ETV Bharat / crime

হত্যাৰ গোচৰত অভিযুক্ত বেংক মেনেজাৰ: বাক্সাত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী - উত্তৰ প্ৰদেশ

বাক্সাৰ বৰমাস্থিত পাঞ্জাৱ নেছনেল বেংক (Punjab National Bank)ৰ মেনেজাৰ অভিযুক্ত হত্যাৰ গোচৰত গ্ৰেপ্তাৰ (Arrest) ৷ উত্তৰ প্ৰদেশ (Uttar Pradesh Police) আৰক্ষীয়ে বাক্সা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে বেংক বিষয়াগৰাকীক ৷

PNB manager arrested By Police in Baksha District
হত্যাৰ গোচৰত গ্ৰেপ্তাৰ বেংক মেনেজাৰ
author img

By

Published : Jul 16, 2021, 12:20 PM IST

বাক্সা,16 জুলাই : এক হত্যাকাণ্ডৰ সৈত জড়িত থকাৰ অপৰাধত বৃহস্পতিবাৰে বাক্সা জিলা (Baksha District)ৰ বৰমাৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে (Uttar Pradesh Police) গ্ৰেপ্তাৰ কৰে বাক্সাৰ বৰমাস্থিত পঞ্জাৱ নেচনেল বেংকৰ (Punjab National Bank) শাখাটোৰ প্ৰাক্তন পৰিচালকক ৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ ৰিচমপাল সিং নামৰ লোকজনে 'ভাৰতীয় সেনা'ৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি বাক্সা জিলাৰ বৰমাৰ পঞ্জাৱ নেচনেল বেংকৰ শাখা পৰিচালক হিচাপে যোগদান কৰিছিল ৷ উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ খুৰ্জা নগৰৰ এগৰাকী মহিলা ৰশ্মী সিং আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ বিনোদ সিঙক নিজগৃহত হত্যা কৰি বাহিৰৰ পৰা দৰ্জাত তলা লগাই থোৱাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী শাখা পৰিচালকৰ বিৰুদ্ধে ৷

হত্যাৰ গোচৰত গ্ৰেপ্তাৰ বেংক মেনেজাৰ

হত্যাকাণ্ড সংঘটিত হোৱাৰ কিছুদিন পাচত হত্যাকাণ্ডৰ ঘটনাটো পোহৰলৈ অহাত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত উত্তৰ প্ৰদেশ আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ উল্লেখ্য যে, বৰমাস্থিত পঞ্জাৱ নেচনেল বেংকৰ শাখা পৰিচালক ৰিচমপাল সিঙৰ সৈতে মৃত মহিলাগৰাকীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ লগতে বেংক বিষয়াগৰাকী হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা বুলি সাংবাদিকৰ আগত জানিব দিয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে (UP Police) ৷

বৃহস্পতিবাৰে, উত্তৰ প্ৰদেশৰ খুৰজা নগৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল বাক্সা জিলাৰ বৰমাত উপস্থিত হয় ৷ অসম আৰক্ষীৰ (Assam Police) সহযোগত বৰমাৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত বেংক বিষয়াজনক ৷ ইফালে উত্তৰ প্ৰদেশৰ খুৰজা থানাত ৰুজু হৈ থকা ৮৪৮/২১ নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ নং (IPC section 302) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি বেংক বিষয়া ৰিচমলপাল সিঙক নিলম্বিত কৰিছে ৷

ইতিমধ্যে বৰমাৰ পৰা উত্তৰপ্ৰদেশ অভিমুখে ৰাওনা হৈছে উত্তৰপ্ৰদেশ আৰক্ষী আৰু নিলম্বিত বেংক বিষয়া ৰিচমপাল সিং ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক-বিশ্বনাথত সান্ধ্য আইন ভংগ কৰাৰ অপৰাধত গেলামালৰ দোকান ছীল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.