ETV Bharat / crime

নিজ খুৰাকে অপহৰণৰ চেষ্টা চলালে ভতিজাকক

author img

By

Published : Jun 12, 2021, 10:42 PM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱত শিশু অপহৰণকাৰী আটক ৷ অপহৰণকাৰীক আটক কৰি উত্তম মধ্যম সোধাই ৰাইজে ৷

three-child-kidnappers-arrested-in-guniyalguri-kalgasia
কলগাছিয়াৰ গুণিয়ালগুৰিত শিশু অপহৰণকাৰী আটক

জনীয়া, 12 জুন : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱৰ আব্বাছ আলীৰ ঘৰৰ পৰা আফলুজা খাতুনৰ দুই বছৰীয়া পুত্ৰ আল আমিন ইছলাম (2)ক বঙাইগাঁও জিলাৰ ছালাবিলা ভাণ্ডাৰা গাঁৱৰ ইনজামুল হকে মোস্তাফিজৰ ৰহমান আৰু জেকিবুৰ ৰহমান নামৰ দুগৰাকী ভাড়াতীয়া গুণ্ডাক লৈ AS 15 G 6764 নম্বৰৰ এখন হুণ্ডাই ইয়ন বাহনেৰে অপহৰণ কৰি লৈ যাবলৈ চেষ্টা চলোৱাত ৰাইজে আটক কৰে ।

জানিব পৰা মতে অপহৰণকাৰীজন শিশুটিৰ নিজৰে খুৰা হয় যদিও পৰিয়ালৰ অমতত বলপূৰ্বকভাৱে শিশুটিক লৈ যাবলৈ চেষ্টা কৰাত এক ৰহস্যৰ সৃষ্টি হৈছে । আনহাতে অপহৰণকাৰী ইনজামুল হকে ইণ্ডিয়ান আৰ্মীত চাকৰি কৰে যদিও চুটিলৈ ঘৰত আহিছিল । যুৱকজনে AS15L 8972 নম্বৰৰ টি ভি এছ আপাচি বাইক এখনো লৈ আহে ঘৰখনলৈ ।

উল্লেখযোগ্য যে, গুনিয়ালগুৰিৰ আব্বাছ আলীৰ কন্যা আফলুজা খাতুনৰ বঙাইগাঁও জিলাৰ ছালাবিলা ভাণ্ডাৰাৰ খাইৰুল ইছলামৰ লগত বিয়া হৈছিল । কিন্তু কিছুদিন পূৰ্বে আফলুজা খাতুনে পুত্ৰ সহ গুনিয়ালগুৰিৰ মাকৰ ঘৰলৈ আহে যদিও আজি আফলুজা খাতুনৰ দেৱৰেক ইনজামুল হকে আফলুজা খাতুনৰ মাকৰ ঘৰত আহি শিশুটিক অপহৰণ কৰি লৈ যাবলৈ চেষ্টা কৰে । ৰাইজে অপহৰণকাৰীক আটক কৰি উত্তম মাধ্যম সোধায় ।

লগতে পঢ়ক : মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.