ETV Bharat / crime

ধুবুৰীত ড্ৰাগছ সহ দুজনক আটক - ড্ৰাগছৰ সৰবৰাহকাৰী

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ । ব্ৰাউন চুগাৰ, কণ্টেইনাৰৰ লগতে বিভিন্ন সামগ্ৰী সহ দুজনক গ্ৰেপ্তাৰ । শীঘ্ৰেই ধুবুৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা ড্ৰাগছ মাফিয়া ৷

two-arrested-dhuburi-with-drugs
ধুবুৰীত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ
author img

By

Published : Jun 2, 2021, 10:50 PM IST

ধুবুৰী, 2 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । বুধবাৰে ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চলৰ ইছলাম নগৰত অভিযান চলাই ব্ৰাউন চুগাৰ, কণ্টেইনাৰ, হোকা, কফ চিৰাফ আৰু বিভিন্ন ড্ৰাগছ জাতীয় সামগ্ৰী সহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

অভিযোগ অনুসৰি ইছলাম নগৰ অঞ্চলত ড্ৰাগছৰ সৰবৰাহকাৰী আৰু ড্ৰাগছ মাফিয়াৰ আড্ডা চলি আছিল । তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলাই মিৰ চেলিম আৰু ছোহেল শেখৰ নামৰ দুজনক আটক কৰে ৷ ধৃত মিৰ চেলিম আৰু ছোহেল শেখৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷

ধুবুৰীত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ

ইপিনে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা বুলি উল্লেখ কৰি শীঘ্ৰেই বহু কেইজন ড্ৰাগছ মাফিয়া ধুবুৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰে ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জিৰাণী শৰ্মাই ।

লগতে পঢ়ক : শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত কি ক'লে জিএমচিএইচৰ অধ্যক্ষই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.