নিউজ ডেক্স,২৩ এপ্ৰিলঃএইবাৰ অভিনয় নহয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধমৰ্মে শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীসকলৰ বাবে পৰিৱেশন কৰিছে ৰেপ সংগীত । লোকসভা নিৰ্বাচনৰ বাবে সকলো ভোটাৰকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে ৰেপ সংগীতটোৰ জৰিয়তে ।
উল্লেখ্য যে, মাৰ্চ মাহতে প্ৰধানমন্ত্ৰী মোডীয়ে বহু কেইগৰাকী বলিউড তাৰকাৰ প্ৰতি এই অনুৰোধ ৰাখিছিল যাতে সকলোৱে নিজৰ অনুৰাগীসকলক ভোটদানৰ বাবে এনেদৰে বিশেষ ধৰণেৰে অনুৰোধ কৰে । তেওঁৰ উদ্দেশ্য আছিল এই বৰ্ষত সাধাৰণ নিৰ্বাচনত ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰা । সেই অনুৰোধ ৰক্ষা কৰিয়েই শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে ভোটাৰক সকলক আকৰ্ষণ কৰিবৰ বাবে ৰেপ সংগীত পৰিৱেশন কৰে ।