নলবাৰী,8 ফেব্ৰুৱাৰী : নলবাৰীৰ বৰক্ষেত্ৰীৰ লোহাৰকাটাত সোমবাৰে অনুষ্ঠিত হয় বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ বিজেপিৰ 100+ মিচনৰ লক্ষ্যৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে শাসকীয় দলটোৱে ।
বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক চফিউৰ ৰহমান চৌধুৰীয়ে আঁত ধৰা সভাখনত উপস্থিত থাকে 5 সহস্ৰাধিক লোক । সংখ্যালঘু প্ৰধান বৰক্ষেত্ৰী সমষ্টিত অনুষ্ঠিত হোৱা বিজেপিৰ এই সভাখনে বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷
সভাত অসংখ্য ৰাইজৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বৰক্ষেত্ৰীত বিজেপি দল জয়ী হ’ব, সেয়া একপ্ৰকাৰ নিশ্চিত বুলি উল্লেখ কৰে বিধায়ক নাৰায়ণ ডেকাই । সংখ্যালঘু ৰাইজে বিজেপি দলক আঁকোৱালি লৈছে, সেয়েহে এই সভাখনত অসংখ্য সংখ্যালঘু ৰাইজৰ আগমন ঘটিছে বুলিও তেওঁ মন্তব্য কৰে ।
বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি মোহন কলিতাই উদ্দেশ্য বাখ্যা কৰা পৃষ্ঠা প্ৰমুখ সভাখনত উপস্থিত থাকে ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাস, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নয়ন তালুকদাৰকে ধৰি বিজেপিৰ কেইবাগৰাকীওন্ন বিষয়ববীয়া ৷
লগতে পঢ়ক : নিযুক্তিৰ পৰা বঞ্চিত ৰাভা হাছঙৰ 550 গৰাকী শিক্ষক