সনকুছি অঞ্চলৰ স্থানীয় ৰাইজক অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা লিখিবলৈ প্ৰৰোচিত কৰি আহিছে ৷ এন আৰ চি বিৰোধী আব্দুল খালেকে কংগ্ৰেছ চৰকাৰৰ দিনত গুলীয়াই মানুহ মৰাৰ সময়তে ইয়াৰ নেতা আছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই আব্দুল খালেকৰ ৷ অসমীয়া, বাঙালী, হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰি আহিছে আব্দুল খালেকে ৷

Slug:    A_BAR_10APR_809TO811_AGP_CANDIDATE_KUMAR_DIPAK_DAS_VIS+BITE+PHOTO_BAPKAN_DAS                       

বৰপেটাৰ কং প্ৰাৰ্থী খালেকৰ বিৰুদ্ধে তীব্ৰ বাক্যবান অগপৰ কুমাৰ দীপক দাসৰ ৷

বৰপেটা, ১০ এপ্ৰিলঃ
বৰপেটাৰ সনকুছি কল'নীৰ বাঙালী সমাজৰ দূৰ্গা মন্দিৰ উদ্ধোধনী অনুষ্ঠানত আজি অংশগ্ৰহন কৰে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহন কৰি কুমাৰ দীপক দাসে এই অঞ্চলৰ অসমীয়া-বাঙালী, হিনিদু, মুছলমান সকলে একতাৰে বাস কৰি থকাৰ কথা উল্লেখ কৰে ৷ আনহাতে সাংবাদিকৰ আগত  বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ বিৰুদ্ধে বাক্যবান নিক্ষেপ কৰে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ কুমাৰ দীপক দাসৰ অভিযোগ-বৰপেটাৰ কং প্ৰাৰ্থী আব্দুল খালেক অপসংস্কৃতিৰ বাহক ৷ তেওৰ কাম-কাজে অপসংস্কৃতি বহন কৰি আছে ৷ আব্দুল খালেকক অসমীয়া ভাষাৰ বিৰোধী বুলিও মন্তব্য কৰে কুমাৰ দীপক দাসে ৷ খালেকে ইয়াৰ মানুহক অসমীয়া মাতৃভাষাৰ পৰিৱৰ্তে বাংলা ভাষা লিখিবলৈ প্ৰৰোচিত কৰি আহিছে ৷ আব্দুল খালেকক এনআৰচিৰ বিৰোধী বুলিও আক্ৰমন বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ ৷ কং চৰকাৰৰ দিনত মানুহক গুলিয়াই মাৰি এনআৰচিৰ কাম বন্ধ কৰাৰ সময়ত খালেক ইয়াৰ নেতা আছিল বুলিও মন্তব্য কৰে ৷ আনহাতে কেব বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই খালেকৰ ৷ সংসদত কংগ্ৰেছে কৰা নাই কেবৰ বিৰোধিতা ৷ লোকসভাত কেব'ৰ সপক্ষে কংগ্ৰেছে  বক্তব্য ৰাখিছিল বুলিও  অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে  ৷ অসমীয়া বাঙালী ,হিন্মুছলমানৰ মাজত বিভেদৰ ৰাজনীতি কৰে বুলিও  আব্দুল খালেকক সমালোচনা কৰে দীপক দাসে ৷

বাইটঃ কুমাৰ দীপক দাস ৷
--- বাপকন দাস, বৰপেটা 
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.